হায়দৰাবাদ: উন্নত প্ৰযুক্তি ব্যৱস্থাই দিনক দিনে আমাৰ দৈনন্দিন জীৱনটো অতি সহজ কৰি তুলিছে । উন্নত প্ৰযুক্তি ব্যৱস্থাৰ অংশ হিচাপে ভাৰত চৰকাৰে 2016 চনত মুকলি কৰিছিল ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (UPI) । এই পেমেণ্ট প্ৰযুক্তিৰ সহায়ত আমি সহজেই যিকোনো ক্ষেত্ৰতে বিল পৰিশোধ কৰিব পাৰো আৰু মাত্ৰ এটা ক্লিকতে আমাৰ আত্মীয়-স্বজনলৈ প্ৰয়োজনীয় ধন প্ৰেৰণ কৰিব পাৰো । শেহতীয়াকৈ অনলাইন পেমেণ্টত এটা ‘অটোপে’ বিকল্প আহিছে, যিয়ে আমাৰ বহু বিল আৰু ছাবস্ক্ৰিপচনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ধন পৰিশোধ কৰে । কিন্তু বহু সময়ত আমাৰ গাফিলতি বা পাহৰি যোৱাৰ বাবে আমাৰ একাউণ্টৰ পৰা টকা কৰ্তন কৰা হয় । যদি আপুনি এই 'অটো পে' কেনেকৈ বন্ধ কৰিব লাগে নাজানে তেন্তে এই প্ৰতিবেদনযোগে সেই সন্দৰ্ভত অৱগত হ’ব পাৰিব ---
এই সুবিধাজনক বৈশিষ্ট্যটো কেতিয়াবা আমাৰ বাবে বৃহৎ শত্ৰু হৈ পৰে যেতিয়া আমি সেই চাবস্ক্ৰাইব কৰা সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ বন্ধ কৰি দিওঁ আৰু ‘অটো পে’ বিকল্পটো বন্ধ কৰিবলৈ পাহৰি যাওঁ । এনে পৰিস্থিতিত আমাৰ বেংক একাউণ্টৰ পৰা আমাৰ ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন হৈ যায় । যাৰ বাবে আমি আমাৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই পেলাওঁ । ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ একাউণ্টত UPI Autopay বিকল্পটো নিষ্ক্ৰিয় কৰিব লাগিব । গতিকে বিভিন্ন অনলাইন পেমেণ্ট এপত UPI Auto Pay বন্ধ কৰিবলৈ এই পদক্ষেপসমূহ অনুসৰণ কৰক---
Paytm ত Autopay কেনেকৈ নিষ্ক্ৰিয় কৰিব পাৰি?
- আপোনাৰ Paytm এপটো খুলি ওপৰৰ বাওঁফালৰ চুকত থকা আপোনাৰ প্ৰফাইল আইকনত ক্লিক কৰক ।
- তাৰ পিছত মেনুত থকা 'UPI and payment settings' ত ক্লিক কৰক ।
- তললৈ স্ক্ৰল কৰক আৰু UPI Settings অংশত 'Automatic Payments' ত ক্লিক কৰক ।
- আপোনাৰ Auto Pay ৰ সকলো তালিকা পৰীক্ষা কৰক আৰু আপুনি বন্ধ কৰিব বিচৰা সেৱাত ক্লিক কৰক ।
- তাৰ পিছত তললৈ স্ক্ৰ’ল কৰি তলত Cancel Automatic Payment ত ক্লিক কৰক ৷
- আপুনি ‘Cancel Automatic Payment’ ত ক্লিক কৰাৰ লগে লগে সেই সেৱাৰ বাবে আপোনাৰ অটো পে অপচন বন্ধ হৈ যাব।
গুগল পেত Autopay কেনেকৈ নিষ্ক্ৰিয় কৰিব?
- আপোনাৰ ফোনত Google Pay app খুলি ওপৰৰ সোঁফালে থকা আপোনাৰ প্ৰফাইল ফটোত ক্লিক কৰক ।
- তাৰ পিছত 'Autopay' বিকল্প ক্লিক কৰক ।
- সক্ৰিয় হৈ থকা অটো পে চাবস্ক্ৰিপচন select কৰক যাৰ সেৱা আপুনি বাহাল ৰাখিব নিবিচাৰে ।
- তাৰ পিছত উক্ত চাবস্ক্ৰিপচনৰ বাবে ‘Cancel Auto Pay’ ত ক্লিক কৰক ।
- তাৰ পিছত আপোনাৰ গোপন পিন প্ৰৱেশ কৰক আৰু বাতিল প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।
- বাতিল সফল হ’লে আপুনিও এটা জাননী লাভ কৰিব ।
PhonePe ত Autopay কেনেকৈ নিষ্ক্ৰিয় কৰিব?
- আপোনাৰ ফোনত PhonePe এপটো খুলি Profile ত ক্লিক কৰক ।
- তাৰ পিছত 'Payment Management' বিকল্পটো বিচাৰি উলিয়াই তাত ক্লিক কৰক ।
- পেমেণ্ট মেনেজমেণ্ট অংশত ‘অটোপে’ বিকল্প নিৰ্বাচন কৰক ।
- তাৰ পিছত আপুনি সক্ৰিয় অটো পে’ৰ বাবে সাময়িক বিৰতি আৰু ‘মচি পেলোৱা’ বিকল্প নিৰ্বাচন কৰিব পাৰে ।
- সাময়িক বিৰতি বিকল্প নিৰ্বাচন কৰিলে সেৱা অস্থায়ীভাৱে বন্ধ হ'ব, আনহাতে মচি পেলাওক বিকল্প নিৰ্বাচন কৰিলে সেৱা স্থায়ীভাৱে বন্ধ হ'ব ।
যদি UPI Autopay নিষ্ক্ৰিয় কৰা হয় তেন্তে কি হ'ব?
আপুনি এবাৰ অটো পে বৈশিষ্ট্য নিষ্ক্ৰিয় কৰিলে তাৰপাচত আপুনি কোনো সদস্যপদ বা সেৱাৰ বাবে স্বয়ংক্ৰিয়ভাৱে ধন কৰ্তন নহ’ব । অৱশ্যে প্ৰয়োজন অনুসৰি Auto Pay পুনৰ সক্ৰিয় কৰিব পাৰিব । অপ্ৰয়োজনীয় চাৰ্জৰ পৰা হাত সাৰিবলৈ এইটো এটা ভাল উপায় । ইয়াৰ উপৰিও, আপুনি নিশ্চিত হ'ব পাৰে যে আপুনি কেৱল আপুনি ব্যৱহাৰ কৰিব বিচৰা সেৱাসমূহৰ বাবেহে ধন দিছে ।