গুৱাহাটী: 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । মাদলৰ চেৱত ঝুমইৰে প্ৰাণ পাই উঠিছে সৰুসজাইত । মাত্ৰ এটা দিন বাকী আছে এই বিৰল ক্ষণৰ বাবে । ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন হ'বলগীয়া 'ঝুমইৰ বিনন্দিনী'ৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ শনিবাৰে নিশা সৰুসজাইত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
শনিবাৰে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিপৰ্বৰ বুজ লৈ সমগ্ৰ কাম-কাজৰ তদাৰক কৰে । লগতে ঝুমইৰ শিল্পীসকলৰ নৃত্য অনুশীলন প্ৰত্যক্ষ কৰি সাংবাদিকৰ আগত কয়, "অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ সাংস্কৃতিক স্বৰূপ ঝুমইৰ নৃত্য়ৰ প্ৰদৰ্শনী হ'ব । ঝুমইৰ শিল্পীসকলক ৰাজ্য চৰকাৰে দিব ২৫ হাজাৰকৈ টকা ।" লগতে ৰাজ্যৰ ৮০০খন বাগিচাতো সাংস্কৃতিক সংঘ নিৰ্মাণ কৰিবলৈ ২৫ হাজাৰকৈ টকা ৰাজ্য চৰকাৰে দিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২৪ তাৰিখে আবেলি ৫.৩০ বজাত আৰম্ভ হ'ব এই অনুষ্ঠানৰ । 200 বছৰীয়া চাহ শিল্পক সন্মুখত ৰাখি এই কাম কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চাহ বাগিচাসমূহত য'ত যি সুবিধা কৰিব পাৰি তাক কৰিবলৈ দিছো এই অনুষ্ঠানটো যাতে লাইভ চাব পাৰে । কাইলৈ পাছ নোপোৱাসকলে বিনামূলীয়াকৈ চাব পাৰিব । "