ETV Bharat / state

অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়াই ল'লে চৰম পথ - MYSTERIOUS DEATH

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তেওঁৰ বাসগৃহত অভিযান চলাই তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ।

MYSTERIOUS DEATH
অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়াই ল'লে চৰম পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 8:58 PM IST

গুৱাহাটী: নিজে নিজৰ প্ৰাণ ল'লে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবিতা ডেকাই । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কিছুদিন পূৰ্বে তেওঁৰ বাসগৃহত অভিযান চলাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই‌ ঘটনাৰ পিছত অৱসৰপ্ৰাপ্ত সঞ্চালকগৰাকীয়ে নিজৰ প্ৰাণ লোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কয়, "জালুকবাৰী পদুমবৰীত থকা বাসগৃহত আজি পুৱা ডেকাৰ মৃতদেহ ঘৰৰ ভেন্টিলেছনত চিপ লৈ ওলমি থকা অৱস্থাত পৰিয়ালৰ লোকে দেখিবলৈ পাই আৰক্ষীক খবৰ দিয়ে । লগে লগে পৰিয়ালৰ লোকে এপ'ল' এক্সেল কেয়াৰ হাস্পতালত তেওঁক ভৰ্তি কৰে যদিও হাস্পতালত চিকিৎসকে ডেকাক মৃত বুলি ঘোষণা কৰে ।"

জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে, ঘটনাটো আৰক্ষীয়ে তদন্ত কৰি আছে । ‌যোৱা ২২ জানুৱাৰীত পুনৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গুৱাহাটীৰ জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া কবিতা ডেকাৰ গৃহত তালাচী অভিযান চলাইছিল । নীতি বহির্ভূতভাৱে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাকে ধৰি ধনৰ বিনিময়ত ছগৰাকী প্ৰাৰ্থীক ‘মাষ্টাৰ উইভাৰ’ পদত জালিয়াতিৰে নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছত অৱসৰপ্ৰাপ্ত সঞ্চালক কবিতা ডেকাৰ গৃহত তালাচী চলাইছিল তদাৰকী দলটোৱে ।

২০১৯-২০ চনৰ কাৰ্যকালত কবিতা ডেকাই নিযুক্তি কেলেংকাৰী কৰাৰ পাছত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰৱৰ্তী সঞ্চালকে ২০২১ চনত নিযুক্তি কেলেংকাৰীৰ অভিযোগ দিছিল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পাছত আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া । গোচৰ পঞ্জীয়নৰ পূৰ্বে পুংখানুপুংখভাৱে চলিছিল অভিযোগৰ তদন্ত । পৰৱৰ্তী পৰ্যায়ত কেলেংকাৰীৰ উপযুক্ত তথ্য লাভ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।

এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত সঞ্চালক কবিতা ডেকাৰ বিৰুদ্ধে ইতিমধ্যে ৪/২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল । তদুপৰি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কবিতা ডেকাৰ বিৰুদ্ধে কেইবাটাও ভূমি সংক্ৰান্তীয় গোচৰ ৰুজু হৈ থকা বুলিও জানিব পৰা গৈছে । অভিযানকালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলে তেওঁৰ ১২টা বেংক একাউণ্টৰ লগতে বিভিন্ন স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য লাভ কৰিছিল ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: কথাতে বঁটা, কথাতে কটা, দলীয় সকলো দায়িত্ব হেৰুৱালে আকাশ ফুকনে - BJP LEADER AKASH PHUKAN

এলিজাবেথ ক’লবাৰ্ণ গগৈ বিতৰ্ক; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ ইত্যাদি - ELIZABETH COLEBOURN CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.