ETV Bharat / sports

কে এল ৰাহুল নে ঋষভ পন্ত, চেম্পিয়নছ ট্ৰফীত কোন হ’ব ভাৰতৰ উইকেটকীপাৰ ? - CHAMPIONS TROPHY 2025

কে এল ৰাহুল আৰু ঋষভ পন্তৰ ভিতৰত কোন হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতৰ উইকেটকীপাৰ ? মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কৰিলে নিশ্চিত ।

CHAMPIONS TROPHY 2025
কে এল ৰাহুল আৰু ঋষভ পন্ত (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 8:48 PM IST

আহমেদাবাদ: গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ইংলেণ্ডক ১৪২ ৰাণত পৰাস্ত কৰে ভাৰতে । এই জয়েৰে টীম ইণ্ডিয়াই ১৪ বছৰৰ পাছত এদিনীয়া মেচত ব্ৰিটিছক ধূলিস্যাৎ কৰি পেলালে । এতিয়া ভাৰতীয় দলটোৱে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত খেলিবলৈ ডুবাইলৈ ৰাওনা হ’ব । আগন্তুক আই চি চিৰ এই প্ৰতিযোগিতাত ভাৰতৰ হৈ কোন হ’ব উইকেটকীপাৰ ? তৃতীয়খন এদিনীয়া খেলৰ অন্ত পৰাৰ পাছত এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছে প্ৰশিক্ষক গৌতম গম্ভীৰে ।

কে এল ৰাহুল দলৰ প্ৰথম পছন্দৰ উইকেটকীপাৰ

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে কয় যে চেম্পিয়নছ ট্ৰফীত কে এল ৰাহুল দলৰ প্ৰথম পছন্দৰ উইকেটকীপাৰ হ’ব আৰু ঋষভ পণ্টক বিকল্প হিচাপে প্লেইং-১১ত অন্তৰ্ভুক্ত কৰাৰ বাবে তৎক্ষণাত বিবেচনা কৰা নহ’ব ।

তৃতীয়খন এদিনীয়া খেলৰ পাছত গৌতম গম্ভীয়ে কয়, "ৰাহুল বৰ্তমান আমাৰ এক নম্বৰ উইকেটকীপাৰ আৰু এইখিনিয়েই মই এতিয়াই ক’ব পাৰো । ঋষভ পন্তই সুযোগ পাব কিন্তু বৰ্তমান ৰাহুলে ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু আমি দুজন উইকেটকীপাৰ-বেটছমেনৰ সৈতে খেলিব নোৱাৰো ।

ঋষভ পন্তে সুযোগ নাপালে

ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত কে এল ৰাহুলে গ্ল’ভছ আৰু বেট দুয়োটাৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । একে সময়তে বাওঁহাতৰ আক্রমণাত্মক উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত দলৰ একমাত্ৰ খেলুৱৈ যিয়ে এখনো মেচত খেলাৰ সুযোগ নাপালে৷

অক্ষৰ পেটেলক ৫ নম্বৰ স্থানত পঠোৱাটো সঠিক সিদ্ধান্ত আছিল

পঞ্চম নম্বৰত ভাল প্ৰদৰ্শন কৰা ৰাহুলৰ ঠাইত প্ৰথম দুখন মেচত অক্ষৰ পেটেলক নিযুক্তি দিয়াৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি গম্ভীৰে কয় যে যিকোনো ব্যক্তিৰ আগ্ৰহতকৈ দলৰ আগ্ৰহ অধিক গুৰুত্বপূৰ্ণ ৷ তেওঁ ক’লে, ‘আমি ৰেকৰ্ড নাচাওঁ । আমি দেখিবলৈ পাওঁ কোনজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব পাৰে ।

জয়ছোৱালৰ সঠিক প্ৰতিস্থাপক চক্ৰৱৰ্তী

গম্ভীৰে বাওঁহাতৰ অ’পেনাৰ যশস্বী জয়ছোৱালক চেম্পিয়নছ ট্ৰফী ২০২৫ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্তকো ন্যায্যতা প্ৰদান কৰে, যাৰ ঠাইত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক স্থান দিয়া হৈছে । তেওঁ কয়, "ইয়াৰ একমাত্ৰ কাৰণ হ’ল আমি উইকেট লোৱা বলাৰ হিচাপে এটা বিকল্প বিচাৰিছিলো আৰু আমি সকলোৱে জানো যে বৰুণ চক্ৰৱৰ্তী সেই বিকল্প হ’ব পাৰে । জয়ছোৱালৰ সন্মুখত এতিয়াও দীৰ্ঘ ভৱিষ্যত আছে আৰু আমি মাত্ৰ ১৫ জন খেলুৱৈ বাছনি কৰিব পাৰো ।

লগতে পঢ়ক: আৰ চি বিৰ নতুন অধিনায়ক ঘোষণা: এইগৰাকী তাৰকা খেলুৱৈক অৰ্পণ কৰিলে দলৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.