ETV Bharat / state

চোৰাং চিকাৰী প্ৰতিৰোধৰ কৰিবলৈ কাজিৰঙাত স্নিফাৰ ডগৰ কুচকাৱাজ - SNIFFER DOG TRAINING

বন্যপ্ৰাণী নিচেই ওচৰৰ পৰা দেখা পাই আপ্লুত হয় পৰ্যটক । কিন্তু ইয়াৰ মাজতেই চোৰাং চিকাৰীয়ে খাপপিটি থাকে কাজিৰঙাত ।

Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্নিফাৰ ডগৰ প্ৰশিক্ষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 10:42 PM IST

কাজিৰঙা : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আশ্ৰয় লৈ আছে এটা খৰ্গ থকা গঁড়, ঢেকীয়াপতীয়া বাঘ,হাতী,ম’হ, দলহৰিণৰ লগতে বিভিন্ন সৰীসৃপ আৰু জলচৰ প্ৰাণীয়ে । পৰ্যটনথলী হিচাপে বিশ্ব মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা কাজিৰঙালৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী নিচেই ওচৰৰ পৰা দেখা পাই আপ্লুত হয় পৰ্যটকসকল ৷ কিন্তু ইয়াৰ মাজতেই কাজিৰঙাত আতংকৰ সৃষ্টি কৰে চোৰাং চিকাৰীয়ে ৷

চোৰাং চিকাৰী ৰোধিবলৈ চৰকাৰে আৰক্ষী-বন বিভাগৰ লোকক সষ্টম কৰাৰ লগতে নিয়োজিত কৰিছে স্নিফাৰ কুকুৰ ৷ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এই স্নিফাৰ কুকুৰবোৰে চিকাৰীৰ সন্ধান উলিওৱাত সক্ষম হয় ৷ এইবাৰ কাজিৰঙাত চলিল ডগ স্কোৱাডৰ কুচকাৱাজ ৷ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত অনুশীলনৰ লগতে কুচকাৱাজ প্ৰদৰ্শন কৰিলে কৰিণা, চুফি, লিয়ন,জুবি আৰু অগ্নি নামৰ চাৰিটকৈ স্নীফাৰ কুকুৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্নিফাৰ ডগৰ প্ৰশিক্ষণ (ETV Bharat Assam)

এই সন্দৰ্ভত কেএনপি এণ্ড টিআৰৰ ক্ষেত্ৰ সঞ্চালক ডাঃ সোণালী ঘোষে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানকৈ K-9 স্নিফাৰ কুকুৰে সেৱা আগবঢ়াই আছে । এই কুকুৰ স্কোৱাডক বিশেষকৈ দুই ধৰণেৰে ব্যৱহাৰ কৰা হয় । ইয়াৰে এটা হৈছে চোৰাং চিকাৰীক চিনাক্ত কৰি বিচৰা আৰু আনটো হৈছে বন্যপ্ৰাণীৰ চিকাৰীয়ে ব্যৱহাৰ কৰা বা লুকুৱাই থোৱা বন্দুক-গুলীৰ দৰে সামগ্ৰীবোৰ বিচাৰি উলিওৱা । সেইবাবে এই কুকুৰবোৰক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই কুকুৰ স্কোৱাড সমূহৰ ভিতৰত কৰিণা আটাইতকৈ ডাঙৰ কুকুৰ স্কোৱাড । ইয়াৰ উপৰি ছফি, জুবি আৰু লিয়ন নামৰ কুকুৰ কেইটাক স্কোৱাড প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।"

ইপিনে আৰণ্যকৰ পৰা সৈন্য কুকুৰৰ বাবে এটা স্বাস্থ্য় শিবিৰৰ লগতে প্ৰশিক্ষণ প্ৰদানৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । আৰণ্যকত বৰ্তমান ১১ টা সৈন্য কুকুৰ আছে । ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩টা সৈন্য কুকুৰ আছে । এই সৈন্য কুকুৰ কেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি থকা চোৰাং চিকাৰীৰ কু-দৃষ্টি আৰু আতংক নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে । "

আৰণ্যকৰ বিষয়া আৰিফ হুছেইনে এই সন্দৰ্ভত কয়," চোৰাং চিকাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত কুকুৰ স্কোৱাডৰ এক বিশেষ অৰিহণা আছে । বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কুকুৰ স্কোৱাডৰ সংখ্যা অলপ বঢ়াই ৪টা কুকুৰ স্কোৱাড কৰা হৈছে। অসমত গড় থকা যিসমূহ বনাঞ্চল আছে আৰণ্যকৰ ফালৰ পৰা কুকুৰ স্কোৱাড সেৱা প্ৰদান কৰি আছে । "

তেওঁ পুনৰ কয়, "এই বনাঞ্চলবোৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আদিত কুকুৰ স্কোৱাডে সেৱা আগবঢ়োৱাৰ উপৰি লগত এজন এজনকৈ সুদক্ষ প্ৰশিক্ষকও আছে । আৰণ্যকৰ মুখ্য় পৰিচালন সঞ্চালক ড৹ বিভাষ কুমাৰ তালুকদাৰৰ নেতৃত্বত এটা শক্তিশালী গোটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেৱা আগবঢ়াই আছে ।"

এই সন্দৰ্ভত এগৰাকী প্ৰশিক্ষকে কয়,"কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোন প্ৰথমবাৰৰ বাবে কুকুৰ স্কোৱাডৰ ক্ষেত্ৰত স্বাস্থ্য় শিবিৰৰ লগতে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে । এই কুকুৰ স্কোৱাডক কঠোৰ অনুশীলনৰ মাজেৰে প্ৰশিক্ষণ প্ৰদান কৰা হয় । কুকুৰ স্কোৱাডসমূহৰ খাদ্য আৰু স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।"

উল্লেখ্য যে কাজিৰঙাত চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে স্বেচ্ছাসেৱী সংস্থা আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰিছে K-9 স্নীফাৰ ডগ ৷ চাৰিটাকৈ স্নীফাৰ ডগৰ এই স্কোৱাডে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত সেৱা আগবঢ়াই আহিছে ৷ মূলতঃ চোৰাং চিকাৰী চিনাক্তকৰণ অথবা চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ তথা সামগ্ৰী উদ্ধাৰ কৰা কাৰ্যত বন বিভাগক এই ডগ স্কোৱাডে সহযোগিতা আগবঢ়াই আহিছে ৷ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়াম মেলিন’ প্ৰজাতিৰ স্নীফাৰ ডগে ইতিমধ্যে পঞ্চাশটাৰো অধিক অভিযানত সফলতা লাভ কৰিছে ।

লগতে পঢ়ক:বিশ্ব গঁড় দিৱসত বিশেষ প্ৰতীকীৰে সজাগতা ৰেলী - World Rhino Day 2024 - WORLD RHINO DAY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.