ETV Bharat / politics

গংগাত ডুব মাৰিলেই দৰিদ্ৰতা দূৰ হ'ব নেকি ? বিজেপিক কটাক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ - MALLIKARJUN KHARGE SLAMS BJP

কংগ্ৰেছে সোমবাৰে ইন্দোৰত ভীমৰাও আম্বেদকাৰৰ জন্মস্থানত বিশাল 'জয় বাপু, জয় ভীম, জয় সংবিধান' ৰেলী অনুষ্ঠিত কৰে । তাতেই খাৰ্গেয়ে বিজেপিক আক্ৰমণ কৰে ।

Mallikarjun Kharge slams BJP
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (ANI)
author img

By ANI

Published : Jan 27, 2025, 9:07 PM IST

ইন্দোৰ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহা কুম্ভমেলা । এই কুম্ভমেলাৰ সময়ত পবিত্ৰ স্নানত অংশগ্ৰহণ কৰিছে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্যাসী তথা ভক্তই । ইয়াৰ পৰা বাদ পৰা নাই দেশৰ চেলিব্ৰেটীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতালৈকে । এইবাৰ এই মহাকুম্ভত স্নানত অংশগ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলক সোমবাৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ।

খাৰ্গেয়ে কয়, "এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক অভিবাদন জনাইছে আৰু আনফালে তেওঁ সংবিধানৰ বিৰুদ্ধেই সকলো কৰি আছে... নৰেন্দ্ৰ মোদীৰ মিছা প্ৰতিশ্ৰুতিৰ দ্বাৰা নিজকে মূৰ্খ নবনাব ।"

"গংগাত ডুব মাৰিলেই দেশৰ দৰিদ্ৰতা দূৰ হ'ব নেকি ?... যিটো সময়ত দেশৰ শিশুসকল ভোকতুৰ হৈ মৰি আছে, সেই সময়ত এইসকল লোকে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰি আছে আৰু ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰি আছে... এনে লোকসকলে দেশৰ বাবে একো ভাল কৰিব নোৱাৰে ।" কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় ।

উল্লেখ্য যে কংগ্ৰেছে সোমবাৰে ইন্দোৰৰ মহুত ড০ ভীমৰাও আম্বেদকাৰৰ জন্মস্থানত এক বিশাল 'জয় বাপু, জয় ভীম, জয় সংবিধান' ৰেলী অনুষ্ঠিত কৰে । এই অনুষ্ঠানত সমগ্ৰ দেশৰ বিশিষ্ট কংগ্ৰেছ নেতাসকলে অংশগ্ৰহণ কৰে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও ইয়াত উপস্থিত থাকে ।

ইফালে সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বাবা ৰামদেৱকে ধৰি কেইবাজনো সাধু-ঋষিৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে মহা কুম্ভমেলাত প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নান কৰে । আনহাতে, এই স্নানৰ পূৰ্বে অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰয়াগৰাজত সাধু-সন্ত আৰু ভক্তসকলক সাক্ষাৎ কৰি এক বাৰ্তালাপত মিলিত হয় ।

উল্লেখ্য, এতিয়ালৈকে ৰাজনাথ সিং আৰু বিভিন্ন নেতাকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে মহাকুম্ভ ভ্ৰমণ কৰিছে আৰু ত্ৰিবেণী সংগমত স্নান কৰিছে । শেহতীয়াকৈ উত্তৰ প্ৰদেশ কেবিনেটেও প্ৰয়াগৰাজত এখন বৈঠকৰ আয়োজন কৰে আৰু তাৰ পিছত ত্ৰিবেণী সংগমত স্নান কৰে । মহাকুম্ভ প্ৰতি ১২ বছৰৰ মূৰত অনুষ্ঠিত হয় আৰু এইবাৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহা কুম্ভমেলা ২৬ ফেব্ৰুৱাৰীলৈকে প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে । ইয়াত ভক্তসকলৰ বৃহৎ সমাবেশৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী হোৱা প্ৰথম ৰাজ্যৰূপে চিহ্নিত হ'ল উত্তৰাখণ্ড - UNIFORM CIVIL CODE
লগতে পঢ়ক :আটাৰী-ৱাঘা সীমান্তত গণৰাজ্য দিৱসত দেশপ্ৰেমৰ জোৱাৰ - TRICOLOR UNFURL AT WAGAH BORDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.