তেলৰ টেংকীসহ গোপন চেম্বাৰৰ পৰা ১৪ কোটি টকাৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী - DRUGS SEIZED IN CACHAR

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 10:39 AM IST

শিলচৰ: কাছাৰৰ ধলাই ৰামপ্ৰসাদপুৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ হেৰ'ইন জব্দ । এখন চাৰিচকীয়া বাহনৰ তেলৰ টেংকীৰ পৰা টেবলেটসহ হেৰ'ইনখিনি জব্দ কৰা হৈছে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰিছে ।

গোপন সূত্ৰৰ ভিত্তিত মঙলবাৰে পুৱতি নিশা শিলচৰ-আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাই ৰামপ্ৰসাদপুৰত মিজোৰামৰ পৰা অহা এখন বাহনত তলাচী চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪০ হাজাৰ য়াবা টেবলেটসহ ২৬০ গ্ৰাম সন্দেহজনক হেৰ'ইন ।

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই এই অভিযানৰ বিষয়ে উল্লেখ কৰি কয়, "ড্ৰাগছসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰাকেশ কুমাৰ সিনহা নামৰ এটা সৰবৰাহকাৰী । বাহনখনৰ তেলৰ টেংকীসহ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ এই ড্ৰাগছখিনি । সৰবৰাহকাৰীটোৰ ঘৰ কাছাৰৰ কচুধৰম অঞ্চলত ।"

ইপিনে,জব্দ হোৱা ড্ৰাগছখিনিৰ চোৰাং বজাৰ মূল্য ১৪ কোটি টকাৰ অধিক হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় । ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্য় মিজোৰামৰ পৰা অনা হৈছিল আৰু কাছাৰৰ মাজেদি বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত ৰাকেশ কুমাৰ সিনহাই ।

লগতে পঢ়ক:STF ৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - STF RAID IN AMINGAON

আৰক্ষীৰ অভিযানত কোটি টকাৰ ইয়াবা টেবলেট জব্দ: আটক ২ - AGARTALA DRUG SEIZURE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.