কোকৰাঝাৰ : বাংলাদেশৰ শেহতীয়া শাসনৰ পৰিৱৰ্তন আৰু বৰ্ধিত জেহাদী কাৰ্যকলাপে অসমত কোনো প্ৰভাৱ নেপেলায় । এই আশংকাৰ কথা নাকচ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে অৱশ্যে বাংলাদেশৰ পৰিস্থিতি ভাল নহয় বুলি উল্লেখ কৰি লগতে স্বীকাৰ কৰে যে আই এছ আই আৰু বাংলাদেশীৰ এটা অংশই পুনৰ একত্ৰিত হ'বলৈ চেষ্টা কৰি আছে ।
২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়োলেণ্ড শান্তিচুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে কোকৰাঝাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ।
কিন্তু মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি ভাষ্য আগবঢ়াইছিল তাৰ সৈতে বৰ্তমানৰ ভাষ্যৰ অমিল দেখা গৈছে । কিয়নো ইয়াৰ পূৰ্বে দিয়া বক্তব্যত বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰা দেখা গৈছিল । তেওঁৰ ভাষ্যত প্ৰকাশ পাইছিল যে বাংলাদেশৰ পৰা নিৰন্তৰ অনুপ্ৰৱেশ ঘটি আছে আৰু প্ৰতিদিনে বৃহৎসংখ্যক অনুপ্ৰৱেশকাৰীক সীমান্তৰ পৰা ঘূৰাই পঠোৱা হৈছে ।
উল্লেখ্য যে যোৱা ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বাংলাদেশৰ অস্থিৰতাৰ বাবে বাংলাদেশৰ পৰা অসম আৰু দেশৰ অন্যান্য প্ৰান্তলৈ ব্যাপক অনুপ্ৰৱেশ হৈছে । মুখ্যমন্ত্ৰীয়ে নতুন বছৰৰ প্ৰথম দিনটোত সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে কয় । তেওঁ লগতে কয় যে শেহতীয়াকৈ বাংলাদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ অনুপ্ৰৱেশৰ বিষয়টো তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে ।
"বাংলাদেশত হোৱা অস্থিৰতাৰ পিছত দেশখনৰ বস্ত্ৰ উদ্যোগ ধ্বংস হৈ পৰিছে আৰু শ্ৰমিকসকলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে । কিছুমান ভাৰতীয় বস্ত্ৰ কোম্পানীয়েও এই অনুপ্ৰৱেশক উৎসাহিত কৰি আছে । কিয়নো তেওঁলোকে সস্তীয়া শ্ৰমিক লাভ কৰিছে ।" অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে কমেও ২০ ৰ পৰা ৩০ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কৈছিল ।
মুখ্যমন্ত্ৰীয়ে এই কথাও কৈছিল যে যদিও বাংলাদেশত অস্থিৰতা আৰু সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ হৈছে, অনুপ্ৰৱেশকাৰীসকল কিন্তু বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ নহয়, তেওঁলোক বাংলাদেশৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ ।
আনহাতে, মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কয়, "আমি কেইবাটাও গেজেটৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰি আছোঁ । খবৰ পোৱা গৈছে যে আই এছ আই আৰু বাংলাদেশী গোটৰ এটা অংশ একত্ৰিতভাৱে আহিবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁলোকে অসমত প্ৰৱেশ কৰিব পৰাৰ কোনো বিকল্প পথ নাই । কিয়নো সীমান্তৰ প্ৰায় অংশতে বেৰ দিয়া হৈছে ।"
তেওঁ লগতে উল্লেখ কৰে যে সীমান্তত বেৰ দিয়াৰ বাবে অসম সীমান্ত সুৰক্ষিত । অৱশ্যে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শাসন পৰিৱৰ্তনৰ পিছত গড়ে ১০-১২ জন লোকক বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে ।
উল্লেখ্য যে বাংলাদেশৰ শাসন ক্ষমতাৰ পৰা শ্বেখ হাছিনা বিতাড়িত হোৱাৰ পিছৰে পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা হাজাৰ হাজাৰ বাংলাদেশীক দেশখনলৈ পুনৰ ঘূৰাই পঠাইছে । আনহাতে, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বৰুৱায়ো শান্তি বিৰাজ কৰাটো বিচাৰে ।
"পৰেশ বৰুৱাই শান্তি বিচাৰে আৰু মই তেওঁৰ সৈতে কথা পাতি আছোঁ । মই ভাবোঁ যে পৰেশ বৰুৱাই অঞ্চলটোৰ শান্তি বিঘ্নিত কৰিব নিবিচাৰে ।" তেওঁ কয় ।
ইফালে অসমত শান্তি আৰু উন্নয়নৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আগন্তুক পাঁচ বছৰত ৰাজ্যখন অন্যান্য ৰাজ্যৰ তুলনাত আগবাঢ়ি যাব ।
বড়োলেণ্ডক শান্তিৰ অগ্ৰদূত বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান তাত আৰু কোনো সশস্ত্ৰ উগ্ৰপন্থী নাই । "কমেও ৬,০০০ সশস্ত্ৰ উগ্ৰপন্থী মূলসুঁতিলৈ উভতি আহিছে । এই মুহূৰ্তত বড়োলেণ্ডত কোনো উগ্ৰপন্থী নাই । বড়ো আৰু অনা-বড়ো বিভেদো আঁতৰি গৈছে ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় ।