ETV Bharat / state

জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ - SINGER RAJIB SADIYA

ভৱিষ্যতে কোনো শিল্পীৰ পৰিয়ালে যাতে বিপদত পৰিব নালাগে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্য়মন্ত্ৰীয়ে ।

Rajib Sadiya
ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 1:01 PM IST

মৰাণ: জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে শ্ৰদ্ধাঞ্জলি যাচিছে যদিও ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিল্পীগৰাকীৰ পৰিয়ালটোক কোনোধৰণৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰা হোৱা নাছিল ।

বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ শিল্পী সমাজেও দাবী কৰিছিল শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে । অৱশেষত প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীৰ হৈ চাবুৱাত এই কথা সংবাদ মাধ্যমক জনালে বিধায়ক বিনোদ হাজৰিকাই ।

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

কি কয় বিধায়ক বিনোদ হাজৰিকাই:

বিধায়ক বিনোদ হাজৰিকাই কয়, "প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াই অসমখনক লৈ, অসমখনক ভালপোৱা গীত গাইছিল । ৰাজীৱ শদিয়াৰ মৃত্যুৰ সময়ত যিহেতু মুখ্যমন্ত্ৰীগৰাকী বিদেশত আছিল গতিকে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত শদিয়াৰ বিধায়ক বলীন চেতিয়াই মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টো অৱগত কৰিছিল । সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ কথা অৱগত কৰে ।" লগতে ভৱিষ্যতে যাতে কোনো শিল্পীৰ পৰিয়ালে বিপদত পৰিব নালাগে তাৰ ব্যৱস্থাৰ গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে বিধায়কসকলক অৱগত কৰা বুলি সাংবাদিকৰ আগত মন্তব্য় কৰে বিধায়ক বিনোদ হাজৰিকাই ।

স্মৰ্তব্য যে ভোগালীৰ উৰুকাৰ দিনটোতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আহিছিল এই দুঃখবৰ । তিনিচুকীয়াৰ ৰসবাৰী পৰ্যটন মেলাত গীত গাই থাকোতেই সকলোকে কন্দুৱাই কোনোদিনে গান গাব নোৱৰা এখন পৃথিৱীলৈ গুচি গৈছিল শিল্পীগৰাকী । ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত আজিও ৰাজ্যত শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে ।

লগতে পঢ়ক:ঘৰতে এভাগি ভাওনাৰে শ্ৰদ্ধাঞ্জলি জনতাৰ শিল্পী ৰাজীৱ শদিয়াক - SINGER RAJIB SADIYA DEATH

ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কংগ্ৰেছৰ - APCC ON RAJIB SADIYA DEATH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.