ETV Bharat / state

যোৰহাটত নিলম্বিত বিজেপি নেতাক সাক্ষাৎ ৰাজেন গোঁহাইৰ - BJP LEADER RAJEN GOHAIN

যোৰহাটত প্ৰাক্তন বিজেপি নেতা তথা সতীৰ্থ মনোজ কুমাৰ মহন্তক সাক্ষাৎ কৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে ।

BJP leader Rajen Gohain
যোৰহাটত নিলম্বিত বিজেপি নেতাক সাক্ষাৎ ৰাজেন গোঁহাইৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 10:46 PM IST

যোৰহাট : যোৱা কিছু সময় ধৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে দলৰ পুৰণি নেতা-কৰ্মীসকলক সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে । যিয়ে বিজেপিৰ ন-পুৰণি নেতাৰ সংঘাতৰ বিষয়টো উত্থাপন হৈছিল । ৰাজেন গোঁহাইয়ে নিজেও দলৰ প্ৰতি অসন্তুষ্টিৰ কথা কৈ আহিছে । তাৰ মাজতে ৰাজেন গোঁহাইয়ে দলৰ পৰা নিলম্বিত এগৰাকী নেতা তথা প্ৰাক্তন সতীৰ্থক সাক্ষাৎ কৰে । দেওবাৰে যোৰহাটৰ মালৌআলিত থকা প্ৰাক্তন বিজেপি কৰ্মী মনোজ কুমাৰ মহন্তৰ বাসগৃহত উপস্থিত হয় ৰাজেন গোহাঁই । দুয়োগৰাকী নেতাই দলৰ ভৱিষ্যৎ সম্পৰ্কে বিভিন্ন বিষয়ত আলোচনা কৰে । এই আলোচনাত পুৰণি কেইবাগৰাকী বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

বিধানসভাত পৰিয়ালকেন্দ্ৰিক বিতৰ্ক

বিধানসভা অধিৱেশনত পৰিয়ালকেন্দ্ৰিক বিৰ্তক সন্দৰ্ভত ৰাজেন গোহাঁইয়ে কয়,"উক্ত বিষয়ত সোমাই আৰু এটা বিভাজন সৃষ্টি কৰিব বিচৰা নাই, যি সকলে উক্ত বিবাদৰ সূচনা কৰিছে তেওঁলোকে এই বিবাদ মীমাংসা কৰিব লাগিব । এনেকুৱা ধৰণৰ কথা মই ভাল নাপাওঁ ।"

যোৰহাটত নিলম্বিত বিজেপি নেতাক সাক্ষাৎ ৰাজেন গোঁহাইৰ (ETV Bharat)

ৰকিবুল হুছেইনক আক্ৰমণ

আনহাতে দিনদুপৰতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "জনপ্ৰতিনিধিক আক্ৰমণৰ ঘটনা দেখিবলৈও বেয়া আৰু শুনিবলৈ বেয়া । জনপ্ৰতিনিধি সদায় জনপ্ৰতিনিধিয়ে আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ । এনেকৈ ৰাজপথত মুকলিকৈ আক্ৰমণ তথা প্ৰহাৰ কৰাটো নিন্দনীয়, এনেকুৱা কথাবোৰ বেয়া লাগে । এনেকুৱা ধৰণৰ ঘটনা মোৰ ক্ষেত্ৰতো হ'ব পাৰে, এই কথাবোৰে মনটোক বেয়া কৰে ।"

বিজেপিৰ নতুন সভাপতিৰ ওপৰত বিশ্বাস

বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াক নিযুক্তি দিয়া সন্দৰ্ভত ৰাজেন গোঁহাইয়ে কয়, "ন-পুৰণি বিজেপি কৰ্মীক লৈ ২০২৬ৰ নিৰ্বাচনত কেনেদৰে আগবাঢ়ে সেয়া সভাপতি দিলীপ শইকীয়াৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁ অহাৰ পিছত আমাৰ দলৰ কৰ্মীসকলে আশাৰ ৰেঙনি দেখিছে । সেয়েহে তেওঁ দললৈ পৰিৱৰ্তন আনিলে ভাল আৰু আনিব নোৱাৰিলে ইয়াৰ পৰিণাম কি হ'ব সেয়া মই গম নাপাওঁ ।

ইফালে এডভাণ্টেজ আছাম ২.০ক লৈ সাংবাদিকে তেওঁক প্ৰশ্ন কৰে । কিন্তু এডভাণ্টেজ আছামক লৈ যে ৰাজেন গোহাঁইৰ ইতিবাচক দৃষ্টিভংগী নাই সেয়া তেওঁৰ মন্তব্যত স্পষ্ট দেখা গ'ল ।

উল্লেখ্য যে ২০২৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজেন গোহাঁইয়ে পুৰণি সতীৰ্থক সাক্ষাৎ কৰা ঘটনা আৰু আলোচনাই পুনৰ এবাৰ দলৰ ভিতৰচ'ৰাত যে এতিয়াও অসন্তুষ্টি আছে সেই কথা প্ৰমাণ কৰিছে । আনহাতে ৰাজেন গোহাঁইক সাক্ষাৎ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে নিলম্বিত বিজেপি কৰ্মী মনোজ কুমাৰ মহন্তই । তেওঁ কয়, "মই এতিয়াও দলৰ পৰা আঁতৰি যোৱা নাই ।"

লগতে পঢ়ক :অৰ্থহীন কথা কৈ মাটিৰ তললৈকে নামি গৈছে মুখ্যমন্ত্ৰী শৰ্মা: গৌৰৱ গগৈ - MP GAURAV GOGOI SLAMS CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.