ETV Bharat / state

উৎকন্ঠাৰ অন্ত পেলাই নিস্ক্ৰিয় কৰা হ'ল দুটাকৈ বোমা - DULLUNG RESERVED FOREST

অৱশেষত সকলো আতংক-উৎকন্ঠাৰ অন্ত পেলাই ভাৰতীয় বায়ুসেনাই নিস্ক্রিয় কৰিলে লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুটাকৈ বোমা । আগষ্ট মাহতে উদ্ধাৰ হৈছিল বোমা দুটা ।

Two bombs of Dulung Reserve Forest in Lakhimpur were defused
উৎকন্ঠাৰ অন্ত পেলাই নিস্ক্ৰিয় কৰা হ'ল দুটাকৈ বোমা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 8:46 PM IST

লখিমপুৰ: সফল হ'ল ভাৰতীয় বায়ুসেনাৰ বোমা বিশেষজ্ঞ । অতি কৌশলেৰে নিস্ক্রিয় কৰিলে লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত পৰি থকা দুটাকৈ শক্তিশালী বোমা । অৱশেষত এক ভয়াবহ বিস্ফোৰণৰ আশংকা আঁতৰিল ।

কেনেধৰণৰ আছিল প্ৰস্তুতি:

উৎকন্ঠাৰ অন্ত পেলাই নিস্ক্ৰিয় কৰা হ'ল দুটাকৈ বোমা (ETV Bharat Assam)

লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত পৰি আছিল দুটাকৈ বোমা । যোৱা আগষ্ট মাহত ধৰা পৰিছিল বোমা দুটাৰ অৱস্থিতি । এই বোমা দুটা বিষ্ফোৰণ ঘটাই বিপদৰ আশংকা নোহোৱা কৰিবলৈ ভাৰতীয় বায়ুসেনা বাহিনীয়ে উদ্যোগ লয় । তেওঁলোকে ১২ আৰু ১৩ ফেব্ৰুৱাৰী দিন দুটা ইয়াৰ বাবে নিৰ্দিষ্ট কৰি লয় । প্ৰায় ছয় কুইন্টল ওজনৰ দুটাকৈ বোমা বিস্ফোৰণ ঘটাবলৈ ভাৰতীয় বায়ুসেনাই লখিমপুৰ জিলা প্ৰশাসনক সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনায় ।

সেইমৰ্মে লখিমপুৰ জিলা আয়ুক্তই কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে । বোমা থকা স্থানৰ পৰা ২.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ সকলো লোকক আতৰি যাবলৈ নিৰ্দেশ দিয়াৰ লগতে নিৰ্দিষ্ট দিন দুটাত বনাঞ্চলখনত প্ৰবেশ নিষিদ্ধ কৰে । আনহাতে বন্যজীৱৰ ক্ষতিৰ আশংকা কৰি জিলাৰ বন বিভাগে কেইদিনমানৰ আগৰে পৰা বোমা থকা স্থানৰ পৰা জীৱ-জন্তুসমূহ আঁতৰাই পঠোৱাৰ ব্যবস্থা গ্রহণ কৰে ।

বিশেষকৈ বন্যহস্তীক সেই স্থানৰ পৰা খেদি পঠাবলৈ বন বিভাগে বিশেষ ব্যৱস্থা গ্রহণ কৰে । এনেদৰে সকলো সুৰক্ষামূলক ব্যৱস্থা হৈ উঠাৰ পাছত বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনাৰ বোমা বিশেষজ্ঞই বোমা দুটা নিস্ক্রিয় কৰিবলৈ আগবাঢ়ে ।

কেনেদৰে নিস্ক্রিয় কৰা হ'ল বোমা দুটা:

বোমা থকা স্থানৰ চৌদিশে শিল-বালিৰ বস্তাৰ কেইবাতৰপীয়া ওখ বেৰা দিয়া হয় যাতে বোমা বিস্ফোৰণ হ'লে তাৰ প্ৰভাৱ সেই স্থানতে সীমাৱদ্ধ থাকে । তিনি কিলোমিটাৰ ব্যাসার্ধৰ এলেকা চীল কৰি দিয়া হয় । জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলাৰ বন বিষয়া আদি উপস্থিত থাকি ভাগে ভাগে সকলো সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰে । এছ ডি আৰ এফ বাহিনী, অগ্নি নিৰ্বাপক বাহিনীও সাজু হৈ ৰয় ।

Two bombs of Dulung Reserve Forest in Lakhimpur were defused
আগষ্ট মাহতে উদ্ধাৰ হৈছিল বোমা দুটা (ETV Bharat Assam)

স্বাস্থ্য বিভাগৰ দলৰ লগতে জৰুৰী এম্বুলেন্স সেৱাও সাজু কৰি ৰখা হয় । সাজু হৈ ৰয় পশু চিকিৎসা বিভাগো । এনেধৰণৰ সকলো সুৰক্ষামূলক ব্যৱস্থাৰ মাজেৰে ভাৰতীয় বায়ুসেনাৰ বোমা বিশেষজ্ঞৰ দল বোমা দুটা নিস্ক্রিয় কৰিবলৈ আগবাঢ়ে । শিল-বালিৰ বস্তাৰ কেইবাতৰপীয়া ওখ বেষ্টনীৰ মাজত থকা বোমা দুটাৰ কাষতে বোমা বিশেষজ্ঞই বিশেষ ধৰণৰ বোমা সদৃশ যন্ত্র স্থাপন কৰি সেই যন্ত্রৰ বিষ্ফোৰণ ঘটায় । সামান্য শব্দ কৰি হোৱা এই বিষ্ফোৰণৰ ফলত পৰি থকা বোমা দুটা নষ্ট হৈ পৰে । লগে লগে অন্ত পৰে এক ভয়ংকৰ বোমা বিস্ফোৰণৰ আশংকা । সকলোৱে স্বস্তিৰ নিশ্বাস লয় ।

আগষ্ট মাহৰ পৰা সৃষ্টি হৈ আছিল আতংকময় পৰিৱেশ:

যোৱা ২৩ আগষ্টত লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ দুলুঙত উদ্ধাৰ হৈছিল ৬ কুইন্টল ওজনৰ দুটা বোমা । এই বোমা দুটা আছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ । দুলুং সংৰক্ষিত বনাঞ্চলৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ ঝিলী নদীত ৰাইজে প্ৰত্যক্ষ কৰিছিল এই বোমা দুটা । ঝিলী নদীৰ পানীৰ গভীৰতাত এটা ৫০০ আৰু আনটো ১০০ কেজি ওজনৰ দুটাকৈ সক্ৰিয় বোমা কোৱাৰী খনন কৰা লোকে প্ৰত্যক্ষ কৰি বায়ুসেনা বাহিনীক খবৰ দিয়ে ।

দুলুং সংৰক্ষিত বনাঞ্চলৰ বোমা (ETV Bharat Assam)

খবৰ পাই বায়ুসেনা, লখিমপুৰ জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়া সহিতে বৃহৎ আৰক্ষী বাহিনী আৰু অৰুণাচল আৰক্ষী তথা বায়ুসেনা বাহিনী বোমা উদ্ধাৰ হোৱা স্থলীত উপস্থিত হৈ বোমা নিস্ক্রিয় কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল যদিও নিস্ক্রিয় কৰাত সফল হোৱা নাছিল । সক্ৰিয় অৱস্থাত বোমা দুটা নদীতেই পৰি আছিল আৰু নদীৰ গভীৰতাত থকাৰ বাবেহে ইমান দিনে বিস্ফোৰণ নোহোৱাকৈ আছিল । তেতিয়াৰে পৰা এই সক্রিয় বোমা দুটাক লৈ ৰাইজ সংশয়ত আছিল আৰু বৃহস্পতিবাৰে শংকামুক্ত হয় ।

কি কয় জিলা আয়ুক্তই ?

ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে বোমা দুটা নিস্ক্রিয় কৰাৰ পাছতে সন্তষ্টি প্ৰকাশ কৰে লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে । তেওঁ কয়, "এতিয়াহে শংকামুক্ত হৈছো । একো হানি-বিঘিনি নোহোৱাকৈ বোমা দুটা নিস্ক্রিয় কৰাত সফল হোৱাৰ বাবে ভাৰতীয় বায়ু সেনাক ধন্যবাদ জনাইছো । তাৰ লগতে এই সময়ত জড়িত আৰক্ষী, বন, পশু চিকিৎসা আদি বিভাগক ধন্যবাদ জনাইছো । বিশেষকৈ এই অঞ্চলৰ ৰাইজে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে ৰাইজক বিশেষ ভাবে ধন্যবাদ দিছো । সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমে লোৱা ভূমিকাকো মই ধন্যবাদ জনাইছো ।"

লগতে পঢ়ক: সতৰ্ক হৈ থাকক ! ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাব লখিমপুৰক - DULLUNG RESERVED FOREST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.