গুৱাহাটী: ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে মহা আড়ম্বৰৰে আয়োজন কৰা বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব বিভিন্ন দেশৰ ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূতে । দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে নেতৃত্ব দিব এই ৰাষ্ট্ৰদূতৰ দলটোৰ ।
এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূতে । কাজিৰঙাৰ মনোৰম দৃশ্য় উপভোগ কৰি তেওঁলোক আহিব গুৱাহাটীলৈ ৷ উপভোগ কৰিব ৮,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া অসমৰ চাহ জনগোষ্ঠীয় লোকৰ ঝুমইৰ নৃত্যৰ বিশাল অনুষ্ঠান ৷
গুৱাহাটীৰ খানাপাৰা আৰু সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে চলাইছে এডভাণ্টেজ অসম আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সামাজিক মাধ্যমযোগে সদৰী কৰি কয়, “প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াই আমাৰ চাহ বাগিচা সম্প্ৰদায়ক সৰ্বোচ্চ সন্মান আৰু গুৰুত্ব প্ৰদানেৰে ধন্য কৰিছে । ভাৰতৰ ৬০ তকৈও অধিক ৰাষ্ট্ৰদূত, বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ মাননীয় কেন্দ্রীয় মন্ত্রী শ্রী এছ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত ২৪ ফেব্ৰুৱাৰীত মাননীয় মোদী ডাঙৰীয়াৰ সৈতে ‘ঝুমইৰ বিনন্দিনী’ৰ সাক্ষী হ'বলৈ আহি আছে ।”
In 2 days from now, Hon’ble Prime Minister Shri @narendramodi Ji will grace the biggest ever Jhumoir performance in Guwahati.
— Himanta Biswa Sarma (@himantabiswa) February 22, 2025
But what exactly is Jhumoir? And do you know it has a connection to your cup of tea ☕️
Stay with me 🧵
1/6 pic.twitter.com/YbPaneslUR
অসম চৰকাৰৰ মুখপাত্ৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে কয়, “২৩ তাৰিখে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৬০ গৰাকী ৰাষ্ট্ৰদূতে বিমানযোগে আহি যোৰহাটত অৱতৰণ কৰিব ৷ যোৰহাটৰ পৰা পোনে পোনে আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাতি কটাব ৰাষ্ট্ৰদূতসকলে । ২৪ তাৰিখে পুৱা কাজিৰঙাত ছাফাৰী কৰি আহিব গুৱাহাটীলৈ । গুৱাহাটীত আবেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ঝুমইৰৰ বিশাল অনুষ্ঠান উপভোগ কৰিব ৰাষ্ট্ৰদূতসকলে ৷” মন্ত্ৰীগৰাকীয়ে লগতে আশা প্ৰকাশ কৰি কয়, “একেলগে বিভিন্ন দেশৰ ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূতৰ কাজিৰঙা ভ্ৰমণৰ লগতে ঝুমইৰ অনুষ্ঠানত অংশগ্ৰহণে ৰাজ্যখনৰ পৰ্যটন খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি গভীৰভাৱে আশাবাদী ৷”

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে দক্ষিণ কোৰিয়া, জাপান, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ প্ৰতিনিধিকে ধৰি বহুসংখ্যক বিদেশী প্ৰতিনিধিয়ে এই বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়ান নাগৰিকৰ ক্ষেত্ৰত অসম ভ্ৰমণত থকা বাধা নিষেধ Grey মাৰ্ক উঠাই লৈছে, সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA) বলৱৎ হৈ থকা জিলা ৪ খনৰ বাদে ৷ জাপানেও বিবেচনা কৰি আছে । আশা কৰা হৈছে আনবোৰ ৰাষ্ট্ৰয়ো কাজিৰঙা ভ্ৰমণ আৰু ঝুমইৰ নৃত্যানুষ্ঠানৰ পিছত নিজৰ বাধা আৰোপ শিথিল কৰিব ৷”
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ২৪ ফেব্ৰুৱাৰীৰ আবেলি গুৱাহাটীত উপস্থিত হ’ব । সন্ধিয়া প্ৰায় ৬ বজাত সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

এই অনুষ্ঠানত অসমৰ ৮ হাজাৰ চাহ জনগোষ্ঠীয় শিল্পীয়ে অসমৰ চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিব । অসমৰ চাহ উদ্যোগ আৰু ঔদ্যোগিক বিকাশৰ ২০০ বছৰ উদযাপন উপলক্ষে আয়োজিত এই অনুষ্ঠানে ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু ঐক্যৰ মনোভাৱ প্ৰতিফলিত কৰিব ।

২৪ ফেব্ৰুৱাৰীৰ নিশাটো গুৱাহাটীতে কটাই ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ অসম অনুষ্ঠান মুকলি কৰি ৪৫ মিনিটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে । গুৱাহাটীৰ এই এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত হ’বলগীয়া প্ৰদৰ্শনীখনত অসমৰ বিকশিত ঔদ্যোগিক পৰিৱেশ, বিশ্ব বাণিজ্যিক অংশীদাৰিত্ব আৰু সমৃদ্ধিশালী এম এছ এম ই খণ্ডৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হ’ব ৷ এই প্ৰদৰ্শনীত ২৪০ গৰাকীতকৈ অধিক অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব ।