ETV Bharat / health

কেতিয়াবা ভাবিছেনে ? যদি আপুনি এমাহৰ বাবে চাহ খোৱাটো পৰিহাৰ কৰে তেন্তে কি হ’ব - EFFECTS OF QUITTING TEA

একাপ চাহৰ অবিহনে বহুলোকে দিনটো পাৰ কৰাৰ কথা ভাবিবই নোৱাৰে, কিন্তু কেতিয়াবা ভাবিছেনে, যদি আপুনি এমাহৰ বাবে চাহ খোৱাটো বন্ধ কৰি দিয়ে তেন্তে কি হ’ব-

What Happens to Your Body When You Quit Drinking Tea for a month ?
কেতিয়াবা ভাবিছেনে ? যদি আপুনি এমাহৰ বাবে চাহ খোৱাটো পৰিহাৰ কৰে তেন্তে কি হ’ব (FREEPIK)
author img

By ETV Bharat Health Team

Published : Feb 20, 2025, 12:40 PM IST

সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলক একত্ৰিত কৰা এটি এনাজৰী হ’ল তেওঁলোকৰ চাহৰ প্ৰতি থকা প্ৰেম । দৈনিক একাপ চাহৰ অবিহনে বহুলোকে নিজৰ দিনটোৰ পাৰ কৰাৰ কথা ভাবিবই নোৱাৰে । দিনটোৰ কষ্ট, দৌৰা-দৌৰি ব্যস্ততাৰে ভৰা জীৱনটোত এনাৰ্জীৰে ভৰপূৰ কৰি ৰাখিবলৈ বহুতে চাহক এটি এনাৰ্জী বুষ্টাৰ হিচাপেও মানি আহিছে ।

চাহ হয়তো আমাৰ প্ৰত্যেকৰে জীৱনৰ এক অপৰিহাৰ্য অংশ ৷ মাজে মাজে একাপ বা দুকাপ চাহ চুমুক দিলেও স্বাস্থ্যৰ কোনো ক্ষতি নহয় যদিও ইয়াৰ অত্যধিক সেৱনে দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি কৰিব পাৰে । কিন্তু কেতিয়াবা আপুনি ভাবিছেনে, যদি আপুনি এমাহৰ বাবে চাহ খোৱা বন্ধ কৰি দিয়ে তেন্তে ইয়াৰ ফলত আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব ? প্ৰকৃততে, চাহ আমাৰ দৈনন্দিন জীৱনৰ পৰা দূৰ হ'লে স্বাস্থ্যত নেতিবাচক নহয়, বহু ইতিবাচকহে প্ৰভাৱ পৰে ৷ হয়, চাহ এৰাৰ ফলত বহু গুৰুতৰ স্বাস্থ্য সমস্যা দূৰ হয় ৷ চাহৰ পৰা আঁতৰি থাকিলে আমাৰ স্বাস্থ্যৰ কি কি লাভ হয়, জানো আহক-

What Happens to Your Body When You Quit Drinking Tea for a month ?
কেতিয়াবা ভাবিছেনে ? যদি আপুনি এমাহৰ বাবে চাহ খোৱাটো পৰিহাৰ কৰে তেন্তে কি হ’ব (FREEPIK)

উন্নত টোপনি

চাহত কেফেইনৰ পৰিমাণ অধিক হোৱাৰ বাবে ই আমাৰ টোপনি ব্যাহত কৰে ৷ বিশেষকৈ শোৱাৰ আগতে চাহ খোৱাৰ ফলত শৰীৰত কেফেইনৰ স্তৰ বৃদ্ধি হয়, যিয়ে টোপনিত বাধা দিয়ে আৰু গভীৰ টোপনি প্ৰাপ্ত কৰাটো কঠিন কৰি তোলে ৷ চাহ ত্যাগ কৰিলে শৰীৰত কেফেইনৰ পৰিমাণ হ্ৰাস হয় আৰু ইয়াৰ বাবে টোপনি উন্নত হয় ৷ টোপনিৰ মানদণ্ড উন্নত হ'লে আমি সতেজ অনুভৱ কৰো ৷ চাহ এৰি দিয়াৰ পিছত নিশাৰ টোপনি আৰু দিনটোত শাৰিৰীক শক্তিৰ পাৰ্থক্য স্পষ্টভাৱে অনুভৱ কৰিব পাৰি ৷

উদ্বেগ, চাপ হ্ৰাস

চাহত থকা কেফেইনে আমাৰ মানসিক স্বাস্থ্য প্ৰভাৱিত কৰে ৷ ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰি মনলৈ অস্থিৰতা আনে ৷ যেতিয়া আপুনি চাহ খোৱা বন্ধ কৰে, শৰীৰত অতিৰিক্ত কেফেইন হ্ৰাস হয় আৰু ই মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায় ৷ শৰীৰত কেফেইন নাথাকিলে আপুনি অধিক শান্ত আৰু সন্তুলিত অনুভৱ কৰিব ৷ তদুপৰি, আপুনি নেতিবাচক চিন্তা পৰিহাৰ কৰি স্বাভাৱিক মানসিক স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'ব ৷ ই মানসিক স্থিৰতা আৰু মনোযোগ দিয়াৰ সামৰ্থ্যও বৃদ্ধি কৰে ৷

পাচন তন্ত্ৰৰ উন্নতি

চাহত থকা টেনিন নামৰ উপাদানটোৱে পাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ যেতিয়া আপুনি চাহ খায়, টেনিনে পাকস্থলীত এচিডৰ স্তৰ বৃদ্ধি কৰে ৷ ফলত পাচন তন্ত্ৰই সঠিকভাৱে কাম নকৰে ৷ চাহ বন্ধ কৰিলে হজম উন্নত হয় আৰু আপোনাৰ শৰীৰক খাদ্য অধিক সহজে হজম কৰাত সহায় কৰে ৷ তদুপৰি, ই কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে, যাৰ ফলত হজম শক্তি উন্নত হোৱাৰ লগতে আভ্যন্তৰীণ প্ৰণালী স্বাস্থ্যকৰ হৈ উঠে ৷

আপুনি হ'ব অধিক উদ্যমী

অধিক উদ্যমী অনুভৱ কৰাটো চাহত কেফেইনৰ দ্বাৰা প্ৰদান কৰা তাৎক্ষণিক শক্তিৰ পৰা আহে, কিন্তু ই শৰীৰৰ বাবে এক অভ্যাস হৈ পৰে আৰু এই অভ্যাসৰ ফলত শৰীৰত শক্তিৰ স্তৰ হ্ৰাস হয় ৷ যেতিয়া আপুনি চাহ খোৱা বন্ধ কৰে, শৰীৰে প্ৰাকৃতিকভাৱে শক্তি উৎপন্ন কৰে আৰু আপুনি অধিক সতেজ আৰু উৎসাহিত অনুভৱ কৰে ৷ চাহ অবিহনে শৰীৰত ভাগৰ হ্ৰাস হয় আৰু আপোনাৰ মনোবলো উচ্চ থাকে ৷ কেফেইনৰ সমৰ্থন অবিহনে আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব পাৰিব, যিয়ে উৎপাদনশীলতাও বৃদ্ধি কৰে ৷ চাহৰ পৰা দূৰত্ব বজাই ৰাখিল আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি হয় ৷

ছাল, স্বাস্থ্যত উজ্জ্বলতা

চাহ ত্যাগ কৰিলে শৰীৰটো হাইড্ৰেটেড হৈ থাকে, যিয়ে আপোনাৰ ছালক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে ৷ চাহ খালে শৰীৰত ডিহাইড্ৰেচন হ'ব পাৰে, যাৰ ফলত ছালৰ সমস্যা যেনে শুষ্কতা, শালমইনা আৰু কোঁচ খোৱাৰ সমস্যা হ'ব পাৰে ৷ যেতিয়া আপুনি চাহ এৰি দিয়ে, শৰীৰে পৰ্যাপ্ত পানী আৰু তৰল প্ৰাপ্ত কৰে, যাৰ ফলত ছালত উজ্জ্বলতা আৰু মুখমণ্ডল সতেজ হয় ৷ তদুপৰি, চাহ ত্যাগ কৰিলে হৰমনৰ ভাৰসাম্য উন্নত হয়, যি শৰীৰ তথা ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷

উৎস:-https://pubmed.ncbi.nlm.nih.gov/37625703/#:~:text=Moreover%2C%20we%20found%20that%20a,among%20youths%20consuming%20milk%20tea.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

কাগজৰ কাপত চাহ-কফি খাই অজানিতে স্বাস্থ্যৰ বাবে মাতিছে নেকি বিপদ ?

ডায়েবেটিছ ৰোগীয়ে কি নিতৌ এই ৭বিধ সামগ্ৰীৰ দ্বাৰা তৈয়াৰী চাহ খোৱা উচিত ?

মূৰৰ বিষ-মাইগ্ৰেইনৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ বিশেষজ্ঞৰ মতে আমি কি চাহ খোৱা উচিত - Headache Relief Herbal Tea

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.