ETV Bharat / state

১৭০৬ চনলৈ ঘূৰি যাব খোজে নেকি ? আহক চৰাইদেউলৈ... - RARE ARTIFACTS IN ASSAM

কেৰাচিনত চলা ফেন, ১৭০৬ চনৰ কফী বনোৱা মেচিন, প্ৰথম আৱিস্কাৰ হোৱা ঘড়ী সংৰক্ষণ কৰিছে এজন ব্যক্তিয়ে । মথুৰাপুৰৰ মইন আহমেদৰ ঘৰতে নিৰ্মাণ হৈছে সংগ্ৰহালয় ।

A private museum with number of rare artifacts set up in Charaideo
১৭০৬ চনলৈ ঘূৰি যাব খোজে নেকি ? আহক চৰাইদেউলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 2:17 PM IST

চৰাইদেউ: ভাৰত স্বাধীন হোৱা বহু বছৰ হ'ল যদিও ভাৰত বৰ্ষক শাসন কৰা ইংৰাজসকলে এৰি যোৱা বহু সামগ্ৰীৰে আজিও ইংৰাজ শাসনৰ স্মৃতি সজীৱ কৰি ৰাখিছে । আপুনি ইংৰাজ আৰু ইউৰোপীয়ানসকলে ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা আচবাব যদি চাব খোজে তেতিয়া হ'লে আহিব লাগিব চৰাইদেউ জিলাৰ মথুৰাপুৰলৈ । চৰাইদেউৰ মথুৰাপুৰৰ এজন লোকৰ ব্যতিক্ৰমী প্ৰয়াস ।

ব্ৰিটিছৰ দিনৰ সামগ্ৰী সংৰক্ষণত ব্যস্ত চৰাইদেউৰ মথুৰাপুৰৰ মইন আহমেদ । কেৰাচিনত চলা ফেন, ১৭০৬ চনৰ কফী বনোৱা মেচিন, প্ৰথম আবিস্কাৰ হোৱা ঘড়ীকে আদি কৰি নানা আপুৰুগীয়া সম্পদ চাবলৈ হ'লে আপুনি আহিব লাগিব মইন আহমেদে নিজৰ গৃহতেই আৰম্ভ কৰা সংগ্ৰাহালয়লৈ । য'ত আছে ইংৰাজসকলৰ লগতে বিভিন্ন দেশৰ আপুৰুগীয়া বহু সামগ্ৰী ।

১৭০৬ চনলৈ ঘূৰি যাব খোজে নেকি ? আহক চৰাইদেউলৈ (ETV Bharat Assam)

এই সংগ্ৰাহালয়ত ২০০ বছৰৰ পৰা আৰম্ভ কৰি ৪০০ বছৰ পুৰণি সামগ্ৰীও সংগ্ৰহ কৰি সযতনে ৰখা আছে । নিজৰ কৰ্ম জীৱন তথা পৰিয়ালৰ ব্যস্ততাৰ মাজতো তেই এই প্ৰচেষ্টা অব্যাহত ৰাখে । ১৮৪৫ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাচিনত চলা ফেন আৰু ১৭০৬ চনৰ কফী বনোৱা মেচিনেও এই সংগ্ৰাহালয়ত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ।

এই সংগ্ৰহালয়ত থকা প্ৰতিটো বস্তুৰ সৈতে জড়িত হৈ আছে ইতিহাস । সৰুৰে পৰাই পুৰণি সামগ্ৰী সংৰক্ষণত প্ৰৱল আগ্ৰহৰ বাবেই এপদ এপদকৈ সামগ্ৰীসমূহ সংৰক্ষণ কৰি মইন আহমেদ বৰ্তমান সময়ত নিজৰ গৃহটো সংগ্ৰহালয়ৰ ৰূপ দিবলৈ সক্ষম হৈছে ।

  • কি কি আপুৰুগীয়া সম্পদ সংৰক্ষিত হৈ আছে সংগ্ৰহালয়টোত:

ইউৰোপীয়ানসকলৰ ১৭০৬ চনৰ কফী বনোৱা যন্ত্ৰ । ১৮৪৫ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাচিনত চলা ফেন । ফেনখন আজিও কাৰ্যক্ষম হৈ আছে । ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশত প্ৰথম আৱিস্কাৰ হোৱা ঘড়ীসমূহ সংৰক্ষণ কৰা হৈছে এই সংগ্ৰাহালয়ত ।

টাইটান ঘড়ী কোম্পানীয়ে প্ৰথম আবিস্কাৰ কৰা অট'মেটিক ঘড়ী, এলুইন কোম্পানীৰ অ'টোমেটিক হাত ঘড়ী; যিকেইটা কোনো ধৰণৰ বেটাৰী সংযোগ নাই কেৱল হাতত পিন্ধি দিলেই সক্ৰিয় হৈ উঠে । লগতে HMT কোম্পানীৰ প্ৰথম চাবি দিয়া ঘড়ীটো সংৰক্ষিত হৈ আছে সংগ্ৰাহালয়টোত ।

এইটো ঘড়ী দিনটোত এবাৰ চাবি দিলে সক্ৰিয় হৈ থাকে । লুপ্ত হৈ পৰা বহু দেশ বিদেশৰ মুদ্ৰা সংৰক্ষণত হৈ আছে । ১০০, ১৫০, ১০০০ টকাৰ মুদ্ৰা সংৰক্ষিত কৰা হৈছে । এইসমূহ মুদ্ৰা বিভিন্ন স্মৃতিত নিৰ্মাণ কৰা । জৰ্জ ৱাচিংটন, জন অৱ কেনেদী, আব্ৰাহম লিংকনৰ স্মৃতিত নিৰ্মাণ কৰা মুদ্ৰাসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে মইন আহমেদে ।

আনহাতে বৰ্তমান সময়ত হেৰাই যোৱা এক অনা, দুই অনা আৰু পাঁচ টকাৰ দলিল সংৰক্ষণ কৰি ৰাখিছে । ১৯৩৭ চনৰ কপাৰ প্লেটৰ ওপৰত খোদিত এক কেজি ওজনৰ এটা ছিল । ৭০ বছৰ পুৰণি এটা কেলকুলেটৰ, যিটো বেটাৰী সংযোগ নকৰাকৈ গণনা কৰিব পাৰি ।

ইংৰাজ আৰু ইউৰোপীয়ানসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ লেম্প, বিভিন্ন দেশৰ প্ৰথম ব্যৱহৃত কলম । বিভিন্ন দেশৰ কাগজৰ মুদ্ৰা সংৰক্ষণ কৰিছে মইন আহমেদে ।

  • কেনেকৈ সংগ্ৰহ কৰা হৈছিল সামগ্ৰীসমূহ:

চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত কৰ্মৰত মইন আহমেদৰ দেউতাকে মথুৰাপুৰৰ চাহ বাগিচাৰ বিষয়া হিচাপে কাম কৰিছিল । পূৰ্বে ইউৰোপীয়ান এটা চাহ কোম্পানীয়ে পৰিচালনা কৰিছিল চাহ বাগিছাখন । স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ পৰাই ইউৰোপীয়ানসকলে আহি বাগিচাখনত থাকোতে কিছু সামগ্ৰী এৰি গৈছিল সেইসমূহ সংৰক্ষণ কৰে মইন আহমেদে । লগতে বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলৈ যোৱা সময়ত পুৰণি আপুৰুগীয়া সামগ্ৰী পালে সংৰক্ষণ কৰি লৈ আনিছিল নিজৰ গৃহলৈ ।

  • ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰিব সংগ্ৰাহালয়:

এই সন্দৰ্ভত মইন আহমেদে কয়, "১৯৭৬ চনৰ দুৰ্গা পূজাৰ সময়ত বেৰৰ বাঁহৰ চুঙাত ভৰাই থোৱা পইছা উলিয়াওতে দুটা ১৯৪৭ চনৰ ২৫ পইছা দেখি সংৰক্ষণত কৰিছিলো । তাৰ পৰাই পুৰণি সামগ্ৰী সংৰক্ষণৰ বাবে চেষ্টা চলাইছিলো । পুৰণি সামগ্ৰীৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাত এপদ এপদকৈ সামগ্ৰী সংৰক্ষণ কৰাৰ চেষ্টাৰ কৰিছো ।"

এতিয়া সামগ্ৰীসমূহ যদিও ঘৰত সজাই থোৱা হৈছে, ৰাইজৰ সুবিধা হোৱাকৈ এটা সংগ্ৰাহালয় নিৰ্মাণৰ চিন্তা কৰা হৈছে । বৰ্তমান যিসকলে সামগ্ৰীসমূহ চাবলৈ আহে চাই আনন্দিত হোৱা বুলি জনায় । সংৰক্ষিত সম্পদসমূহৰ পৰা নতুন প্ৰজন্মৰ উপকৃত হ'ব বুলি জানিবলৈ দিয়ে মইন আহমেদে ।

লগতে পঢ়ক: পত্নীপ্ৰেমৰ নিদৰ্শন বহনকাৰী অমূল্য সৌধৰ কথা জানেনে ? - AMULYA SHODHA

এবুকু যন্ত্ৰণা লৈ আজিও ওড়িশাত ৰৈ আছে 'অসম দ্বীপ' - TRIBAL MUSEUM ECHOES OF MIGRATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.