ETV Bharat / opinion

পৃথিৱী সলনি কৰি পেলোৱা প্ৰযুক্তি হৈ উঠিছে এআই, কি কৰিব ভাৰতে ? - ARTIFICIAL INTELLIGENCE

ঔদ্যোগিক বিপ্লৱে সলনি পেলাইছিল পৃথিৱীৰ আৰ্থিক মানচিত্ৰ । এতিয়া পৃথিৱী আন এক বিপ্লৱৰ সন্মুখত থিয় হৈ আছে – এআই বিপ্লৱ। ভাৰতে কি কৰিব?

ETV Bharat
ডীপছীকৰ হাত ধৰি বেছি পিছ পৰি থকা নাই চীন (ইটিভি ভাৰত)
author img

By Brig Rakesh Bhatia

Published : Feb 8, 2025, 11:57 AM IST

ৰক্তক্ষয় অবিহনে হেনো সমাজৰ পৰিবৰ্তন অসম্ভৱ ৷ সমাজ বিজ্ঞানীসকলৰ এই ধাৰণাই সাধাৰণতে কোনো বৃহৎ ৰাজনৈতিক পৰিবৰ্তনক সূচায় ৷ অৱশ্যে বিভিন্ন দেশত বিভিন্ন সময়ত এনে বিপ্লৱো ঘটিছে যি সমাজলৈ আমূল পৰিবৰ্তন আনিছে ৷ শিল্প বিপ্লৱ তাৰেই অন্যতম ৷ যিয়ে সলনি কৰিছিল দুনিয়াৰ অৰ্থনৈতিক মানচিত্ৰ ৷ এইবাৰ বিশ্ব আৰু এক বিপ্লৱৰ সমুখত- এআই বিপ্লৱ ৷

ইমানদিন পৰ্যন্ত এই পৰিৱৰ্তনৰ নেতৃত্ব বহন কৰি আহিছে আমেৰিকাই ৷ এতিয়া ডীপছীকৰ হাত ধৰি পিছপৰি থকা নাই চীনো ৷ চীনৰ ডীপছীক প্ৰযুক্তিয়ে আমেৰিকাৰ বৃহৎ প্ৰতিষ্ঠান গুগলৰ পৰা মেটালৈকে সকলোৰে মাজত চিন্তাৰ উদ্ৰেক ঘটাইছে ৷ পৰিস্থিতিৰ গাম্ভীৰ্যতা বুজা গৈছে স্বয়ং আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথাৰ পৰাও ৷ তেওঁৰ কথাত এয়াই সচেতন হোৱাৰ সময় ৷ এই ডীপছীকে এআইৰ দৰেই নিৰ্ভৰযোগ্য ফলাফল প্ৰদান কৰে ৷ তদুপৰি খৰচৰ দিশৰ পৰাও ই কম ব্যয়বহুল ৷

ওপেন এআইৰ মাধ্যমেৰে কোনো এক নিৰ্দিষ্ট ফলাফল পাবলৈ যি পৰিমাণ খৰচ হয় তাৰ তুলনাত বহু কম খৰচত প্ৰায় একেই ফলাফল দিবলৈ সক্ষম চীনৰ ডীপছীক ৷ কোনো কোনো ক্ষেত্ৰত আনকি এআইতকৈয়ো সঠিক ফলাফল দিবলৈ সক্ষম ডীপছীক ৷ এই উদ্ভাৱন যে মূলতঃ এক বিপ্লৱ সেয়া আৰু বেলেগকৈ বুজাই দিয়াৰ প্ৰয়োজন নাই ৷ বিভিন্ন সংস্থা আৰু সেইসমূহৰ কামৰ পৰিসৰৰ বাহিৰলৈ গৈ বিভিন্ন দেশৰ সামৰিক নীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা পৰ্যন্ত প্ৰভাৱিত কৰিব পাৰে ডীপছিকে ৷ এআইৰ এই পৰিৱৰ্তনশীল মানচিত্ৰই ভাৰতলৈ সমস্যা আৰু সুযোগ দুয়োটা কঢ়িয়াই আনিছে।

খৰচৰ তাৰতম্য

পৃথিৱীৰ বিভিন্ন দেশে বিশ্বাস কৰে এআইক ব্যৱহাৰ কৰি অধিক ফলপ্ৰসূ পৰিণাম পাবলৈ হ’লে প্ৰয়োজন বুজন পৰিমাণৰ আৰ্থিক বিনিয়োগৰ ৷ এটি সূত্ৰমতে কেৱল কম্পিউটাৰক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ ওপেন এআয়ে প্ৰায় 100 মিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে ৷ তথ্য সন্ধানৰ পৰা আৰম্ভ কৰি নানা কাৰণত মুঠ সম্ভাব্য বিনিয়োগ হ‘ব প্ৰায় 30ৰ পৰা 40 হাজাৰ আমেৰিকান ডলাৰ ৷ এইখিনিতে কাৰ্যত সকলোকে আচৰিত কৰি তুলিছে ডীপছীকে ৷ খৰচ কমাইছে প্ৰায় 94 শতাংশ ৷

কিয় কমিছে খৰচ?

খৰচ কমাৰ প্ৰথম কাৰণ হৈছে- প্ৰযুক্তিৰ ব্যৱহাৰ ৷ এটা উদাহৰণৰ জৰিয়তে বিষয়টো বুজা যাব ৷ ওপেন এআই ব্যৱহাৰ কৰি এটা সংখ্যা ছেভ কৰিবলৈ 32 বিট ফ্লোটিং পয়েণ্ট প্ৰয়োজন হয় ৷ খৰচ হয় 8 বাইট মেম’ৰি ৷ সেইঠাইত ডীপছীকৰ জৰিয়তে একেটা কামৰ বাবে খৰচ হয় 1 বাইট মেম’ৰি ৷ ইয়াৰ ওপৰি যি কোনো এআই মডেলে এবাৰত এটা বিশেষ শব্দ পঢ়িব পাৰে ৷ সেই ঠাইত ডীপছীকে এবাৰত সম্পূৰ্ণ এটা বাক্য পঢ়ি পেলাব পাৰে ৷ য‘ত জিপিটিয়ে এটা সম্পূৰ্ণ বাক্য পঢ়িবলৈ সময় লয় 8 ছেকেণ্ড ৷ ফলত ডীপছীকত সময় ৰাহি হয় ৷

হিচাপৰ অংক

এইবাৰ আহো হিচাপৰ ক্ষেত্ৰত ৷ ওপেন এআইৰ জিপিটিয়ে 8 কোনো এটা হিচাপ উলিওৱাৰ বাবে 1.3 ট্ৰিলিয়ন পেৰামিটাৰৰ ওপৰত নিৰ্ভৰ কৰে ৷ ফলত শুদ্ধতাৰ সম্ভাৱনা বাঢ়ে নে নাই সেই সম্পৰ্কে আলোচনাৰ সুযোগ থাকে ৷ এই কথাত কোনো দ্বিমত নাই ৷ অৱশ্যে এই প্ৰক্ৰিয়া সময়বহুল ৷

আনপিনে ডীপছীকৰ কামৰ পদ্ধতি অলপ হলেও পৃথক ৷ 37 বিলিয়ন পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি ফলাফল দিয়ে ডীপছীকে ৷ সময়ো কম লয় ৷ এই বিষয়ে মন্তব্য কৰিছে টেছলা এআইৰ দায়িত্বত থকা প্ৰাক্তন অধিকৰ্তা আন্দ্ৰেজ কাৰ্পাথিয়ে ৷ তেওঁ কয়, এআই মডেলক প্ৰশিক্ষণৰ দিশত নতুন মাত্ৰালৈ লৈ গৈছে ডীপছীকে ৷ বিশেষকৈ খৰচৰ ক্ষেত্ৰত আহিছে পৰিৱৰ্তন ৷

এনভিডিয়াৰ দৰে কোম্পানীৰ শংকা

ডীপছীকৰ ভাল ফলাফল এনভিডিয়াৰ দৰে কোম্পানীৰ বাবে কেতিয়াও ভাল খবৰ নহয়। এআই চিপ বিক্ৰী কৰাটো তেওঁলোকৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস। কিন্তু ডীপছীকৰ ক্ষেত্ৰত, তেনে কোনো নিৰ্ভৰশীলতা নাই। ইয়াৰ উপৰিও, ডীপছীকৰ এটা নতুন আৰ্হি ঘোষণা কৰা হৈছে। সেই মুহূৰ্ততে, এ.আই. কোম্পানীবোৰত ধন বিনিয়োগ কৰা লোকসকলে উপলব্ধি কৰিছিল যে এনভিডিয়াৰ হাৰ্ডৱেৰ অবিহনেই নিৰ্ভৰযোগ্য ফলাফল সম্ভৱ। ফলস্বৰূপে, এনভিডিয়াই এদিনতে 589 বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হয় । ইতিহাসত আজি পৰ্যন্ত কোনো কোম্পানীৰে এটা দিনত ইমান ডাঙৰ লোকচান হোৱা নাই।

ভাৰতৰ স্থিতি: প্ৰত্যাহ্বান আৰু সুযোগ

চীনৰ এআই মডেলৰ সফলতাই ভাৰতৰ সমুখত কেইটামান প্ৰশ্নৰ দাঙি ধৰিছে। আটাইতকৈ জৰুৰী প্ৰশ্নটো হ'ল, ভাৰতে কিয় এআইৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা নাই ? জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিতিন কামাথে বিজনেছ টুডে সংবাদ পত্ৰত প্ৰকাশিত তেওঁৰ প্ৰতিবেদনত এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে। তেওঁ ভাৱে যে ভাৰতৰ সফলতাৰ মূল বাধা হৈছে কোনো এটা বিষয়ত স্বল্পম্যাদী সিদ্ধান্ত লোৱা। আৰু যদি সেয়া নহয়, কেৱল নিশ্চিত কৰা যে কিদৰে বৰ্তমানে কাম কৰি থাকিব লাগে। এই মানসিকতা সলনি হ'ব লাগিব। দীৰ্ঘম্যাদী সময়ৰ বাবে ইয়াৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু এটা সিদ্ধান্ত ল'ব লাগিব।\

যুদ্ধ আৰু এআই

ডীপছীকে কেৱল কেইটামান ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব তেনে ভৱাৰ কোনো থল নাই ৷ যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতিকো ব্যাপকভাৱে সলনি কৰিব পাৰে ডীপছীকে ৷ সামৰিক ক্ষেত্ৰত ডীপছীকৰ এই প্ৰভাৱে ভাৰতৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে ৷ সেনাবাহিনীৰ অৱস্থান নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন কামত এই প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব পাৰে ৷ শত্ৰুৱে কোনফালৰ পৰা আক্ৰমণ কৰিছে সেইটোও সহজে বুজিব পৰা যাব ৷ এইদৰে আগুৱাই যাব পাৰিলে পৰৱৰ্তী সময়ত সেনাবাহিনীত স্বয়ংক্ৰিয় পদ্ধতিত নিৰ্দেশ দিয়াটোও সম্ভৱ হ’ব ৷

ভাৰতৰ প্ৰত্যাহ্বান

ভাৰতৰ ওচৰত কম সময় আছে। কিন্তু বহুত কাম। প্ৰথমতে, আমি ছেমিকণ্ডাক্টৰ তৈয়াৰ কৰাত বিনিয়োগ কৰিব লাগিব। প্ৰতিৰক্ষাৰ দিশত এআইৰ ব্যাপক ব্যৱহাৰ কৰিব লাগিব। এক কথাত, এ.আই. পৰিস্থিতিতন্ত্ৰ এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰিব লাগিব। যিদৰে চীনে এআই ব্যৱহাৰ কৰি অত্যাধুনিক অস্ত্ৰ প্ৰস্তুত কৰিছে সেই কাম ভাৰতেও কৰিব লাগিব। নিজৰ মতে এআই প্ৰণালী সৃষ্টি কৰিব নোৱাৰিলে দেশৰ সমস্যাবোৰ যে বাঢ়িব তাত কোনো সন্দেহ নাই। বিদেশী কোম্পানীবোৰৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে কোনো উপায় নাথাকিব।

উপসংহাৰ

ডীপছীকে এইআইত শ্ৰেষ্ঠ হোৱাৰ প্ৰতিযোগিতাক যে সম্পূৰ্ণ কৰি পেলাব তাত কোনো সন্দেহ নাই ৷ ডাঙৰ ডাঙৰ টেক সংস্থাবোৰে এআইৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ উপক্ৰম ঘটিছে ৷ এসময়ত ব্যৱসায়ৰ অংশ হিচাপে পৰিগণিত এআই এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশতো বৃহৎ ভূমিকা লোৱাৰ দিশত অগ্ৰসৰ ৷ আগন্তুক বছৰবোৰত ভাৰতে ডীপছীক সম্পৰ্কে কি সিদ্ধান্ত লয় সেইটোৱে নিৰ্ণয় কৰিব কৃত্ৰিম বুদ্ধিমত্তাৰ এই জগতৰ সৈতে ভাৰতে খোজ মিলাব পাৰিব নে পিছপৰি ৰ’ব ৷

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট 2025: কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন - UNION BUDGET 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.