ETV Bharat / state

কিচিম কিচিম ভাৱনাই ঐ... ! আহক, মাঘৰ হেৰাই যাব খোজা এক পৰম্পৰা চাওঁ - MAGH BIHU PREPARATIONS

বৰতিচুক কৈৱৰ্ত গাঁৱৰ ৰাইজে জাতীয় সাজ পৰিধান কৰি পৰম্পৰাগত ৰীতি অনুসৰি কান্ধত খৰি ভাৰ কৰি ভেলাঘৰলৈ নিয়াৰ নান্দনিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

Magh Bihu Preparations
লাহোৱালৰ খৰি অনা পৰম্পৰা কি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 2:15 PM IST

ডিব্ৰুগড় : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে । আঘোণৰ সোণালী ধান ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সুাজু হৈছে প্ৰতিজন অসমীয়া । ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেলাঘৰ আৰু মেজি নিৰ্মাণৰো অঘোষিত প্ৰতিযোগিতা চলি আছে । কিন্তু কিছু কিছু ক্ষেত্ৰত যেন পৰম্পৰাবোৰ হেৰাই যাব ধৰিছে ।

লাহোৱালৰ খৰি অনা পৰম্পৰা কি (ETV Bharat Assam)

প্ৰকৃত পৰম্পৰাৰ পৰা আজিৰ নতুন প্ৰজন্ম আঁতৰি যোৱাৰো অভিযোগ কৰিছে বহুতে । ফলত হেঁপাহৰ ভোগালীৰ ভেলাঘৰ, উৰুকাৰ নিশা লগে-ভাগে খোৱাৰ পৰম্পৰাবোৰ হেৰাই গৈছে । অৱশ্যে একাংশ স্থানত এতিয়াও পৰম্পৰা বজাই ৰখাত গুৰুত্ব দিছে লোকসকলে । তাৰ উদাহৰণ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া বৰতিচুক কৈৱৰ্ত গাঁৱৰ ৰাইজ ।

ৰাইজে পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰে এইবাৰো দেওবাৰে বিয়লি অনুষ্ঠিত কৰিলে খৰি অনা পৰ্ব । জাতীয় সাজ পৰিধান কৰি মেজি সাজিবলৈ সমূহীয়াকৈ কান্ধত খৰি ভাৰ কৰি যাত্ৰা কৰে গাঁৱৰ ডেকাসকলে । পৰম্পৰাগত ৰীতি অনুসৰি মেজি সাজিবলৈ কান্ধত খৰি ভাৰ কৰি দীঘলীয়া শাৰীৰে ভেলাঘৰলৈ নিয়াৰ এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায় । কেৱল এয়াই নহয়, সকলোৰে মুখত শুনা যায় বিহুনাম ।

ভোগালীৰ ব্যতিক্ৰমী পৰম্পৰা

মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা আজিও জীয়াই ৰাখিছে লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া বৰতিচুক কৈৱৰ্ত গাঁৱৰ ৰাইজে । পৰম্পৰা অনুসৰি জাতীয় সাজ পৰিধান কৰি নৈপৰীয়া বৰতিচুক গাঁৱৰ ৰাইজে সমবেত হৈ পৰম্পৰাগত ৰীতি অনুসৰি মেজি সাজিবলৈ কান্ধত খৰি ভাৰ কৰি দীঘলীয়া শাৰীৰে ভেলাঘৰলৈ নিয়াৰ নিয়ম পালন কৰি আহিছে ৰাইজে ।

বিহুৰ আৰম্ভণিৰ দিনৰ যি পৰম্পৰা তাক ধৰি ৰাখিবলৈ ৰাইজে চেষ্টা কৰিছে । পুহ মাহৰ ২০ দিন যোৱাৰ পাছতে অঞ্চলটোৰ সকলোৱে একত্ৰিত হৈ কৈৱৰ্ত সমাজৰ ধৰ্মীয় ৰীতি-নীতি অনুসৰি পাণ-তামোলৰ শৰাই আগবঢ়াই খৰি ভাৰসমূহ ভেলাঘৰ আৰু সামূহিক ভোজস্থলীলৈ লৈ যায় । খৰিবোৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীত উটি অহা বালিচৰৰ পৰা সংগ্ৰহ কৰাৰ লগতে একাংশই ঘৰৰ পৰাও সংগ্ৰহ কৰি খৰি ভাৰ প্ৰস্তুত কৰে ।

ইয়াৰ পাছতে কান্ধত ভাৰ কৰি লৈ যোৱাৰ মাজতে দুই এক উকি মৰাৰ লগতে কোনোৱে জোৰে বিহুনাম । বৰতিচুক গাঁৱৰ ৰাইজে ভেলাঘৰৰ স্থানত শৃংখলাবদ্ধভাৱে খৰিসমূহ ৰাখি আনন্দ-উল্লাস কৰাৰ দৃশ্য আজিৰ সমাজৰ বাবে বিৰল হৈ পৰিছে । যিটো অসমৰ ভিতৰতে একক আৰু অনন্য হিচাপে বিবেচিত হৈছে ।

নতুন প্ৰজন্মক বিহুৰ পৰম্পৰা শিকোৱাৰ প্ৰয়াস

আচলতে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো পৰম্পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ লাহোৱালৰ বৰতিচুকৰ ৰাইজে । বিভিন্ন আৰ্হিৰে ভেলাঘৰ সজাৰ প্ৰতিযোগিতাৰ মাজতে এইসকল চহা ৰাইজে ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ লগতে নতুন প্ৰজন্মক এই পৰম্পৰা শিকোৱাৰ চেষ্টা কৰিছে ।

অঞ্চলটোৰ জ্যেষ্ঠসকলে এই পৰম্পৰাত অংশগ্ৰহণ কৰি কয়,"অসমৰ সমাজ জীৱনত বিৰল হৈ পৰা এই পৰম্পৰা যাতে নতুন প্ৰজন্মই পালন কৰিব পাৰে তাৰ বাবেই আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুনসকলক দেখুৱাইছো পৰম্পৰাগত ৰীতিসমূহ ।"

লগতে পঢ়ক :নলবাৰীৰ বনভোজথলীতেই বিজেপিৰ দুই ফৈদৰ তুমুল যুদ্ধ - CLASHES BETWEEN BJP TWO GROUP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.