ETV Bharat / entertainment

কেবাখনো পাৰিবাৰিক ছবি উপহাৰ দিয়া এইজন পৰিচালকে বলীউডৰ ‘প্ৰেম’ সজাব আয়ুষ্মান খুৰানাক - BOLLYWOOD FAMILY MOVIES

‘হম আপকে হে কৌন’, ‘বিবাহ’, ‘মেইনে প্যাৰ কিয়া’ আদি ছবিৰ নিৰ্মাতা সুৰজ বৰজাত্যই সদায় পৰিয়াল এটা একত্ৰিত হৈ থকাই বাৰ্তা দিলে ৷

Sooraj Barjatya Birthday: hum saath saath hain to Vivah 5 all time favourite family film of the director
নিৰ্মাতা সুৰজ বৰজাত্যৰ ছবিসমূহ (Photo : Film Posters)
author img

By ETV Bharat Entertainment Team

Published : Feb 22, 2025, 2:11 PM IST

হায়দৰাবাদ : এটা বছৰত বলীউডে চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ কিমান ছবি আগবঢ়াই, কেতিয়াবা তাৰ কোনো হিচাপ নাথাকে ৷ কিন্তু ইয়াৰ মাজতে কিছুমান ছবিয়ে মানুহৰ মনত এনেদৰে সাঁচ বহুৱাই যে ছবি এখন চিৰস্মৰণীয় হৈ পৰে ৷ বহু পুৰণি ছবি এতিয়াও দৰ্শকৰ প্ৰিয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে । পাৰিবাৰিক ছবিৰ ধাৰাৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি ।

হম সাথ সাথ হে, বিবাহ আৰু হাম আপকে হে কৌনৰ আদিৰ দৰে চলচ্চিত্ৰ যেতিয়া ঘৰ এখনত চলিবলৈ লয়, কোনেও চেনেলটো সলনি কৰাৰ কথা নাভাবে । বিপৰীতে পৰিয়াল এটাই একেলগে এনেধৰণৰ ছবিবোৰ উপভোগ কৰে ।

sooraj barjatya movies
সুৰজ বৰজাত্য (Photo : IANS)

এই চিৰসেউজ ছবিসমূহৰ পৰিচালক হৈছে সুৰজ বৰজাত্য, যিয়ে নিজৰ প্ৰডাকশ্যন হাউছ ৰাজশ্ৰীৰ বেনাৰত এনে বহু পাৰিবাৰিক ছবি বলীউডক উপহাৰ দিছে । এই ছবিবোৰে কেৱল দৰ্শকৰ হৃদয়ত স্থান দখল কৰাই নহয়, বাজেট কম হোৱাৰ পিছতো সেই সময়ৰ ছুপাৰহিট ছবি হিচাপেও আত্মপ্ৰকাশ কৰিছিল । ২২ ফেব্ৰুৱাৰীত সুৰজ বৰজাত্যই ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিছে ।

এই উপলক্ষে তেওঁৰ পাৰিবাৰিক চিনেমাসমূহ চাওঁ আহক-

১) মেইনে প্যাৰ কিয়া (১৯৮৯)

১৯৮৯ চনত মুক্তি পোৱা ছলমান খান আৰু ভাগ্যশ্ৰীৰ অভিনীত মেইনে প্যাৰ কিয়া দৰ্শকৰ মাজত সমাদৃত হৈছিল । এই ছবিখনৰ বাজেট আছিল ১ কোটি আৰু ইয়াৰ উপাৰ্জন আছিল ৪০ কোটিৰো অধিক ।

ইয়াৰ উপৰিও সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল মেইনে প্যাৰ কিয়া । এই ছবিখনে ৬টা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হয় সুৰজ বৰজাত্য ।

২) হম আপকে হে কৌন (১৯৯৪)

সংগীত ৰোমাণ্টিক নাটকখন পৰিচালনা কৰিছিল সুৰজ বৰজাত্যই । ছবিখনত ছলমান খান আৰু মাধুৰী দীক্ষিতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ১৯৮২ চনৰ নদিয়া কে পাৰৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন ।

হাম আপকে হে কৌনৰ বাজেট আছিল প্ৰায় ৬ কোটি আৰু ছবিখনে বক্স অফিচত প্ৰায় ১২৮ কোটি টকা উপাৰ্জন কৰিছিল । এই ছবিখনক ‘‘অল টাইম ব্লকবাষ্টাৰ’’ৰ মৰ্যাদাও দিয়া হৈছে ।

৩) হম সাথ সাথ হে (১৯৯৯)

সুৰজ বৰজাত্যৰ এই ছবিখনত ২৫ জনতকৈ অধিক তাৰকাই কাম কৰিছিল । বহু তাৰকাযুক্ত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছলমান খান, ছৈফ আলী খান, মহনীশ বাহল, টাবু, সোণালী বেন্দ্ৰে আৰু কৰিশ্মাই ৷ ছবিখনৰ বাজেট আছিল প্ৰায় ১০ কোটি আৰু বক্স অফিচত উপাৰ্জন কৰিছিল ৮১ কোটি ।

১৯৯৯ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হোৱা এই ছবিখন আজিও দৰ্শকৰ প্ৰিয় চিনেমাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ।

৪ ) বিবাহ (২০০৬)

শ্বাহিদ কাপুৰ আৰু অমৃতা ৰাও অভিনীত বিবাহ আজিৰ যুগতো সকলোৰে এখন প্ৰিয় চিনেমা । 'বিবাহ'ৰ বাজেট আছিল প্ৰায় ৮ কোটি আৰু ই বিশ্বজুৰি ৫০ কোটি উপাৰ্জন কৰিছিল ।

শ্বাহিদ আৰু অমৃতাৰ উপৰিও ছবিখনত অনুপম খেৰ, আলোক নাথ, সীমা বিশ্বাস, সমীৰ সোনী, মনোজ যোশী, লতা সবেৰৱাল আৰু অমৃতা প্ৰকাশৰ দৰে শিল্পীসকলে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছিল ।

৫) প্ৰেম ৰতন ধন পায়ো (২০১৫)

বৰজাত্যৰ পাৰিবাৰিক নাটকৰ ভিতৰত প্ৰেম ৰতন ধন পায়োও আছে য’ত ছলমান খান আৰু সোনম কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনৰ বাজেট আছিল ৬০ কোটি আৰু বিশ্বজুৰি ৪০০ কোটি টকা উপাৰ্জন কৰিছিল ।

ছবিখনত ছলমান আৰু সোনমৰ উপৰিও অনুপম খেৰ, স্বৰা ভাস্কৰ, অৰমান কোহলী আৰু নীল নীতিন মুকেশেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।

এই চলচ্চিত্ৰসমূহৰ উপৰিও সুৰজ বৰজাত্যই ২০০৩ চনত ‘‘মে প্ৰেম কি দিৱানী হু’’ পৰিচালনা কৰিছিল, য'ত কৰীণা কাপুৰ, হৃত্বিক ৰোশন আৰু অভিষেক বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । তেওঁৰ ছবি ‘উনচাই’ এ ২০২২ চনত মুক্তি লাভ কৰিছিল, যিখন আছিল অমিতাভ বচ্চন, অনুপম খেৰ, বোমান ইৰাণী, পৰিণীতি চোপ্ৰা আৰু নীনা গুপ্তা অভিনীত এখন দুঃসাহসিক নাটক ৷

তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰৰ বিষয়ে ক'বলৈ গ'লে, সুৰজে বলীউড অভিনেতা আয়ুষ্মান খুৰানাক তেওঁৰ নতুন 'প্ৰেম' হিচাপে গঢ়ি তুলিবলৈ সাজু হৈছে । বাতৰি অনুসৰি, আয়ুষ্মানৰ বিপৰীতে অভিনেত্ৰী শৰ্ৱাৰী ৱাগক কাষ্ট কৰাৰ বিষয়ে আলোচনা হৈছে । বৰ্তমানে, ছবিখনৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

লগতে পঢ়ক : পৰ্দাৰ আঁৰৰ এইসকল তাৰকাহে কোটি টকাৰ মালিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.