নতুন দিল্লী: বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেলত জয়লাভ কৰাৰ পিছত দেওবাৰে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ দ্বিতীয়খন মেচত ভাৰতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত সমুখ-সমৰত নামিব ৷ পাকিস্তানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰি এই বৃহৎ ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশৰ লক্ষ্য ৰাখিব ৰোহিত শৰ্মাৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই ।
আনহাতে, এই টুৰ্ণামেণ্টৰ উদ্বোধনী মেচত ইতিমধ্যে নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তান পৰাস্ত হৈছে । নিউজিলেণ্ডে প্ৰথমখন মেচত ৬০ ৰাণত জয়লাভ কৰি বৰ্তমান গ্ৰুপ এ ৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে ।
পাকিস্তানৰ মুখা খুলিলে আফ্ৰিদীয়ে
ভাৰত–পাকিস্তানৰ ক্ৰিকেট মেচ যিকোনো ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসৰে অন্যতম তীব্ৰ প্ৰতিদ্বন্দ্বিতা হিচাপে পৰিচিত হৈ আহিছে ৷ জিঅ’ হটষ্টাৰৰ গ্ৰেটেষ্ট ৰাইভেলৰী ৰিটাৰ্ণছ শ্ব’ত ভাষণ দি পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ ত ভাৰত বনাম পাকিস্তানৰ বহু প্ৰত্যাশিত খেলখনৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে ।
Legends. Laughter. Cricketing Stories! 🇮🇳🇵🇰
— Star Sports (@StarSportsIndia) February 20, 2025
Watch Inzamam-ul-Haq, Yuvraj Singh, Navjot Singh Sidhu & Shahid Afridi in an unfiltered, unforgettable chat! 🤩🔥From epic IND-PAK battles to untold dressing room tales—don’t miss the legends at their candid best!
Catch the IND-PAK… pic.twitter.com/vkyz9iF1n1
অধিক মেচত বিজয়ী ভাৰত
শ্বাহিদ আফ্ৰিদীয়ে কয়, ‘‘যদি আমি মেচ বিজয়ীৰ কথা কওঁ, তেন্তে মই ক’ম যে পাকিস্তানতকৈ ভাৰতে অধিক মেচত জয়ী হৈছে । মেচ বিজয়ী হ’ল, যিজনে এককভাৱে মেচত জয়ী হ’ব জানে । বৰ্তমান পাকিস্তানত এনে কোনো খেলুৱৈ নাই’’ ।
আফ্ৰিদীয়ে লগতে জোৰ দি কয় যে, ভাৰতৰ শক্তি তেওঁলোকৰ মিডল আৰু লোৱাৰ অৰ্ডাৰত নিহিত হৈ আছে ৷ যাৰ বাবে তেওঁলোক মেচত জয়ী হৈ আহিছে ৷ অৱশ্যে, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে খেলুৱৈসকলে এতিয়াও হেৰুওৱা ফৰ্ম ঘূৰাই পোৱা নাই ।
ভাৰততকৈ দুৰ্বল পাকিস্তান
আফ্ৰিদীয়ে কয়, ‘‘ভাৰতৰ শক্তি হৈছে ইয়াৰ মধ্যম আৰু নিম্ন ক্ৰমৰ ৷ যিয়ে তেওঁলোকক মেচত জয়ী কৰি আহিছে । আমি দীৰ্ঘদিন ধৰি খেলুৱৈসকলক সুযোগ দি আহিছো, কিন্তু কোনেও ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিব পৰা নাই ৷ কিছুমান খেলুৱৈয়ে কিছুমান মেচত ভাল প্ৰদৰ্শন কৰিছে যদিও এবছৰ, দুবছৰ বা ৫০-৬০ খন মেচত একেৰাহে নিজৰ প্ৰদৰ্শন বজাই ৰাখিব পৰা খেলুৱৈ আমাৰ নাই । এইক্ষেত্ৰত অতি শক্তিশালী ভাৰতৰ তুলনাত এইখিনিতে আমি অলপ দুৰ্বল ৷ কিন্তু ভাৰতৰ বিৰুদ্ধে জয়ৰ চাবিকাঠি হ’ল সামূহিক প্ৰদৰ্শন - সেয়া বেটছমেনে হওক, বলাৰ হওক বা স্পিনাৰ হওক - সকলোৰে অৱদান গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীত জয়ৰে অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ