হায়দৰাবাদ: ইলেক্ট্ৰিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী আল্ট্ৰাভায়োলেটে ভাৰতীয় বজাৰত মুকলি কৰিছে নিজৰ মেক 2 ৰ অধিক এৰগ’নমিক সংস্কৰণ । কোম্পানীটোৱে এই বাইকখন F77 Super Street নামেৰে প্ৰৱৰ্তন কৰিছে । এই মটৰ চাইকেলখন দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব, বেছ ভেৰিয়েণ্টৰ মূল্য 2.99 লাখ আৰু উচ্চ-ভেৰিয়েণ্টৰ মূল্য 3.99 লাখ টকা (এক্স শ্ব’ৰুম)। এই মটৰ চাইকেলখনত কি বিশেষত্ব আছে জানো আহক---
আল্ট্ৰাভায়োলেট F77 ছুপাৰ ষ্ট্ৰীটৰ বিশেষত্ব
ইয়াৰ ডিজাইনৰ কথা ক’বলৈ গ’লে ছুপাৰ ষ্ট্ৰীট আচলতে হৈছে F77 Mach 2, য’ত সামগ্ৰিকভাৱে এৰগ’নমিক্স উন্নত কৰা হৈছে । ছুপাৰ ষ্ট্ৰীটত এটা সম্পূৰ্ণ নতুন হেণ্ডেলবাৰ স্থাপন কৰা হৈছে, যিটো মেক 2 তকৈ বহল আৰু দীঘল । কিন্তু ফুটপেগৰ অৱস্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই ।
আল্ট্ৰাভায়োলেটে ইয়াৰ হেডলাইটৰ ডিজাইনো সলনি কৰি নতুন কাউল দিছে । কোম্পানীটোৱে দাবী কৰিছে যে এই নতুন ডিজাইনটো F77 মেক 2 তকৈ 15 শতাংশ বেছি এৰোডাইনেমিক আৰু এই নতুন ডিজাইনৰ বাবে ইয়াৰ 5 ইঞ্চিৰ টিএফটি ডিছপ্লেৰ কোণো সলনি হৈছে, যাৰ ফলত ইয়াৰ সামগ্ৰিক দৃশ্যমানতা উন্নত হৈছে ।
আল্ট্ৰাভায়োলেট F77 চুপাৰ ষ্ট্ৰীটৰ বৈশিষ্ট্য
ইয়াৰ বাহিৰেও ছুপাৰ ষ্ট্ৰীটৰ সামগ্ৰিক ডিজাইন মেক 2 ৰ দৰেই । ইয়াৰ ওজনৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু ইয়াৰ ওজন 207 কিলোগ্ৰাম । কোম্পানীটোৱে জনোৱা মতে, নতুন হেণ্ডেলবাৰে মুঠ ওজন প্ৰায় 0.5 কিলোগ্ৰাম বৃদ্ধি কৰিছে । F77 ছুপাৰ ষ্ট্ৰীটত তিনিটা ৰাইডিং মোড, তিনিটা লেভেলৰ ট্ৰেকচন কণ্ট্ৰল, 10 টা লেভেল অৱ ৰিজিঅ’ন, হিল-হ’ল্ড এছিষ্ট, তিনিটা এবিএছ মোড আৰু এটা অপচনেল টায়াৰৰ চাপ মনিটৰিং চিষ্টেম আছে ।
বেটাৰী আৰু আল্ট্ৰাভায়োলেট F77 ছুপাৰ ষ্ট্ৰীটৰ ৰেঞ্জ
কোম্পানীয়ে মটৰ চাইকেলখন দুটা ভেৰিয়েণ্টত উপলব্ধ কৰিছে আৰু ৰেঞ্জ টপিং F77 Super Street Recon ৰ বেটাৰী আছে 10.3kWh । ইয়াৰ মটৰে 39.6 bhp শক্তি আৰু 100 Nm টৰ্ক উৎপন্ন কৰে । কোম্পানীটোৱে দাবী কৰিছে যে ইয়াৰ ৰেঞ্জ মেক 2 ৰ দৰেই । বেচ ভেৰিয়েণ্টৰ আইডিচি ৰেঞ্জ 211 কিলোমিটাৰ যদিও ৰিকনৰ আইডিচি ৰেঞ্জ 323 কিলোমিটাৰ । উল্লেখ্য যে, F77 Super Street ৰ বুকিং 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 1 মাৰ্চৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব ।