ডিব্ৰুগড়: অসমীয়াৰ বাপতি সাহোন বিহুৱে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল । অসম চৰকাৰৰ উদ্যোগত হাজাৰ হাজাৰ ঢুলীয়া-নাচনীৰ অংশগ্ৰহণেৰে বিহুৱে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতে অসমৰ অতি শক্তিশালী জনগোষ্ঠী চাহ জনগোষ্ঠীৰ ঝুমুৰক বিশ্ব দৰবাৰত উজলাই তুলিবলৈ লক্ষ্য লৈছে চৰকাৰে । বিহুৰ পাছতে ঝুমুৰ নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ।
এইবাৰ গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত একেলগে সাত হাজাৰ শিল্পীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত চাহ জনগোষ্ঠীসকলৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব । যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । সমষ্টিয়ে সমষ্টিয়ে বাচনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ অনুষ্ঠিত হোৱা পাছত এতিয়া জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে অনুশীলন । ফলত ডিব্ৰুগড়ত উখল-মাখল পৰিৱেশ । বিশ্ব অভিলেখ গঢ়িবলৈ হাজাৰ হাজাৰ ঝুমুৰ নৃত্যশিল্পীয়ে একেলগে কৰিছে ঝুমুৰৰ অনুশীলন ।
ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰা 'ঝুমইৰ বিনন্দিনী-২০২৫' ৰ মাণ্ডলিক ভিত্তিক প্ৰশিক্ষণ তথা প্ৰদৰ্শন শনিবাৰৰ পৰা ডিব্ৰুগড়ৰৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হৈছে । নান্দনিক পৰিৱেশত উজনি অসমৰ ডিব্ৰুগড়ত চলিছে এই অভিলেখৰ বাবে পূৰ্ণ প্ৰস্তুতি । হাজাৰ হাজাৰ ঝুমুৰ শিল্পীয়ে ডিব্ৰুগড়ত কৰিছে অনুশীলন । মাদলৰ তালত ৩৪৭১ শিল্পীয়ে একেখন বাকৰিতে কৰিলে ঝুমুৰ নৃত্য প্ৰদৰ্শন ।
ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ আৰু ধেমাজি জিলাৰ ঝুমুৰ নৃত্যৰ নিৰ্বাচিত ৩৪৭১ শিল্পীয়ে একেখন বাকৰিতে কৰিছে ডিব্ৰুগড়ত নৃত্য প্ৰদৰ্শন । ঝুমুৰ সম্ৰাট দুলাল মানকি, চাজন নায়ক, বিহুৱা ৰঞ্জিত গগৈৰ লগতে কেইবাজনো শিল্পীয়ে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত হাজাৰ হাজাৰ ঝুমুৰ শিল্পীক কৰাইছে অন্তিম আখৰা । নিশা এই কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন, প্ৰশান্ত ফুকনকে ধৰি কেইবাজনো বিধায়ক উপস্থিত থাকে ।
মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিছে সমগ্ৰ ব্যৱস্থা:
ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰা 'ঝুমইৰ বিনন্দিনী-২০২৫' ৰ মাণ্ডলিক ভিত্তিক প্ৰশিক্ষণত পাঁচখনকৈ জিলাৰ শিল্পীয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত উপস্থিত থাকি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, "উজনিৰ জিলাসমূহক একলগ কৰি ডিব্ৰুগড়ত ঝুমুৰৰ মাণ্ডলিক ভিত্তিক প্ৰশিক্ষণ দিয়া হৈছে । এই অনুশীলনত ঝুমুৰৰ সৌন্দৰ্যতা প্ৰতিফলিত হৈছে । এই ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে তদাৰক কৰি আছে ।"
এটা সময়ত ঝুমুৰ গীত বুলি ক'লে মানুহে ঘিণ কৰিছিল:
ডিব্ৰুগড়ত উজনিৰ পাঁচখন জিলাৰ ঝুমুৰ শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা মাণ্ডলিক ভিত্তিক প্ৰশিক্ষণত উপস্থিত থাকি সমগ্ৰ অনুশীলন নিশা তদাৰক কৰে ঝুমুৰ সম্ৰাট দুলাল মানকিয়ে । তেওঁ কয়, "ডিব্ৰুগড়ত আহি ঝুমুৰৰ এক সুন্দৰ পৰিৱেশ দেখিছোঁ, সকলো দিশতে আনন্দৰ জোঁৱাৰ উঠিছে । ঝুমুৰৰ গীত-নৃত্যৰ মাজে মাজে সকলোৰে মুখে মুখে হাঁহি বিৰিঙিছে । অসমত বাস কৰা চাহ জনগোষ্ঠীৰ এক সুকীয়া বৈশিষ্ট্য, কলা-সংস্কৃতি আছে সেইটো হ’ল ঝুমুৰ । ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰে যি চেষ্টা কৰিছে তাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ । এটা সময়ত ঝুমুৰ গীত বুলি ক'লে মানুহে ঘিণ কৰিছিল । কিন্তু এতিয়া সকলোৰে মুখে মুখে ঝুমুৰ গীত । অসমৰ ডাঙৰ ডাঙৰ শিল্পীয়ে ঝুমুৰ গীত গায় ।"