ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ বিৰুদ্ধে জ্বলিল মুখ্যমন্ত্ৰী পুত্তলিকা - MP RAKIBUL HUSSAIN ATTACK

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 10:50 PM IST

গোৱালপাৰা: ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমনকলৈ গোৱালপাৰাত কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁৱৰ ৰূপহীহাটত ধুবুৰী সাংসদ ৰকিবুল হুছেইনে এখনি কৰ্মী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত একাংশ দুৰ্বৃত্তই মুখত ক'লা কাপোৰ পৰিধান কৰি সাংসদগৰাকীক প্ৰাণঘাতী আক্ৰমণ কৰে । তাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সন্ধিয়া গোৱালপাৰা চহৰৰ বি.অ'.চিত প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছকৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।  

অসম চৰকাৰ হায় হায়, অসম পুলিচ মূর্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, গৃহ বিভাগ হায় হায় আদি শ্ল'গানেৰে ৰাজপথ কঁপাই তোলে । এই সন্দৰ্ভত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হুছেইন আহমেদ মাদানীয়ে কয়,"যিখন ৰাজ্যত এগৰাকী সাংসদ সুৰক্ষিত নহয় তেনে এখন ৰাজ্যত সাধাৰণ জনতা ক'ত সুৰক্ষিত থাকিব । এগৰাকী সাংসদক ৰাজপথত দিন দুপৰতে এনেধৰণৰ প্ৰাণঘাতী আক্ৰমণৰ ঘটনাই ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে ।" গতিকে ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে দাবী উত্থাপন কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে । 

লগতে পঢ়ক: মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK

ৰাজনীতি নকৰা হ’লেই ভাল আছিল: কিয় ক'লে ভূপেন বৰাই ? - APCC PRESIDENT BHUPEN BORA

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.