Menstrual Awareness Workshop: বৰপেটাত ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সাৱধানতা সম্পৰ্কীয় সজাগতা শিবিৰ

By

Published : Feb 22, 2023, 7:41 PM IST

thumbnail

বৰপেটা, ২২ ফেব্ৰুৱাৰী: ঋতুস্ৰাৱ নাৰীৰ এক স্বাভাৱিক দৈহিক প্ৰক্ৰিয়া ৷ ঋতুস্ৰাৱৰ সময়ত ল’ব লগা পৰিস্কাৰ পৰিচ্ছন্নতাৰ সজাগতাৰ অভাৱত প্ৰায়ে বিভিন্ন ৰোগৰ সন্মুখীন হ’বলগীয়া হয় কিশোৰী, যুৱতীসকল ৷ আনকি ঋতুস্ৰাৱ হোৱা কিশোৰী যুৱতীসকলৰ মাজত অসাৱধানতাৰ ফলতে এনিমিয়া ৰোগৰো সন্মুখীন হ’বলগীয়া হয় ৷

সাম্প্ৰতিক সময়ত শিক্ষাৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক বিকাশৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সাৱধানতাৰ বিষয়ে ছাত্ৰীসকলক সজাগ কৰাৰ বাবে সমগ্ৰ শিক্ষা অভিযানে বিশেষ আঁচনি গ্ৰহন কৰিছে ৷  

উক্ত আঁচনি অনুসৰি মঙলবাৰে বৰপেটাত সমগ্ৰ শিক্ষাৰ উদ্যোগত ঋতুস্ৰাৱৰ সময়ত লব লগা পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে কিশোৰীসকলক সজাগৰ লক্ষ্যৰে বৰপেটাৰ তিনিটা শিক্ষা খণ্ডৰ অধীনৰ ২৬৪ গৰাকী শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰতিখন বিদ্যালয়ৰ পৰা অহা নোডেল শিক্ষকসকলে নিজ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰীসকলৰ মাজত ঋতুস্ৰাৱৰ সময়ত লব লগা যতন আৰু সাৱধানতা বিষয়ে সজাগতাৰ প্ৰয়াস চলাব ৷ ঋতুস্ৰাৱ কোনো লাজ কৰিবলগীয়া বিষয় নহয় আৰু এয়া যে, স্বাভাৱিক প্ৰক্ৰিয়া সেই সম্পৰ্কেও সজাগতাৰ বাবে প্ৰয়াস চলোৱা হ’ব ৷  

ঋতুস্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সন্দৰ্ভত বুধবাৰে বৰপেটা জিলাৰ তৰুণৰাম ফুকন হলত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতাশ্ৰী লাচিত আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা লখিমী দত্তই এক এদিনীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে (Menstrual Awareness Workshop) ৷  প্ৰশিক্ষণ শিবিৰত বিভিন্ন স্থানীয় লোকে অংশ লোৱাৰ লগতে কিশোৰীসকল উপস্থিত থাকে ৷ এই প্ৰশিক্ষণ শিবিৰত ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সাৱধানতা সম্পৰ্কে আলোকপাত কৰে আৰু এইক্ষেত্ৰত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও বিষয়া দুগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে ভাৰতত প্ৰতি বছৰে ঋতুস্ৰাৱৰ সময়ত পৰিস্কাৰ পৰিচ্ছন্নতা অৱলম্বন নকৰাৰ বাবে প্ৰায় সহস্ৰাধিক মহিলা কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও মৃত্যুক সাৱটি লোৱাৰ তথ্য পোহৰলৈ আহিছে (poor menstrual hygiene)৷  

লগতে পঢ়ক: Pollution in Guwahati: বিষাক্ত বতাহ; গুৱাহাটীত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.