গুৱাহাটী: দিল্লী বিধানসভা নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূর্বে অসমৰ মুখ্যমন্ত্রী তথা বিজেপিৰ তাৰকা প্ৰচাৰক ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দিল্লীত প্ৰচাৰ অভিযানত নামে । অসমৰ পৰা দুপৰীয়া দিল্লীত উপস্থিত হৈ দিনটোত দিল্লীৰ উত্তম নগৰ আৰু কৰোলবাগ বিধানসভা সমষ্টিত দুখন নির্বাচনী জনসভা সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই । শাসনাধিষ্ঠিত আপ চৰকাৰ আৰু অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল:
দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য, "দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল ।" দেশৰ ৰাজধানীত পথৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে খেদ প্রকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে এই অঞ্চল দুটাৰ পৰা অন্যান্য স্থানসমূহলৈ যাতায়াত কৰাটো অত্যন্ত বিপজ্জনক । এই অঞ্চলৰ পথৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও উল্লেখ কৰে । আপৰ দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি ড৹ শৰ্মাই প্রতিটো ক্ষেত্ৰতে চৰকাৰৰ বিফলতাৰ অভিযোগ দাঙি ধৰি অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰী, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু আইন-শৃংখলাৰ সমস্যাৰ কথাৰে আক্ৰমণ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভাত মন্তব্য কৰে, “অসমৰ বন্ধু-বান্ধৱীক কওঁ যে যদি দিল্লীৰ বাট-পথ চাব বিচাৰে তেন্তে লুটিয়েন্স দিল্লীত (ব্ৰিটিছ আৰ্টিটেক্ট এডউইন লুটিয়েন্সে ডিজাইন কৰা দিল্লী) ঘূৰি ফুৰিব নালাগে, বস্তিলৈ যাওক । উত্তম নগৰ ভ্ৰমণ কৰাৰ পিছত মোৰ বিষয়াসকলে কৈছে যে দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল ।”
असम के मेरे मित्रों को मैं बोलता हूँ कि दिल्ली की सड़कें देखनी हैं तो Lutyens Delhi में न घूमें बल्कि झुग्गी-झोपड़ियों में जायें। उत्तम नगर तक सफ़र करने के बाद मेरे ऑफिसर लोग कह रहे हैं कि गुवाहाटी की सड़कें दिल्ली से बेहतर हैं।#आ_रही_है_भाजपा #दिल्ली_के_लिए_मोदी_की_गारंटी… pic.twitter.com/Z7UkQ6rLoE
— Himanta Biswa Sarma (@himantabiswa) January 29, 2025
মোগল সম্ৰাট শ্বাহজাহানৰ পৰা অনুপ্ৰাণিত অৰবিন্দ কেজৰিৱাল :
লগতে, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্রী আতিশীক ক্ষমতাহীন তথা মাত্র নামৰ মুখ্যমন্ত্রী বুলি উল্লেখ কৰি ড৹ শৰ্মাই দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰি কয় যে কাৰাগাৰত থকাৰ অৱস্থাৰ পৰাই ৰিম'ট কন্ট্রল ৰাজনীতি কৰি জনসাধাৰণক প্ৰতাৰণা কৰিছিল কেজৰিৱালে । লগতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ দোহাই দি হিমন্ত বিশ্ব শর্মাই কেজৰিৱালক মুখ্যমন্ত্রী হিচাপে সকলো কর্তৃত্বৰ পৰা আঁতৰাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁৰ বিতর্কিত বাসগৃহ চিচ মহল সম্পর্কতো ব্যংগাত্মকভাবে কটাক্ষ কৰি কয়, “মোগল সম্ৰাট শ্বাহজাহানৰ পৰা অনুপ্ৰাণিত হৈ অৰবিন্দ কেজৰিৱালে নিজৰ চিচমহল নিৰ্মাণ কৰিছিল ৷”
मुग़ल बादशाह शाहजहाँ से प्रेरित होकर अरविंद केजरीवाल ने अपना शीशमहल बनवाया।
— Himanta Biswa Sarma (@himantabiswa) January 29, 2025
काश इस आलीशान महल में वे मुझे एक बार चाय पर बुलाते। #आ_रही_है_भाजपा #दिल्ली_के_लिए_मोदी_की_गारंटी #AAPदा_मुक्त_दिल्ली @BJP4Delhi @BJP4India pic.twitter.com/tO9UHsAh7S
ড° শৰ্মাই অৰবিন্দ কেজৰিৱালৰ হাৰিয়ানাৰ যমুনাৰ পানী বিষক্ৰিয়াৰ দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাৰ বাবে দুখ প্রকাশ কৰি কয়, “কেনেকৈ কোনোবাই নিজৰ জন্মস্থানক দোষাৰোপ আৰু নিজৰ বিফলতা লুকুৱাবলৈ এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিব পাৰে ।”
मोदी जी के विरोध में अरविंद केजरीवाल जी इतने डूब चुके हैं कि उन्होंने दिल्लीवासियों को आयुष्मान भारत योजना से ही वंचित कर दिया।#आ_रही_है_भाजपा #दिल्ली_के_लिए_मोदी_की_गारंटी #AAPदा_मुक्त_दिल्ली @BJP4Delhi @BJP4India pic.twitter.com/0Ad8U6a8zu
— Himanta Biswa Sarma (@himantabiswa) January 29, 2025
তেওঁ অসমকে ধৰি সকলো ৰাজ্যতে বিজেপিৰ সুশাসনৰ ট্ৰেক ৰেকৰ্ডৰ সন্দৰ্ভত অৱগত কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰি এইবাৰ দিল্লীত বিজেপি চৰকাৰক নিৰ্বাচন কৰিবলৈ জনসাধাৰণক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই । দিল্লী নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বুধবাৰে প্ৰথম দিনাৰ এয়া নিৰ্বাচনী প্ৰচাৰ ।
লগতে পঢ়ক: বাংলাদেশৰ পৰিস্থিতিয়ে অসমত কোনো প্ৰভাৱ নেপেলায় : মুখ্যমন্ত্ৰীৰ মুখত বিপৰীত ভাষ্য