ETV Bharat / state

আৰক্ষীৰ কটকটীয়া নিৰাপত্তা; তাৰ মাজতেই হৰিণা বধ কৰি জুতি লোৱাৰ চেষ্টা একাংশৰ - DEER MEAT SEIZED

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল এটি হৰিণা । ইয়াৰ পিচতেই বধ কৰিলে জীৱশ্ৰেষ্ঠই ।

Deer meat smuggling
নামৰূপত হৰিণাৰ মাংস উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 8:56 PM IST

মৰাণ: ৰাজ্য়ত হৰিণাৰ মাংস খোৱা লোকসকলৰ বিৰুদ্ধে আৰক্ষীৰ লগতে বন বিভাগে কঠোৰ পদক্ষেপ লৈছে । সময়ে সময়ে বন বিভাগৰ অভিযানত হৰিণা বধকাৰী আৰু মাংস খোৱা লোক গ্ৰেপ্তাৰ হৈছে যদিও একাংশ লোকে এনে অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে । ইয়াৰ মাজতেই গণৰাজ্য় দিৱসৰ পূৰ্বে বন বিভাগে আটক কৰিলে দুগৰাকী লোকক ।

গণৰাজ্য দিৱসক উদযাপনৰ বাবে শনিবাৰে আৰক্ষী প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলায় । কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ যাতে নহয় তাৰ বাবেই আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলে । বিশেষকৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা বাবে আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰাৰ মাজতেই শনিবাৰে সন্ধিয়া নামৰূপত উদ্ধাৰ হয় হৰিণাৰ মাংস । নামৰূপৰ বন বিভাগৰ এক অভিযানত উদ্ধাৰ হয় এই হৰিণাৰ মাংস ।

নামৰূপত হৰিণাৰ মাংস উদ্ধাৰ (ETV Bharat Assam)

এই অভিযানত বন বিভাগে এগৰাকী মহিলা আৰু এজন পুৰুষক আটক কৰে । জানিব পৰা মতে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হৰিণা পহু এটা ধৰি বধ কৰি খোৱাৰ বাবে প্ৰস্তুতি চলাইছিল । এই খবৰ লাভ কৰাৰ পাছতে তৎপৰ হয় বন বিভাগ । লগে লগে আৰম্ভ কৰে অভিযান ।

বন বিভাগৰ বিষয়াই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত কয়, "গোপন সূত্ৰৰ পৰা জানিব পাৰিলো যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা পহু হত্যা কৰি কিছুমান লোকে ভাগ কৰি খাইছে । সেই খবৰৰ পাছতে আমি অভিযান চলায় মাংস ৰান্ধি থকা অৱস্থাত এজনক কৰায়ত্ত কৰো । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আন এঘৰত অভিযান চলাই কেঁচা মাংস উদ্ধাৰ কৰাৰ লগতে ঘৰটোৰ গৰাকীক নাপাই তেওঁৰ পত্নীক আটক কৰি নিজৰ জিম্মাত লৈছো । ঘটনাক লৈ আমি তদন্ত আৰম্ভ কৰিছো । এই ঘটনা লগত জড়িত থকাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ।"

লগতে পঢ়ক:সম্প্ৰতি কাজিৰঙাত হাহাকাৰ; বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন - Poaching deer meat - POACHING DEER MEAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.