গুৱাহাটী : সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
শনিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "মই এলিজাবেথৰ বিৰুদ্ধে এছ আই টি গঠন কৰিব খোজা নাই, আমি জানিবৰ বাবে । এনেয়ে টুইটাৰত কৈ থাকিলে খবৰবোৰ আমি গম নাপাম । পাকিস্তানলৈ কিমানবাৰ গৈছে, পাছপৰ্টখন খুজি আনিলেহে গম পাম । কিন্তু মই খুজি আনিব নোৱাৰো । থানাৰ পৰাহে খুজি আনিব পাৰিব । গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে । প্ৰথম অৱস্থাত এইটো এটা ৰাজনৈতিক বিতৰ্ক আছিল । কিন্তু এতিয়া বিষয়টো এটা ঘনঘোৰ অৱস্থালৈ গুচি গৈছে । কাৰণ তৰুণ গগৈৰ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানলৈ যোৱাটো অসমত কোনেও কল্পনা কৰিব নোৱৰা এটা কথা ।"
শৰ্মাই কয়, "বিয়াৰ আগত পাকিস্তানলৈ যোৱাটো বাৰু মানি ল'লো । কিন্তু বিয়াৰ পিছতো পাকিস্তানলৈ গৈছে । এতিয়া তেনেকুৱা তথ্যও আহিছে । ইয়াৰ বাবে এতিয়া কি কৰিব লাগিব । তেওঁৰ পাছপৰ্ট আৰু ভিছা লাগিব । মুখ্যমন্ত্রীয়ে ক'লে তেওঁ নিদিব । তাৰ বাবে তেওঁলৈ ন'টিছ পঠাব লাগিব । গতিকে লিগেল ব্যৱস্থা এটা ল'ব লাগিব । কাৰণ আমি আই এছ আইৰ কথাটো এৰি দিব নোৱাৰো । বেলেগ কথা এৰি দিব পাৰো । এতিয়া এনেকুৱা কথা ওলাইছে যে ২০১৩ চনত পাকিস্তানৰ এজন উচ্চপদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈ আহিছিল । ইয়াৰ বাবে সেই তাৰিখবোৰৰ পাছপৰ্ট, ভিছা ষ্টাম্পিং চাব লাগিব । ইয়াৰ বাবে আমি ইমিগ্ৰেচনক চিঠি লিখিম । আমি চৰকাৰৰ সংশ্লিষ্ট সংস্থাক চিঠি লিখিলেহে তথ্যবোৰ আহিব । আমি চৰকাৰীভাৱে তথ্যখিনি সংগ্ৰহ কৰিব নোৱাৰিলে আমি সহানুভূতি দেখুওৱা চক্ৰটোক বুজাব নোৱাৰিম । খবৰখিনি লিগেলি অনাৰ বাবে আমি কেছ এটা ৰেজিষ্টাৰ নকৰিলে আমি লিগেলি আনিব নোৱাৰো । গতিকে কাইলৈ আমি কেবিনেটত গোটেই বিষয়টো গভীৰভাৱে আলোচনা কৰিম ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "এখন ঘৰত আই এছ আই আৰু ৰ' কেনেকৈ একেলগে থাকিব পাৰে ? এইটো বৰ ভয়ংকৰ কথা । পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি, থাকিব পাৰে নেকি, একেলগে খাব পাৰে নেকি ? আই এছ আই হ'ল পাকিস্তান আৰু ৰ' হ'ল ভাৰত । দুইগৰাকী কেনেকৈ একেলগে থাকিব ? এইটো ভয়ংকৰ চিন্তা । স্বামী ৰ' হ'লে আৰু পত্নী আই এছ আই হ'লে ৰ'য়েও তেওঁৰ চাকৰি খেদিব আৰু আই এছ আয়েও তেওঁৰ চাকৰি খেদিব । এই ভয়ংকৰ চিন্তাটো পোৱাৰ পাছতেই মই বেছিকৈ সোমাই গ'লো । এজন মানুহে যেতিয়া ক'ব পাৰে যে মই ৰ' আৰু মোৰ পত্নী আই এছ আই তেতিয়া এইটো ডাঙৰ ঘটনা হৈ গ'ল । সেই ষ্টেটমেণ্টৰ বাবেহে আমি ইমান ভিতৰলৈ সোমাই গ'লো । নহ'লে দুই-এদিন সামাজিক মাধ্যমত কথা-বতৰা পাতি বিষয়টো এৰি দিলোহেতেন । কিন্তু মানসিকতা দেখি আমি সোমাই গ'লো ।"
"তেওঁ ক'ব লাগিছিল যে মোৰ পত্নী যদি আই এছ আই তেন্তে মই আজিয়ে ডাইভৰ্চ দিম । মুখ্যমন্ত্রীয়ে প্ৰমাণ কৰক বুলি ক'ব লাগিছিল । এই মানসিকতা জাতি-সমাজৰ বাবে বিপদজনক । তদুপৰি নিউক্লিয়াৰ, ডিফেন্স আদি প্ৰশ্ন ওলাই আছে । সেই স্ক্ৰীপ্টসমূহ পাকিস্তানৰ পৰা আহি আছে নেকি ! ৱাটচএপ, ফোন চাব লাগিব । পাকিস্তানৰ লগত কিমান ফোন হয় চাব লাগিব । পুলিচ কেছ নোহোৱালৈকে এইবোৰ চাব পৰা নাযাব । মোৰো এটা সীমাবদ্ধতা আছে, মই কিমান গৱেষণা কৰিম । পুলিচে এইটো ল'ব আৰু বেছি দূৰলৈ যাব পাৰিব । গতিকে কাইলৈ কেবিনেটে ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ব ।" হিমন্ত বিশ্ব শৰ্মাই লগতে কয় ৷
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাৱধায়ক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰিছে । উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাৱধায়ক চৌহানে যোৱা ১১ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী শৰ্মাই ডুবাই আৰু ছিংগাপুৰত শ্বপিং ম'ল আৰু হোটেলৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা বুলি অভিযোগ কৰিছিল ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতাগৰাকীয়ে কৰা এনে ভিত্তিহীন অভিযোগৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্রী শৰ্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰে । মুখ্যমন্ত্ৰীৰ এই গোচৰৰ আধাৰত আদালতে চি আৰ ৭৮/২০২৫ নম্বৰৰ গোচৰ ৰুজু কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকগৰাকীক কাৰণ দৰ্শোৱা জাননী (প্রী কগনাইজেন্স ন'টিছ) জাৰি কৰিছে । আদালতে লগতে চৌহানক অহা ১৭ মাৰ্চত আদালতত উপস্থিত হ'বলৈও নির্দেশ প্রদান কৰিছে । আনহাতে মুখ্যমন্ত্ৰীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীৰ বিৰুদ্ধে আদালতত দেৱানী মানহানি গোচৰ দাখিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ।