গুৱাহাটী : পুঁজি আছে অথচ ইয়াৰ সুবিধা পোৱা নাই প্ৰাপ্যসকলে । নিৰ্মাণ খণ্ডৰ লগত জড়িত শ্ৰমিকসকলৰ কল্যাণৰ বাবে জমা থকা পুঁজিৰ পৰিমাণ হৈছে ২,৪৫৭ কোটি টকা । কিন্তু তাৰ পাছতো প্ৰকৃতাৰ্থত ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ কল্যাণ হোৱা নাই । পুঁজি থকাৰ পাছতো আইনে দিয়া সা-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে ।
বৰং চৰকাৰে শ্ৰমিকৰ কল্যাণৰ বাবে সংগৃহীত তথা জমা হৈ থকা পুঁজি অন্য শিতানতহে খৰচ কৰাৰ পৰিকল্পনা কৰিছে । এক কথাত চৰকাৰৰ চকু নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে জমা থকা পুঁজিত । শ্ৰমিকৰ প্ৰত্যক্ষ কল্যাণৰ বিপৰীতে বিভিন্ন আঁচনি গ্ৰহণ কৰি এই পুঁজি ব্যয় কৰাতহে অধিক গুৰুত্ব দিছে অসম চৰকাৰে ।
শেহতীয়াকৈ চৰকাৰে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে জমা পুঁজি বিদ্যালয় নিৰ্মাণৰ নামত ব্যয় কৰাৰ আঁচনি লৈছে । এইখিনিতে প্ৰশ্ন হয় যে গৃহ আৰু অন্যান্য নির্মাণ শ্ৰমিকৰ নামত চৰকাৰৰ ঘৰত এই বৃহৎ পৰিমাণৰ পুঁজি থকাৰ পাছতো কিয় শ্ৰমিকসকল উপকৃত হোৱা নাই ? কিয় এই পুঁজি ব্যয় হোৱা নাই ? কি কি শিতানত এজন শ্ৰমিকে এই পুঁজিৰ সুবিধা লাভ কৰে ?
তদুপৰি শ্ৰমিকে কিদৰে ইয়াৰ সুবিধা লাভ কৰিব পাৰে ? এই সকলো দিশ সামৰি ইটিভি ভাৰতৰ তৰফৰ পৰা অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ সদস্য তথা চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । তেওঁ দিয়া তথ্যৰ আধাৰত এই বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
- অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদ :
গৃহ আৰু অন্যান্য নিৰ্মাণ আইন, ১৯৯৬ৰ অধীনত দেশৰ প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত একোখনকৈ নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদ গঠন কৰা হৈছিল । সেই অনুসৰি অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ অধীনত পঞ্জীয়নভুক্ত নিৰ্মাণ শ্রমিকৰ বাবে পুঁজি সংগ্ৰহ কৰা হয় ।
নিৰ্মাণ খণ্ডৰ পৰা উপ-কৰ হিচাপে এই পুঁজি সংগৃহীত হয় । অসমত গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিকৰ তালিকাত কাঠমিস্ত্রী, ৰং মিস্ত্রী, নল মিস্ত্রী, ৰাজ মিস্ত্ৰী, বৈদ্যুতিক মিস্ত্ৰী আৰু লৈহ মিস্ত্ৰীক সংযুক্ত কৰা হৈছে । এইসকলৰ বাবে গঠন কৰা শ্রমিক কল্যাণ পৰিষদখনে ৰাজ্যখনত হোৱা ১০ লাখ টকাৰ ওপৰৰ নির্মাণত বাধ্যতামূলকভাৱে এক শতাংশ উপ-কৰ সংগ্ৰহ কৰি পৰিষদৰ ভঁৰালত জমা কৰি আহিছে ।
এইদৰে জমা হোৱা ধনেৰে পঞ্জীয়নভুক্ত নির্মাণ শ্রমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰিব লাগে । কিন্তু পৰিতাপৰ কথা এয়ে যে ৰাজ্যৰ শ্ৰমিক কল্যাণ বিভাগটো এই বিষয়ত মুঠেই সক্রিয় নোহোৱাত নির্মাণ শ্রমিক কল্যাণ পৰিষদখনেও বিশেষ ভূমিকা পালন কৰিব পৰা নাই ।
আনহাতে পৰিষদৰ সদস্য তপন শৰ্মাই জনোৱা মতে ৰাজনৈতিক হস্তক্ষেপত পৰিষদখনক একপ্ৰকাৰ অস্তিত্বহীন কৰি তোলা হৈছে । যাৰ বাবে পৰিষদখনে প্ৰকৃত উদ্দেশ্য পূৰণত সফল হ'ব পৰা নাই ।
- শ্ৰমিকৰ কল্যাণৰ বাবে জমা থকা পুঁজি আৰু শ্ৰমিকৰ সংখ্যা :
বিশেষ প্ৰচাৰ নথকাৰ লগতে সজাগতাৰ অভাৱত বহু শ্ৰমিকে নিজৰ নাম পঞ্জীয়ন নকৰে । যাৰ বাবে ইয়াৰ সুবিধা লাভ নকৰে । আনহাতে পঞ্জীয়ন কৰা বহু শ্ৰমিকেও অজ্ঞতাৰ বাবে এই পুঁজিৰ সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ বাবে বিপদত পৰা নিৰ্মাণ শ্রমিক আৰু তেওঁৰ পৰিয়ালটোৱে বিপদৰ সময়ত সহায় নোপোৱাকৈয়ে থাকি যায় । ইয়াৰ বাবেই ৰাজ্যৰ গৃহ আৰু অন্যান্য নির্মাণ কল্যাণ পৰিষদত ২০২৪ চনৰ ডিচেম্বৰলৈকে জমা হোৱা পুঁজিৰ পৰিমাণ হৈছে ২৯৪৭.২৭ কোটি টকা । ইয়াৰে ব্যয় হৈছে ৪৯০.৭১ কোটি টকা । অৰ্থাৎ জমা থকা পুঁজিৰ পৰিমাণ হৈছে ২৪৫৭ কোটি টকা ।
কেৱল ২০২৪ বৰ্ষতে সংগৃহীত হোৱা ৩৯৮.৪৪ কোটি টকাৰ বিপৰীতে ব্যয় হয় ৬৬.২২ কোটি টকা । অৰ্থাৎ গৰিষ্ঠ পৰিমাণৰ পুঁজি ব্যয় হোৱা নাই । তপন শৰ্মাই জনোৱা মতে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্রমিকৰ সংখ্যা ৭ লাখৰো অধিক যদিও পঞ্জীয়ন নকৰা নিৰ্মাণ শ্ৰমিকৰ সংখ্যা ১৫ লাখৰো অধিক হ'ব ।
- নিৰ্মাণ শ্ৰমিকৰ আৰু পৰিয়ালৰ বাবে থকা বিভিন্ন আৰ্থিক সুবিধা :
গৃহ আৰু অন্যান্য নির্মাণ আইন, ১৯৯৬ ৰ বিধি (২৮১) মতে শ্ৰমিকৰ স্বাভাৱিক মৃত্যুত ৭৫ হাজাৰ টকা আৰু দুর্ঘটনাজনিত মৃত্যুত ৩ লাখ টকাৰ সাহায্য আগবঢ়োৱা হয় । সেইদৰে অন্ত্যেষ্টিক্ৰিয়া সাহায্য প্ৰদানৰ বাবে দিয়া হয় ৫ হাজাৰ টকা । চিকিৎসা সাহায্য হিচাপে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰথম ৫ দিনলৈ দিনে এহাজাৰ টকাকৈ আৰু তাৰ পিচত প্ৰতিদিনে ২০০ টকাকৈ মুঠ ২০,০০০ টকালৈকে প্ৰদান কৰাৰ নিয়ম আছে ।
আনহাতে গুৰুতৰ অসুস্থতাৰ চিকিৎসাত ১,৫০,০০০ টকা আৰু প্ৰতিবন্ধকতা অনুযায়ী পুঁজি প্রদান কৰা হয় । তদুপৰি শ্ৰমিকৰ মেধাসম্পন্ন সন্তানক বছৰত এবাৰকৈ আর্থিক অনুদান প্ৰদান কৰাৰ ব্যৱস্থা আছে ।
শ্ৰমিকৰ ল'ৰা-ছোৱালীৰ এককালীন শিক্ষা সাহায্যৰূপেও বছৰত এবাৰকৈ ১,৫০০ টকাৰ পৰা ২০ হাজাৰ টকা পর্যন্ত (শ্রেণী অনুযায়ী) প্ৰদান কৰাৰ ব্যৱস্থা আছে । মহিলা শ্রমিকৰ প্ৰসূতি সাহায্যৰূপে (দুটা সন্তানলৈ) ২০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আইনত আছে ।
সেইদৰে পঞ্জীয়নৰ ৫ বছৰ পিছত অবিবাহিত মহিলা শ্ৰমিক আৰু শ্ৰমিকৰ দুটা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত বিবাহ সাহায্যৰূপে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বিধি আছে । তেনেদৰে ৬০ বছৰ পূৰ্ণ হোৱাৰ বিধি মতে মাহিলী পেঞ্চন ২,০০০ টকাকৈ লগতে ১০০ টকা (পঞ্জীয়নৰ পৰা প্ৰতি পূৰ্ণ বছৰ কাৰ্যকালৰ বাবদ) প্ৰদান কৰা হয় ।
শাৰীৰিকভাৱে অক্ষম হোৱাৰ পিছত প্রতিবন্ধকতা পেঞ্চনো ২,০০০ টকা (প্রতিমাহে) লগতে ১০০ টকা প্ৰদান কৰাৰ লগতে সর্বাধিক ৩ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে । পেঞ্চনাৰৰ মৃত্যুৰ পিছত পৰিয়াললৈ পেঞ্চনৰ ৫০ শতাংশ ধন প্ৰদান কৰাৰো বিধি উল্লেখ আছে ।
- শ্ৰমিকসকলৰ মাজত সজাগতাৰ অভাৱ :
অসমত সজাগতাৰ অভাৱত নিৰ্মাণ খণ্ডত নিয়োজিত হৈ থকা শ্ৰমিকসকলে চৰকাৰী এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই । শ্রমিকসকলে এই বিষয়ত জ্ঞাত নোহোৱাত ইয়াৰ সুবিধা লাভ নকৰাকৈ থাকি গৈছে । এই পুঁজিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ'লে শ্ৰমিকে প্ৰথমতে নিজকে পঞ্জীয়ন কৰিব লাগিব । অসম চৰকাৰে বৰ্তমান ইয়াৰ বাবে প'ৰ্টেল মুকলি কৰিছে ।
'নিৰ্মাণ সখী' নামৰ এই প'ৰ্টেলত শ্ৰমিকসকলে নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে সুবিধা লাভৰ বাবে আবেদন কৰিব পাৰে । কিন্তু এই প্ৰক্ৰিয়াটো যথেষ্ট আসোঁৱাহ থকাৰ কথা সদৰি কৰিছে পৰিষদৰ সদস্য তপন শৰ্মাই । তেওঁ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ইয়াৰ স্বকীয় স্বতন্ত্রতাৰে কাম কৰাৰ সুবিধা দিয়াৰ বাবে চৰকাৰৰ প্ৰতি অনুৰোধ জনায় । যাতে পৰিষদখন সুন্দৰভাৱে পৰিচালিত হয় আৰু শ্ৰমিকসকলে নিজৰ প্ৰাপ্য সুবিধা লাভ কৰিব পাৰে ।
- নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে জমা পুঁজিত চকু চৰকাৰৰ :
নিৰ্মাণ শ্রমিকৰ স্বাস্থ্য, মৃত্যু সাহায্য, দুর্ঘটনা, সন্তানৰ শিক্ষা, পেঞ্চন আদি বিভিন্ন শিতানত বিশাল পৰিমাণৰ টকা জমা থকাৰ পাছতো শ্ৰমিকৰ সংখ্যাৰ বিপৰীতে বিভিন্ন কাৰণত শ্রমিক বা শ্ৰমিকৰ পৰিয়ালে ক্ষতিপূৰণ দাবী নকৰাত আৰু কৰিও বিভিন্ন কাৰণত নোপোৱাত পৰি আছে কোটি কোটি টকা ।
বছৰে বছৰে এই পুঁজিৰ পৰিমাণো বৃদ্ধি পাই আহিছে । ইফালে বৰ্তমানৰ চৰকাৰৰ দিনত নিৰ্মাণকাৰ্য বহু পৰিমাণে বৃদ্ধি পাইছে । অৱশ্যে চৰকাৰী সকলো নিৰ্মাণকাৰ্যৰ পৰা পৰিষদত উপ-কৰ আহিছে নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে খোদ পৰিষদৰে সদস্য তপন শৰ্মাই ।
তেওঁ সদৰি কৰা অনুসৰি চৰকাৰী-বেচৰকাৰী সকলো নিৰ্মাণকাৰ্যৰ পৰা উপ-কৰ আহিব লাগে । কিন্তু গোটেই প্ৰক্ৰিয়াটো সেইধৰণে স্পষ্ট নহয় । যাৰ বাবে তেওঁ সন্দেহ প্ৰকাশ কৰিছে । ইফালে তেওঁ জনোৱা মতে গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিকৰ কল্যাণৰ বাবে সংগৃহীত বৃহৎ পৰিমাণৰ পুঁজিত চকু আছে অসম চৰকাৰৰ । কাৰণ চৰকাৰে নিৰ্মাণ শ্ৰমিকৰ নামত এইবাৰ পৰিষদৰ জমা পুঁজিৰে বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।
সেইদৰে পঞ্চায়তে পঞ্চায়তে ইয়াৰ পুঁজিৰে চৰকাৰে ভ্ৰাম্যমান শৌচালয় স্থাপন কৰাৰো পৰিকল্পনা কৰিছে । ইতিমধ্যে শ্ৰমিকৰ বাবে নিৰ্মাণ কৰা আশ্ৰয়গৃহৰ আঁচনিখনো কাৰ্যতঃ বিফল হ'ল । তেওঁ কয় যে চৰকাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটৰ অংকত শ্ৰমিকৰ নামত পৰিষদৰ পুঁজি ব্যয় কৰাৰ আঁচনি ল'ব বিচাৰিছে । এক কথাত নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ প্ৰতি কোনো গুৰুত্ব নাই চৰকাৰখনৰ ।