সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ; ভূপেন বৰাৰ নেতৃত্বত কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও - CONGRESS PROTEST IN SILCHAR
🎬 Watch Now: Feature Video


Published : Feb 21, 2025, 5:24 PM IST
শিলচৰ : সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত কাছাৰৰ আৰক্ষী অধীক্ষক কাৰ্যালয় ঘেৰাও । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে কাছাৰ আৰক্ষী অধীক্ষক কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে এই প্ৰতিবাদক কেন্দ্ৰ কৰি কাছাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনহাতে, আৰক্ষী আৰু প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ মাজত ঠেলা-হেঁচাৰো সৃষ্টি হয় । ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনায় কংগ্ৰেছ কৰ্মীসকলে ।
লগতে অভিযুক্তক কৰায়ত্ত কৰি উপযুক্ত শাস্তিৰ দাবীৰে কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাক এক স্মাৰক-পত্ৰও প্ৰদান কৰে ভূপেন বৰাৰ নেতৃত্বত কাছাৰ কংগ্ৰেছৰ বিষয়ববীয়াসকলে ।
ইয়াৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰ্ ভূপেন বৰাই কয়, "খাকী পোছাকত যি ধৰণে গুণ্ডাবিলাকে লাঠ মাৰিছে সেইটো মই অসম পুলিচক কৈছোঁ এইটো আপোনালোকে সৰু আইন-শৃংখলাৰ ঘটনা বুলি নল'ব । খাকী পোছাকত লাঠ মাৰা মানে অসমৰ ওপৰত লাঠ মাৰা । আমাৰ সাধাৰণ মানুহৰ সাহস হৈছে পুলিচ । কিন্তু পুলিচৰ ওপৰত আক্ৰমণৰ ঘটনাক যদি চৰকাৰে সহজভাৱে লয় তেন্তে অসমত জংঘলৰাজ হ'ব ।"