ETV Bharat / state

৬-৭ লাখ ভক্তৰ সমাগম হ'ব ভুৱন মেলাত - BHUBAN MELA IN CACHAR

পাহাৰৰ প্ৰায় ১০ কিলোমিটাৰ পথ খোজকাঢ়ি লাখ লাখ ভক্তৰ সমাগম ঘটে কাছাৰৰ এটা মন্দিৰত । কোনখন পাহাৰত আছে এই মন্দিৰটো ?

Bhuban Mela preparation
ভুৱন পাহাৰত আৰম্ভ হ'ব 'ভুৱন মেলা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 10:41 PM IST

শিলচৰ: শিৱৰাত্ৰি উপলক্ষে কাছাৰৰ ভুৱন পাহাৰত আৰম্ভ হ'ব 'ভুৱন মেলা' । এই ঐতিহ্যমণ্ডিত ভুৱন মেলাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি । জিলাখনৰ ভুৱন পাহাৰত অৱস্থিত শিৱ লিংগত পূজা-অৰ্চনাৰে আৰম্ভ হ'বলগীয়া এই মেলাত লাখ লাখ ভক্তই অংশগ্ৰহণৰ আশা ব্য়ক্ত কৰিছে আয়োজকসকলে । এই মেলাৰ প্ৰস্তুতিৰ লগতে নিৰাপত্তাৰ সকলো দিশ তদাৰক কৰিবলৈ আজি ভুৱন পাহাৰত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা ।

মহাশিৱৰাত্ৰিত বৰাক উপত্যকাৰ ঐতিহ্যমণ্ডিত ভুৱন মেলাত ভক্তই যাতে শংকাবিহীনভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰবাবে সাজু হৈছে আৰক্ষী প্ৰশাসন । কঠোৰ নিৰাপত্তাৰ মাজেৰে সোমবাৰৰ পৰা আৰম্ভ হ'ব ভুৱন তীৰ্থৰ এইমেলা । প্ৰতি বছৰৰ দৰে এইবাৰো শিৱৰাত্ৰি উপলক্ষে ভুৱন পাহাৰত আৰম্ভ হ'ব মেলা ।

ভুৱন পাহাৰত আৰম্ভ হ'ব 'ভুৱন মেলা' (ETV Bharat Assam)

মহাশিৱৰাত্ৰিৰ নিশা শিৱলিংগত পূজা কৰিবলৈ প্ৰতিবছৰে ইয়াত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে । পাহাৰৰ প্ৰায় ১০ কিলোমিটাৰ পথ খোজকাঢ়ি ওপৰত গৈ দেৱাদিদেৱৰ পূজা-অৰ্চনা কৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে । ইয়াকে কেন্দ্ৰ কৰি ভুৱন তীৰ্থস্থলীত আয়োজন কৰা হয় এক বিশাল মেলাৰ ৷ তিনিদিন ধৰি চলে এই মেলা ৷

দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে সকলো ব্যৱস্থা কৰিছে কাছাৰ জিলা প্ৰশাসনে । কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই দেওবাৰে ভুৱন পাহাৰত উপস্থিত হৈ নিৰাপত্তাৰ দিশ চোৱাচিতা কৰে । ভুৱন পাহাৰত খোজকাঢ়িয়ে লৈছে পৰিস্থিতিৰ বুজ । শিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা এই ভুৱন মেলাত যাতে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে আৰক্ষীসহ অৰ্ধসামৰিক জোৱানৰ বিশাল বাহিনী নিয়োগ কৰা হৈছে ৷ সমগ্ৰ ভুৱন পাহাৰত চলিব আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ টহল । মেলাখন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ নিয়োগ কৰা হৈছে প্ৰায় ৫০০ জন স্বেচ্ছাসেৱক ৷

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই এই নিৰাপত্তা সন্দৰ্ভত কয়, "মহাশিৱৰাত্ৰি উপলক্ষে প্ৰতি বছৰে ৬-৭ লাখ ভক্তৰ ইয়াত সমাগম ঘটে । ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে । এইবাৰো অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব । ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তাৰ দিশ চোৱা-চিতা কৰিবলৈ আমি এটা শিবিৰ স্থাপন কৰিছো । ২৪ ঘন্টাই যাতে আমি তেওঁলোকক নিৰাপত্তা দিব পাৰো তাৰ বাবে ব্য়ৱস্থা কৰা হৈছে ।"

লগতে পঢ়ক:মহা শিৱৰাত্ৰি উপলক্ষে কৰক জ্যোতিৰ্লিংগৰ দৰ্শন; IRCTC-এ দিছে সুন্দৰ পেকেজ - IRCTC TOUR PACKAGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.