হায়দৰাবাদ : ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আহমেদাবাদৰ কনচাৰ্টৰ জৰিয়তে ভাৰতক বিশেষ উপহাৰ দিলে কল্ডপ্লেৰ ফ্ৰণ্টমেন ক্ৰীছ মাৰ্টিনে । তেওঁ গণৰাজ্য দিৱস উপলক্ষে ‘বন্দে মাতৰম’ আৰু ‘মা তুঝে ছালাম’ গান দুটি ভাৰতবাসীলৈ উৎসৰ্গা কৰে । তেওঁৰ গীত পৰিৱেশনে নিমিষতে সমগ্ৰ দৰ্শকক কৰি তোলে মন্ত্ৰমুগ্ধ ৷ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু প্ৰচণ্ড উল্লাসেৰে অগণন দৰ্শকে সঁহাৰি জনাই শিল্পীগৰাকীক ।
২৬ জানুৱাৰী, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ক্ৰীছ মাৰ্টিন আৰু তেওঁৰ বেণ্ডৰ সংগীসকলে এক চমৎকাৰ প্ৰদৰ্শন আগবঢ়ায় । সংগীতানুষ্ঠানৰ মাজতে ক্ৰীছে উচ্চশক্তিৰ গানেৰে অনায়াসে পৰিৱেশ সলনি কৰে ।
তেওঁ সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে 'ভাৰত মাতৃক অভিবাদন' জনাই সংগীতানুষ্ঠানটো সমাপ্ত কৰে । সংগীতানুষ্ঠানৰ সময়ত আন এক বিশেষ মুহূৰ্তত ক্ৰীছে ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহলৈ বুলি এটা সুন্দৰ গান উৎসৰ্গা কৰে ।
মাৰ্টিনে ধেমেলীয়াকৈ কয় যে বুমৰাহে তেওঁৰ দ্ৰুত বলিঙেৰে ইংলিছ বেটিং লাইনআপ ধ্বংস কৰাটো তেওঁ পছন্দ নকৰে । ডিজনী+হটষ্টাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা ভিডিঅ'টোত কল্ডপ্লেৰ ফ্ৰণ্টমেন ক্ৰীছক 'অ যশপ্ৰীত বুমৰাহ, মাই বিউটিফুল ব্ৰাদাৰ...' গানটো গাই থকা দেখা গৈছে ।
দেওবাৰৰ অনুষ্ঠানটো ডিজনী+ হটষ্টাৰত পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছিল । ক্ৰীছ মাৰ্টিনে তেওঁৰ অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা আৰু মৰম প্ৰকাশ কৰি সংগীতানুষ্ঠানটো সমাপ্ত কৰে । ইয়াৰ আগতে ভাৰতীয় গায়ক জছলীন ৰয়েলে কল্ডপ্লেৰ ফ্ৰণ্টমেন ক্ৰীছ মাৰ্টিনৰ সৈতে একত্ৰিত হৈ বেণ্ডটোৰ নতুন এলবাম মুন মিউজিকৰ পৰা "উই প্ৰে" ট্ৰেকটোৰ এক হৃদয়স্পৰ্শী অংশ পৰিৱেশন কৰে ।
মুম্বাইত কনচাৰ্টৰ সময়ত শ্বাহৰুখ খানকো বিশেষ ধন্যবাদ জ্ঞাপন কৰে ক্ৰীছে । কল্ডপ্লেৰ ভাৰত ভ্ৰমণ ১৯ আৰু ২১ জানুৱাৰীত মুম্বাইত আছিল আৰু ইয়াৰ পিছত ২৫ আৰু ২৬ জানুৱাৰীত আহমেদাবাদত দুটা শ্ব’ অনুষ্ঠিত হয় ।
লগতে পঢ়ক : অন্তঃসত্বা অৱস্থাতো কাম অব্যাহত ৰখা অভিনেত্ৰী