মাজুলী: ২৯ জানুৱাৰীৰ পৰা মাজুলী মিনি ষ্টেডিয়ামত আৰম্ভ হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা ২০২৫ । পোনপ্ৰথমবাৰৰ বাবে জিলা ভিত্তিত অনুষ্ঠিত কৰা এই ফুটবল প্ৰতিযোগিতাৰ বাবে ফুটবলপ্ৰেমীৰ মাজত দেখা গৈছে ব্যাপক উচাহ-উদ্দীপনা । কিন্তু ইয়াৰ মাজতে উত্তপ্ত হৈ পৰিল মাজুলী মিনি ষ্টেডিয়াম । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত লাগে কেৰোণ ।
খেলখন অনুষ্ঠিত হৈছিল ৰিভাৰইন ক্লাব আৰু কাৰপুনপুলি ক্লাবৰ মাজত ৷ এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হৈ আছিল । প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন চলি থকাৰ সময়তে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় মিনি ষ্টেডিয়ামত । এই চূড়ান্ত খেলখন পৰিচালনা কৰা ৰেফাৰীক আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে । কাৰপুনপুলি ক্লাবৰ একাংশ সমৰ্থকে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰেফাৰীক ।
সমৰ্থকৰ আক্ৰমণত অপূৰ্ব ৰেগন নামৰ ৰেফাৰীজন গুৰুতৰভাৱে আহত হয় । ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী উপস্থিত হৈ কৰিবলগীয়া হয় লাঠিচালনা । ফুটবল খেলখনত ৰেফাৰীয়ে একপক্ষীয় ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰি উত্তেজিত হৈ পৰে কাৰপুনপুলি ক্লাবৰ সমৰ্থকসকল । খেদি খেদি ৰেফাৰীক প্ৰহাৰ কৰা দৃশ্য বন্দী হৈ ৰৈছে কেমেৰাত ।
উল্লেখ্য যে চলিত বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা আকৌ এক নতুন ৰূপত আৰম্ভ হৈছে 'বৰদলৈ ট্রফী' । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সৈতে গুৱাহাটী ক্ৰীড়া সন্থাৰ বুজাবুজি চুক্তিমৰ্মে এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই বৰদলৈ ট্ৰফী অনুষ্ঠিত কৰিছে । বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত সহায় কৰিছে ৰাজ্য চৰকাৰেও । এনে এখন আশাৰ খেলত সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে মাজুলীৰ সচেতন ৰাইজক ।