ETV Bharat / state

মহবুবুল হকে অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষাৰ্থীৰ তালিকা সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে - USTM EXAM MARKS CONTROVERSY

ERD ফাউণ্ডেশ্যনৰ ২১৪ গৰাকী পৰীক্ষাৰ্থীৰ তালিকা কিয় প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ?

USTM EXAM MARKS CONTROVERSY
শিক্ষাৰ্থীৰ তালিকা সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 10:36 PM IST

গুৱাহাটী: ই আৰ ডি ফাউণ্ডেশ্যনৰ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চি বি এছ ই পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে । এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰিছে ই আৰ ডি ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক । ইয়াৰ মাজতেই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ তালিকা ।

চি বি এছ ই পৰীক্ষাত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষাৰ্থীসকলৰ তালিকা দেওবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে তালিকাখন প্ৰকাশ কৰি লিখিছে,"এয়া হৈছে সেইসকল শিক্ষাৰ্থীৰ নাম,যাক ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ দ্বাৰা চি বি এছ ই পৰীক্ষাত অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ অসম আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু এক গোচৰ পঞ্জীয়ন কৰা হৈছে । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আমি সকলোৰে সহযোগিতা কামনা কৰিলো ।"

উল্লেখ্য যে পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত একাংশ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগতে বৃহস্পতিবাৰে মাজনিশা প্রায় ডেৰ বজাত মহানগৰ আৰক্ষী আৰু এছ টি এফৰ দলে মহানগৰীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা আটক কৰিছিল হকক । নিশাটো পাণবজাৰ থানাত ৰখাৰ পাছত পুৱা গ্ৰেপ্তাৰ কৰি হকক শ্রীভূমি সদৰ থানালৈ নিয়ে আৰক্ষীয়ে ।

ইপিনে, ইউ এছ টি এমৰ আচার্য মহবুবুল হকৰ লগতে পাথাৰকান্দিব চেন্ট্রেল পাব্লিক স্কুলৰ পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্রীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে । মহবুবুল হকৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে । পাথাৰকান্দিৰ চেন্ট্রেল পাব্লিক স্কুল পৰীক্ষা কেন্দ্রত চি বি এছ ইৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । পৰীক্ষাত বিশেষ সহায়ৰ উদ্দেশ্যেৰে ই আৰ ডি ফাউণ্ডেশ্য়নৰ অধীনৰ স্কুলখনৰ কেন্দ্ৰটোলৈ দুই শতাধিক পৰীক্ষাৰ্থীক লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ।

বিভিন্ন জিলাৰ পৰা যোৱা পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰটোত কোনো সহায় নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পিচত আৰক্ষী আৰু চি আৰ পি বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এই ঘটনা সংক্রান্তত ৫৪/২৫ নম্বৰত শ্রীভূমি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল ।

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত শনিবাৰে মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "অসমত মই বহু দিনৰপৰা চক্র এটা লক্ষ্য কৰি আছিলো । মেডিকেল, ইঞ্জিনীয়াৰিং আৰু চি বি এছ ই পৰীক্ষাৰ আগত ল'ৰা-ছোৱালীবিলাকক কেন্দ্র সলনি কৰি দিয়া হয় আৰু কিছুমান নির্দিষ্ট স্কুললৈ লৈ যোৱা হয় । গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ ২৪৭গৰাকী শিক্ষার্থীক চি বি এছ ই পৰীক্ষাত ৩০ নম্বৰকৈ অধিক দিয়াৰ প্রতিশ্রুতি দি বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । পাছত সুবিধা নোপোৱাত পৰীক্ষার্থীসকলে হুলস্থূল কৰাত লাহে লাহে গোটেই চক্রটো পোহৰলৈ আহিছে । এইটো কেৱল চি বি এছ ইতে নহয়, মেডিকেল প্রৱেশ পৰীক্ষাত চলি থকা ডাঙৰ প্রৱঞ্চক চক্র এটা আমাৰ সন্মুখলৈ আহিব ।"

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "মই আগৰে পৰাই কৈ আহিছো যে এই মানুহজন এজন মহাপ্রৱঞ্চক । অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ আনি এচাম মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা ইমান দিনে চলাই আহিছে ।"

লগতে পঢ়ক:কি অভিযোগত গ্ৰেপ্তাৰ হ'ল USTM ৰ স্বত্বাধিকাৰী মহবুবুল হক ? - USTM CHANCELLOR MAHBUBUL HAQUE

মহবুবুল হক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে- মানুহজন মহা প্ৰৱঞ্চক - ASSAM CM ON MAHBUBUL HAQUE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.