ETV Bharat / state

চিন্তনীয় বিষয়; অসমত দৈনিক গড়ে ১৩৮ জনকৈ যক্ষ্মা ৰোগী চিনাক্ত - STATISTICS OF THE TB

অসমত বৃদ্ধি পাইছে যক্ষ্মা ৰোগীৰ সংখ্যা ৷ দৈনিক গড়ে ১৩৮ জনকৈ যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে ৷

TB VACCINATION DRIVE
যক্ষ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 8:26 AM IST

গুৱাহাটী : ২০২৫ চনৰ ভিতৰত ভাৰত তথা অসমত যক্ষ্মা নিৰ্মূলকৰণৰ নিৰ্ধাৰণ কৰা লক্ষ্য অনিশ্চয়তা দেখা দিছে । কাৰণ অসমত এতিয়াও দৈনিক গড়ে ১৩৮ জনকৈ যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে ।

লক্ষণীয় যে চৰকাৰে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ সমূহ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আজি পৰ্যন্ত পূৰণ নকৰিলে । অসমত ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিখন তৃণমূল পৰ্যায়ত ৰূপায়ণৰ ক্ষেত্ৰত এইসকল কৰ্মচাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

TB VACCINATION DRIVE
যক্ষ্মা ৰোগী চিনাক্ত (File photo; ETV Bharat)

এই সন্দৰ্ভত এন এইচ এম এমপ্লয়িজ এছ'চিয়েচন আৰু এন টি ইপি (ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি) কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি ৰাজীৱ‌ মেধিয়ে কয়, ‘‘অসমত ৫০০ অধিক ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ কৰ্মচাৰী আছে । এওঁলোকে যথেষ্ট কম পাৰিতোষিকত যথেষ্ট কাম কৰিব লাগে । কিন্তু এই কৰ্মচাৰীসকলৰ কোনো সমস্যা সমাধান কৰাত চৰকাৰৰ গুৰুত্ব নাই ।’’

তেওঁ কয়, ‘‘১৯৮৮ চনৰ পৰা এই আঁচনিখন আৰম্ভ হৈছিল । তেতিয়াৰ পৰা এই‌ কৰ্মচাৰীসকল কামত জড়িত হৈছে । ২০০৩ চনত ৩৩৩ গৰাকী ঠিকাভিত্তিক এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ‌ বাবে তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল । কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি ৰক্ষা নহ'ল ।’’

উল্লেখ্য যে, ৰাজ্যজুৰি যোৱা শুক্ৰবাৰে এন এইচ এম এমপ্লয়িজ এছ'চিয়েচন আৰু এন টি ইপি (ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি) কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । ১৯৯৮ চনৰপৰা ৰূপায়ণ হৈ থকা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ সমূহ কৰ্মচাৰীয়ে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে চৰকাৰক বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আবেদন-নিবেদন জনাই আহিছিল । কিন্তু চৰকাৰে সন্থাৰ এই দাবীৰ প্ৰতি কোনোদিনে গুৰুত্ব নিদিয়াৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

Assam CM
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (File photo; ETV Bharat)
লগতে পঢ়ক : কৰ্কট ৰোগক পৰাস্ত কৰাৰ উপায় কি ? জানি লওক বিশেষজ্ঞৰ পৰা

এন টি ই পি কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া বিষ্ণু গোহাঁই কয়, ‘‘ইতিমধ্যে তেওঁলোকৰ মাজৰ ১৭ গৰাকী সহকৰ্মীয়ে এই পর্যন্ত যক্ষ্মা ৰোগ বিভাগত কাম কৰি মৃত্যুক আঁকোৱালি ল'লে যদিও চৰকাৰে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে একোৱেই নকৰিলে । ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদান কৰা, যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সমূহ কৰ্মচাৰীৰ বাবে পেন্সন গ্ৰেচুইটী আদিৰ ব্যৱস্থা কৰা, যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে সন্থাই কাৰ্যসূচী পৰৱৰ্তী সময়ত অব্যাহত ৰাখিব ৷’’

ইপিনে ৰাজীৱ মেধিয়ে কয়, ‘‘সুদীর্ঘ ২৬ বছৰে তেওঁলোকে এই ৰোগ প্ৰতিৰোধ কৰাত আত্মনিয়োগ কৰি আহিছে । ইতিমধ্যে তেনে বহু কৰ্মচাৰী ৰোগীক চিকিৎসা প্ৰদান কৰি এই ৰোগত আক্ৰান্ত হৈ ছয় গৰাকীকৈ কৰ্মচাৰী মৃত্যু হৈছে । কিন্তু ইমানৰ পাছতো তেওঁলোকে নিজৰ কৰ্ম পালন কৰি আহিছে । তৎসত্ত্বেও এইসকল কৰ্মচাৰী চিকিৎসক বঞ্চিত হৈ আহিছে অন্য চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন সা-সুবিধাৰ পৰা । যাৰ বাবে বছৰ বছৰ ধৰি তেওঁলোকে নিজৰ প্ৰাপ্য দাবী কৰি কৰি আহিছে । কিন্তু কোনো ধৰণে তেওঁলোকে লাভ কৰা নাই সুবিধা ।’’

লগতে পঢ়ক : বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই

ইপিনে এই সংগঠনৰ বিষয়বীয়া ৰূপম কুৰ্মীয়ে কয়, ‘‘আমি ঘৰে ঘৰে গৈ যক্ষ্মা ৰোগী চিহ্নিত কৰিব লাগে । ৰোগীয়ে ছমাহলৈ নিয়মিতভাৱে ঔষধ সেৱন কৰি আছে নে সকলো দিশ চাব লাগে । তাৰ পিছতো চৰকাৰে আমাৰ চাকৰি আজি ২৬ বছৰে নিয়মীয়া নকৰিলে ।’’

TB VACCINATION DRIVE
যক্ষ্মা দূৰীকৰণ (File photo; ETV Bharat)

এই সন্দৰ্ভত কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি ৰাজীৱ‌ মেধিয়ে কয়, ‘‘অসমত ২০০৩ চনত এক মিনিটত ১ জনকৈ যক্ষ্মা ৰোগীৰ মৃত্যু ‌হৈছিল । যেতিয়াৰ পৰা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ সমূহ কৰ্মচাৰীসকলে অসমত কাম আৰম্ভ কৰিলে তাৰ‌ পিছত যক্ষ্মা ৰোগত মৃত্যুৰ হাৰ কমি আহিছে ।’’

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ ( যক্ষ্মা শাখা) তথ্য মতে, ৰাজ্যত বছৰি যক্ষ্মা ৰোগীৰ মৃত্যুৰ হাৰ ৪ শতাংশ । অৱশ্যে বছৰি অসমত যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি পাইহে আছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ ( যক্ষ্মা শাখা) তথ্য মতে, অসমত কোন, চনত কিমানগৰাকী যক্ষ্মা ৰোগী চিহ্নিত হৈছে এক তালিকাসহকাৰে দেখুওৱা হ’ল -

চনঅসমত যক্ষ্মা ৰোগীৰ সংখ্যা
২০২০ চন৩৫৩৫৫ গৰাকী
২০২১ চন৩৭৭২৫ গৰাকী
২০২২ চন ৪৭৫৮৩ গৰাকী
২০২৩ চন ৫১৪৯৯ গৰাকী
২০২৪ চন ৪৯২৯৬ গৰাকী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে, অসমত কোন, চনত কিমানগৰাকী Multidrug-resistant TB (MDR-TB) ৰোগী চিনাক্ত কৰা হৈছে এক তালিকাসহকাৰে দেখুওৱা হ’ল -

চন অসমত MDR-TB ৰোগীৰ সংখ্যা
২০২০ চন ৯৮৭ গৰাকী
২০২১ চন ৪৪৮ গৰাকী
২০২২ চন ৭৮৮ গৰাকী
২০২৩ চন ৬৭৮ গৰাকী
২০২৪ চন ৭৭৯ গৰাকী

লগতে পঢ়ক : অসমৰ পৰা নিৰ্মূল হ’বনে TB ? ইয়াৰ মুখ্য বাধা জানিলে আচৰিত হ’ব আপুনিও...

লগতে পঢ়ক : ইটাভাতাৰ প্ৰদূষণে কিমান ক্ষতি কৰিব পাৰে আপোনাৰ জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.