গোলাঘাট/ডিব্ৰুগড়: অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথৰ পৰা প্ৰায় ১০০০ ফুট তলত পৰিল এখন বাহন । এই বাহনখনত আছিল এটি কণমানি শিশুসহ ছয়গৰাকী যাত্ৰী । অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ যোৱা এই যাত্ৰীকেইগৰাকীয়ে মায়দিয়াৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তেই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি পৰিয়ালৰ আত্মীয়ই সদৰী কৰিছে ।
ঘটনাৰ বিৱৰণি অনুসৰি, গোলাঘাট জিলাৰ নুমলীগড়ৰ ঔগুৰী চাপৰিৰ পৰা এখন স্ক'ৰপিঅ' বাহনেৰে দুটা পৰিয়ালৰ সদস্য়ই অৰুণাচল প্ৰদেশৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল । গণৰাজ্য দিৱসৰ দিনা আবেলি ৪.৩০ বজাত অৰুণাচল প্ৰদেশৰ মায়দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত পথৰ পৰা বাগৰি পৰে এই বাহনখন ।
বাহনখনত গৈছিল সুৰজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰী নামৰ লোকদুজনৰ পৰিয়ালৰ ছয়গৰাকী সদস্য় । ঘটনাস্থলীতে এগৰাকী মহিলাসহ চাৰিগৰাকীৰ মৃত্যু হয় । দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিগৰাকীৰ মৃতদেহ ইতিমধ্য়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
আনহাতে,দুগৰাকী ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । ঘটনাস্থলীতেই সুৰজ ছেত্ৰী (43),মীনা ছেত্ৰী (40), ৰঞ্জিত ছেত্ৰী (39),আৰু গাড়ী চালক মনোজ ছেত্ৰী (32)ৰ মৃত্যু হয় ।
বৰ্তমান ডিব্ৰুগড়ৰ এখন হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে হৰিমায়া ছেত্ৰী (36),আৰু ৰশ্মি ছেত্ৰী নামৰ এটি শিশু ।
সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি থকা পৰিয়ালটোক উন্নত চিকিৎসা প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালৰ সদস্যসকলে ।
এই সম্পৰ্কে স্থানীয় লোক নুৰুল আলীয়ে কয়, "গোলাঘাটবাসীৰ বাবে এটা দুঃসংবাদ । দেওবাৰে ইয়াৰ পৰা এটা পৰিয়াল অৰুণাচললৈ ফুৰিবলৈ গৈছিল ৷ কিন্তু দিনৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । প্ৰায় এহাজাৰ ফুট তলত গাড়ীখন পৰিছে আৰু ইতিমধ্যে আমাৰ ইয়াৰ পৰা মানুহ তালৈ গৈছে । তেওঁলোকৰ পৰা পোৱা খবৰ অনুসৰি বৰ্তমানলৈকে উদ্ধাৰ অভিযান অব্যাহত আছে । দুৰ্ঘটনা হোৱা পৰিয়াটোৰ মাতৃ বৰ্তমান ঘৰত অকলে আছে । তেওঁক এই বিষয়ে অৱগত কৰা নাই ।"