ETV Bharat / state

বস্তাই বস্তাই ওলাইছে চুৰি হোৱা কাঁহী-বাটি-ঘটি-ঘণ্টা - STOLEN GOODS RECOVERED

এটা-দুটা নহয়, ২৩২ টা ঘটি-৯৭ খন কাঁহৰ কাঁহী আৰু... ৷ কোনে চুৰি কৰি নিছিল ? ক'ৰ পৰা নিছিল ?

STOLEN TEMPLE IDOLS RECOVERED
বস্তাই বস্তাই ওলাইছে কাঁহী-বাটি-ঘটি-লোটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 8, 2025, 9:53 PM IST

গুৱাহাটী: গুৱাহাটীৰ গড়চুকত ওলাইছে কাঁহী, বাটি, ঘটি, লোটা আদি । অলপ নহয় ৷ বস্তাই বস্তাই ওলাইছে ৷ গড়চুকৰ লাচিতগঁড় হাইস্কুলৰ সমীপত থকা এটা ডেম্পত বস্তাই বস্তাই ওলাইছে এই সামগ্ৰীসমূহ ।

গড়চুক আৰক্ষীয়ে শনিবাৰে চলোৱা এক অভিযানৰ সময়ত এই সামগ্ৰীসমূহ ডেম্পটোৰ পৰা উদ্ধাৰ কৰা হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে বুলি গড়চুক আৰক্ষী থানাৰ এজন বিষয়াই জানিবলৈ দিয়ে ৷

বস্তাই বস্তাই ওলাইছে চুৰি হোৱা কাঁহী-বাটি-ঘটি-ঘণ্টা (ETV Bharat Assam)

গড়চুক আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে কয়, "এক গোপন সূত্ৰৰ পম খেদি গড়চুকৰ লাচিতগঁড় হাইস্কুলৰ সমীপত থকা এইছ কে ট্ৰেডিং এজেন্সী নামৰ ডেম্প এটাত এই অভিযান চলাও ৷ মহানগৰীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰি হোৱা সামগ্ৰীবোৰ এইচ কে ট্ৰেডিং এজেন্সী নামৰ ডেম্পটোত থকা বুলি গোপন সূত্ৰৰ পৰা এটা খবৰ পাইছিলো । এই গোপন সূত্ৰৰ ভিত্তিত ডেম্পটোত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঁহ, পিতল, তামৰ সামগ্ৰী জব্দ কৰা হৈছে । মহানগৰীৰ ধৰ্মীয় অনুষ্ঠান মন্দিৰ আৰু মছজিদৰ পৰা চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰা হয় ডেম্পটোৰ পৰা ।"

STOLEN TEMPLE IDOLS RECOVERED
কাঁহী-বাটি-ঘটিৰ লগতে উদ্ধাৰ হয় ৯ বস্তা বিদ্যুৎ পৰিবাহী তাঁৰো (ETV Bharat Assam)

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, "কাঁহ আৰু পিতলৰ ঘটি ২৩২ টা, কাঁহৰ কাঁহী ৯৭ খন, ধূপদানী ৬৮ টা, মন্দিৰৰ ঘণ্টা ১ টা, কব্জা ১৮ টা, চিৎকানী ১৮ টা, কাঁহৰ বাটি ৩ টা, বিদ্যুৎ পৰিবাহী তাঁৰ ৯ বস্তা, এলুমিনিয়ামৰ ভাল্ব ৪ টা আৰু বেটাৰী ১৪ টা জব্দ কৰা হৈছে । ডেম্পৰ পৰা শ্বাহানুৰ ইছলাম (১৮) আৰু প্ৰেম বাহাদুৰ মগৰ (২৮) নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰেম বাহাদুৰ মগৰৰ ঘৰ ধেমাজিত বুলি জানিব পৰা হৈছে ৷"

লগতে পঢ়ক: চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী

চোৰৰ কৱলৰ পৰা সাৰি নগ'ল জাতিৰ পিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.