আমগুৰি: দেশে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ ওলোৱাৰ প্ৰাকঃক্ষণত ঘোষণা কৰা হ'ল দেশৰ পদ্ম সন্মান প্ৰাপকৰ তালিকা । যিখন তালিকাই প্ৰাপ্তিৰ হাঁহি বিৰিঙালে অসমবাসীৰ মুখত । সেইখন তালিকাতে নাম খোদিত হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন সত্ৰীয়া সংস্কৃতিৰ সাধক মুখাশিল্পী ৰেৱকান্ত মহন্তৰ । যি খবৰে উৎফুল্লিত কৰি তোলে সংস্কৃতিৰ সাধকগৰাকীৰ লগতে সত্ৰীয়া সংস্কৃতিৰ লগত লোকসকলক । দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত বিশিষ্ট শিল্পীগৰাকী তথা তেওঁৰ শিল্পকৰ্মৰ আলোকপাতেৰে এই বিশেষ প্ৰতিবেদন ।
- ৰেৱকান্ত মহন্তৰ বিষয়ে:
১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল ৰেৱকান্ত মহন্তই । শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰত জন্মগ্ৰহণ কৰি ৰেৱকান্ত মহন্তই সত্ৰীয়া মুখা নিৰ্মাণৰ কলাৰ বিশেষজ্ঞ হোৱাৰ লগতে সত্ৰীয়া সংগীত, নৃত্য, খোল বাদন আৰু সঁজুলি নিৰ্মাণৰ জটিলতাসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছিল । মুখাশিল্পী হিচাপেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট শিল্পীগৰাকী তেওঁ ।
পিতৃ গোপীনাথ মহন্তৰ পৰা মুখাশিল্পৰ আদিপাঠ গ্ৰহণ কৰিছিল পদ্মশ্ৰী বঁটাপ্ৰাপকগৰাকীয়ে । দহ বছৰ বয়সতে সত্ৰত পতা এখন ভাওনাৰ বাবে এটা গাইগৰু আৰু এটা পোৱালিৰ মুখা সাজি চমক সৃষ্টি কৰি ৰেৱকান্ত মহন্তই মুখা শিল্পৰ অবিৰত যাত্ৰাৰ পাতনি মেলিছিল ।
- পদ্মশ্ৰী মহন্তই লাভ কৰা বঁটা তথা সন্মানসমূহ:
২০০৩ চনত ৰাজ্যিক হস্তশিল্পী বঁটা, ২০০৮ চনত ৰাষ্ট্ৰীয় শিল্পগুৰু বঁটা লাভ কৰাৰ উপৰিও অসমৰ গৌৰৱ মুখাশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল । শেহতীয়াভাৱে ২০১৯ চনত অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটা লাভ কৰা ৰেৱকান্ত মহন্তই এই বৰ্ষত দেশৰ চতুৰ্থ অসামৰিক সন্মান 'পদ্মশ্রী বঁটা' লাভ কৰিবলৈ সক্ষম হয় ।
- এই সন্মান লাভ কৰি কি অনুভৱ মুখাশিল্পীগৰাকীৰ ?
এই সন্দৰ্ভত শিল্পীজনে কয়, "আমাৰ মাজত মানৱীয় প্রমূল্যবোধ অতি প্রয়োজনীয় । আমি ৰাইজৰ মাজতে জীয়াই থাকি গুৰুজনাই দি থৈ যোৱা সংস্কৃতিৰ বিস্তাৰৰ বাবে এই কাৰ্য কৰি আহিছোঁ । এই খবৰটো পাই এনে লাগিছে, আমাৰ জীৱনটো যেন সার্থক হৈছে । যি আনন্দ পাইছোঁ সেয়া ভগৱানৰ চৰণতে অর্পণ কৰিছোঁ ।" নৱপ্ৰজন্মকো গুৰুজনাই দি থৈ যোৱা আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় শিল্পৰ সাধকগৰাকীয়ে ।
- হেঙুল-হাইতাল আৰু মুখাশিল্প:
পিতৃৰ পদাংক অনুসৰণ কৰি পিতৃৰ পৰা শিক্ষা লাভ কৰা শিল্পী ৰেৱকান্ত মহন্তই কয়, "হেঙুল-হাইতাল ৰং মুখাশিল্পত প্ৰয়োগ কৰিলে স্থায়িত্ব থাকে, কৃত্ৰিম ৰং দুদিনীয়া । হেঙুল মানে ৰঙা আৰু হাইতাল মানে হালধীয়া । অৰ্থাৎ শিলৰ পতাত হেঙুল-হাইতালৰ লগতে বেলগছৰ আঠা পিহি পিহি এবিধ বিশেষ ৰঙৰ প্ৰস্তুত কৰা হয় । বৰ্তমান সময়ত বহু শিল্পীয়ে হেঙুল-হাইতালৰ সলনি কৃত্ৰিম ৰঙ প্ৰয়োগ কৰে ।"
- ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিল্প প্ৰদৰ্শন:
ঐতিহাসিক খাট পাৰ সত্ৰৰ সত্ৰীয়া পৰম্পৰাগত নৃত্য-গীত, বাদ্য, শিল্প-সংস্কৃতি আদি সমগ্ৰ ভাৰতবৰ্ষত প্ৰদৰ্শন কৰি আহিছে বিশিষ্ট শিল্পীগৰাকীয়ে । এই সন্দৰ্ভত ৰেৱকান্ত মহন্তই কয়, "এখন ৰাষ্ট্ৰৰ সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে বয়সৰ সীমাবদ্ধতা থাকিব নোৱাৰে । সকলোৱে জন্মৰ পৰা বৃদ্ধ বয়সলৈকে নিজৰ দেশীয় সংস্কৃতিটোৰ প্ৰতি ধাৱিত হৈ সহযোগিতাৰে উত্তৰণ কৰি নিয়াটো প্ৰত্যেকৰে দায়িত্ব ।"
- স্বামীৰ সফলতাত কেনে অনুভৱ পত্নীৰ:
অসমৰ আপুৰুগীয়া মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নিৰলস প্ৰয়াস কৰা শিল্পীগৰাকীৰ এই প্ৰাপ্তিত অনুভৱ ব্যক্ত কৰে ৰেৱকান্ত মহন্তৰ পত্নীয়ে । তেওঁ কয়, "বহুত আনন্দ, বহুত সুখ, বহুতখিনি ভাল পাইছোঁ । তেখেতে যি কামতেই আগবাঢ়ি যাওক কোনো কামতে মই তেওঁক বাধা নিদিও । মাত্ৰ নাখাই-নবৈ কাম কৰি নাথাকিবলৈয়ে তেওঁক কও ।"
উল্লেখ্য যে হাঁহচৰা ছোৱালী হাইস্কুল প্রতিষ্ঠাৰ লগতে শিক্ষাদান কৰি ১৯৯৬ চনত প্রবীণ শিক্ষক হিচাপে অৱসৰ গ্ৰহণৰ পিছতে নিৰলসভাৱে অধুনালুপ্ত জাতীয় শিল্পটোৰ সংৰক্ষণ আৰু বিকাশৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে । এইগৰাকী বিশিষ্ট মুখাশিল্পীৰ নিৰলস সাধনাক স্বীকৃতি দিয়াৰ খবৰে ঐতিহাসিক সত্ৰখনৰ লগতে শিৱসাগৰীয়া ৰাইজক উৎফুল্লিত কৰি তুলিছে । মুখাশিল্পী ৰেৱকান্ত মহন্ত এই সম্মান লাভ কৰা ৮০৭ সংখ্যক অসমীয়া ।
- নষ্ট হৈছে বহু আপুৰুগীয়া মুখা:
খাটপাৰ সত্ৰত আপুৰুগীয়া মুখা সংৰক্ষণৰ বাবে সঠিক ব্যৱস্থা নথকাত বহু মুখা নষ্ট হৈ গৈছে । পূৰ্বপুৰুষাণুক্ৰমে চলি অহা এই মুখাশিল্পক খাটপাৰ সত্ৰই ধৰি ৰাখিছে যদিও বিজ্ঞানভিত্তিক সংগ্ৰহালয় আৰু সংৰক্ষণৰ অভাৱত বহু শিল্প নষ্ট হোৱাত পৰিয়ালটোৱে দুখ প্ৰকাশ কৰে ।
এই সন্দৰ্ভত মুখাশিল্পী ৰেৱকান্ত মহন্তৰ পুত্ৰই কয়, "মুখাশিল্প বুলি ক'লেই মহাপুৰুষ শংকৰদেৱৰসৃষ্ট এই মুখাসমূহ চিহ্নযাত্ৰা ভাওনাৰ পৰাই যিহেতু আৰম্ভ হৈছে আৰু বিভিন্ন সত্ৰসমূহত অতীজৰে এই শিল্পৰ চৰ্চা হৈ আহিছে । বৰ্তমান এক আধুনিক ৰূপত এই মুখাসমূহ উপস্থাপন কৰা হৈছে । ব্যাপক এটা প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে বুলি আমি অনুভৱ কৰোঁ । কিন্তু শ্ৰীশ্ৰী খাটপাৰ সত্ৰত মুখা সজাৰ যিটো পৰম্পৰা সেইটো আমাৰ ককাদেউতাহঁতৰ দিনৰ পৰাই দেউতাই আয়ত্ত কৰিলে ।"
তেওঁ লগতে কয়, "কিন্তু এটা দুখৰ বিষয় বুলি ক'ব লাগিব এই মুখাশিল্পটো খাটপাৰ সত্ৰত যেনেধৰণে সংৰক্ষিত হ'ব লাগিছিল তাত আমি অকণমান পিছহুহকি ৰ'বলগা এটা অৱস্থা এটাত পৰিণত হৈছোঁ । প্ৰায় পাঁচ শতাধিক মুখা এই সত্ৰত পূৰ্বৰ পৰাই নিৰ্মাণ হোৱা বৰ্তমানো আছে । কিন্তু সংৰক্ষণৰ অভাৱত কিছুমান মুখা বিলুপ্ত হ'ব ধৰিছে । বিশেষকৈ পুৰণা কিছুমান মুখা, আমাৰ ঐতিহ্যবহনকাৰী হিচাপে সংৰক্ষণ কৰি ৰাখিব পৰাতো আমাৰ নিত্যান্তই কৰ্তব্য বুলি ভাবোঁ ।"