ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাটো মুখ্যমন্ত্ৰীয়ে বেছি গুৰুত্ব দিয়া নাই : গৌৰৱ গগৈ - MP RAKIBUL HUSSAIN ATTACK
🎬 Watch Now: Feature Video


Published : Feb 21, 2025, 7:43 AM IST
মাজুলী : ‘‘ৰাজপথত এনেদৰে ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰৰ ওপৰত হোৱা আক্ৰমণ অতি দুৰ্ভাগ্যজনক । এই আক্ৰমণকাৰীয়ে পুলিচৰ কৰ্মচাৰী ওপৰতো হাত উঠোৱাৰ লগতে পুলিচৰ বন্দুক কাঢ়ি ল’বলৈ চেষ্টা চলাইছিল যিটো অত্যন্ত ভয়ংকৰ কথা । মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই ঘটনাটোৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই । গৃহ বিভাগ ব্যৰ্থ হৈছে ৷’’ এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷
কংগ্ৰেছৰ সাংসদগৰাকীক সুৰক্ষা নিদিলেও নিজৰ গৃহ বিভাগৰ আৰক্ষীক, সেই সময়ত স্থানীয় যিসকল ৰাইজ বজাৰত আছিল সেইসকলক সুৰক্ষা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ আছে । এই ঘটনাৰ লগত জড়িতসকলক যদি অসম পুলিচে ধৰিব নোৱাৰে, তেতিয়া বিভিন্ন দুৰ্নীতিৰ লগত জড়িতসকলে দুৰ্নীতি কৰিবলৈ বেছি উৎসাহে পাব ৷’’ বৃহস্পতিবাৰে বিয়লি মাজুলীত উপস্থিত হৈ নগাঁৱৰ ৰাজপথত ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷