ETV Bharat / state

অক্টোবৰত অনুষ্ঠিত হ'ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : ডাঃ ৰণোজ পেগু - BODO PEACE ACCORD ANNIVERSARY

চিমেন চাপৰিত সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বড়ো শান্তিচুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন । বাগুৰুম্বা নৃত্যৰে জীপাল অনুষ্ঠান ।

Bodo Peace Accord anniversary
জোনাইত তৃতীয় বড়ো শান্তিচুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 10:48 PM IST

জোনাই : সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত চিমেন চাপৰিত সোমবাৰে তৃতীয় বড়ো শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰা হয় । অনুষ্ঠানত পুৱা ৮ বজাত পতাকা উত্তোলন কৰে ইউ বি পি অ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । পুৱা ৯ বজাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বি কে ডব্লিউ এ চিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে । দিনৰ ১১ বজাৰ পৰা ইউ বি পি অ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বি কে ডব্লিউ এ চিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে ।

উদ্বোধনী ভাষণত তেওঁ কয়, "বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োসকলৰ সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ লক্ষ্যত বড়োলেণ্ড আন্দোলনৰ সূচনা হৈছিল । বড়োসকলৰ ভৱিষ্যত দ্ৰষ্টা বডোফাই সোণকোষৰ পৰা শদিয়ালৈকে বড়োলেণ্ড আৰু দক্ষিণপাৰৰ জনজাতি অধ্যুষিত অঞ্চলক সাঙুৰি নীলাচল দাবী জনোৱাৰ লগতে বড়োসকলৰ ভাষা, শিক্ষা, সাংস্কৃতিক, ভূমিৰ অধিকাৰ, চাকৰি-নিযুক্তি, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা আদি সকলো ক্ষেত্ৰতে জাতিৰ সুৰক্ষা, নিৰাপত্তা, স্বকীয়তা অটুট ৰখা, সমৃদ্ধিশালী আৰু অৰ্থনৈতিকভাৱে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি সেই উদ্দেশ্য আগত ৰাখি দাবী চনদ তৈয়াৰ কৰিছিল ।"

জোনাইত তৃতীয় বড়ো শান্তিচুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন (ETV Bharat Assam)

লগতে বডোফাৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ বৰ্তমানৰ বড়ো সমাজে জাতীয় চিন্তাৰে আগবাঢ়ি যাব লাগিব বুলি নিজৰ ভাষণত উল্লেখ কৰে । আনহাতে, মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

মন্ত্ৰী ৰণোজ পেগুৱে কয়, "অসম চৰকাৰে বিটিআৰ চুক্তিৰ আধাৰত অন্তৱৰ্তীকালীন পৰ্যায়ত গঠন কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখনক গণতান্ত্ৰিক ৰূপ দিবলৈ ইয়াৰ গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে । ইতিমধ্যে ইয়াৰ কেবিনেটত অনুমোদন হৈছে । অহা অক্টোবৰৰ ভিতৰত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে ।"

তেওঁ লগতে কয়, "তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.৩ দফাত উল্লেখ থকা বিটিএডিৰ বাহিৰৰ অমঞ্জুৰিপ্ৰাপ্ত বড়ো ভাষাৰ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰক প্ৰয়োজন সাপেক্ষে মনঞ্জুৰি লাভ কৰাৰ বাবে যি ব্যৱস্থা আছে তাক কাৰ্যকৰী ৰূপ দিবলৈ অসম চৰকাৰে এখন কেবিনেট উপ-সমিতি গঠন কৰি দিছে । অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব ।"

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বি কে ডব্লিউ এ চিৰ পুঁজি বৃদ্ধিৰ বিষয়ত বিত্ত মন্ত্ৰীৰ আগন্তুক বাজেট অধিবেশনত নিশ্চিতভাৱে ইয়াৰ এটা ভাল ফলাফল ওলাব । অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি যোগান ধৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক ল'বলৈ চৰকাৰে হেঁচা প্ৰয়োগ কৰিব আৰু ইয়াৰ বাবে স্বায়ত্তশাসিত পৰিষদসমূহে সাংবিধানিক মৰ্যাদা পাব লাগিব বুলি ।"

অধিবেশনত বিশেষ সন্মানিত অতিথি হিচাপে উপস্থিত থাকি জোনাইৰ বিধায়ক ভূৱন পেগুৱে কয়, "অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি জনগণৰ উন্নয়নৰ বাবে দায়িত্বসহকাৰে কাম কৰি গৈছে । এটা সময়ত জোনাইত এক ইঞ্চিও মথাউৰি নিৰ্মাণ হোৱা নাছিল । এইখন চৰকাৰে বান-খহনীয়া নিয়ন্ত্ৰণ, চিকিৎসালয় নিৰ্মাণ, পথ নিৰ্মাণৰ লগতে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰি সকলো ক্ষেত্ৰতে উন্নয়ন সাধন কৰিছে ।"

অনুষ্ঠানত বি কে ডব্লিউ এ চিৰ অধ্যক্ষ অনিল বসুমতাৰী, আমন্ত্ৰিত অতিথি হিচাপে বি কে ডব্লিউ এ চিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, এম এ চিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, প্ৰভাত বসুমতাৰী, বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী, এবছুৰ সম্পাদক বডোছা ব্ৰহ্ম, বিটিআৰৰ বাহিৰৰ আত্মসমৰ্পণকাৰী কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটাপ্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হৰেশ্বৰ নাৰ্জাৰী, সদৌ বাথৌ মহাসভা যুৱ সমিতিৰ সভাপতি ৰাজেশ বসুমতাৰী, এমএচিৰ জিএম ৰাতিৰাম বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সম্পাদক গোপাল ব্ৰহ্ম, উপেন্দ্ৰনাথ ব্ৰহ্ম মেম'ৰিয়েল বড়ো জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূমিধৰ বড়ো, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, প্ৰভাত বসুমতাৰী, বি কে ডব্লিউ এ চিৰ ইএম প্ৰণৱ বড়ো, প্ৰদীপ স্বৰ্গীয়াৰী, মুহিপাল বড়ো, জয়কান্ত বড়ো, মথুৰা বসুমতাৰী প্ৰমুখ্যে বিভিন্ন বড়ো জাতীয় সংগঠনৰ নেতাসকল উপস্থিত থাকে ।

বাগুৰুম্বা নৃত্য আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

লগতে পঢ়ক :মাজুলীত উপস্থিত হৈ শৈশৱৰ সপোন পূৰণ কৰিলে মহাৰাণী ৰাজশ্ৰী দেৱীয়ে - QUEEN OF ODISHA
লগতে পঢ়ক :অসমীয়া-নেপালীক নিজৰ মাতৃভাষা হিচাপে গৌৰৱ কৰা পদ্মশ্ৰী গীতা উপাধ্যায়ৰ জীৱনৰ দীঘ-বাণি - PADMA SHREE GEETA UPADHYAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.