ETV Bharat / state

কন্দুৱা গেছ প্ৰয়োগৰ বাবে মৃত্যু হোৱা নাছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ - CONGRESS WORKER POST MORTEM REPORT

কংগ্ৰেছৰ আইন কোষৰ অধিবক্তা মৃদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ । কন্দুৱা গেছ প্ৰয়োগৰ সময়ত ক'ত আছিল মৃদুল ?

CONGRESS WORKER MRIDUL ISLAM DEATH
ডি চি পি অমিতাভ বসুমতাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 5:32 PM IST

গুৱাহাটী: বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত অসম কংগ্ৰেছৰ "ৰাজভৱন চলো" কাৰ্যসূচীত ৰাজভৱনৰ সন্মুখত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যু হৈছিল ।

আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি কংগ্ৰেছে দাবী কৰি অহাৰ সময়তেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কংগ্ৰেছে নেতাজনৰ মত্য়ুৰ প্ৰকৃত কাৰণ ।

ডি চি পি অমিতাভ বসুমতাৰী (ETV Bharat Assam)

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি অতিৰিক্ত কন্দুৱা গেছ প্ৰয়োগৰ বাবে মৃত্যু হোৱা নাছিল মৃদুল ইছলামৰ । তেন্তে কি কাৰণত কংগ্ৰেছ নেতাজনৰ মৃত্য়ু হৈছিল ? এই সন্দৰ্ভত মন্তব্য কৰিছে ডি চি পি অমিতাভ বসুমতাৰীয়ে । শনিবাৰে সংবাদ মাধ্যমৰ আগত এই বিষয়ে ডি চি পি অমিতাভ বসুমতাৰীয়ে কয়, "বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত কংগ্ৰেছে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰতিবাদত মৃদুল ইছলাম নামৰ এজন লোক গুৰুতৰভাৱে আহত হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও লোকজনৰ মৃত্যু হৈছিল ।"

কন্দুৱা গেছ প্ৰয়োগৰ সময়ত সেই স্থানত নাছিল মৃদুল :

তেওঁ পুনৰ কয়, "আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ বাবে মৃদুল ইছলামৰ মৃত্যু ঘটিছিল বুলি অভিযোগ উত্থাপিত হৈছিল । কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত্যুৰ কাৰণ প্ৰকাশ পাইছে । মৃদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাত মৃদুলৰ দেহত সুৰাৰ উপস্থিতি ধৰা পৰাৰ লগতে দেহত আছিল ধমনী ৰোগত আক্ৰান্তৰ চিন । তাৰ বাবে মৃত্যু হৈছিল মৃদুল ইছলামৰ । কন্দুৱা গেছ প্ৰয়োগৰ সময়ত তেওঁ সেই স্থানত নাছিলেই ।"

উল্লেখ্য যে ১৮ ডিচেম্বৰত কংগ্ৰেছে "এক দেশ এক নিৰ্বাচন"ৰ বিৰোধিতা, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত "ৰাজভৱন চলো" কাৰ্যসূচী ৰূপায়ণ কৰিছিল । এই প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল । এই প্ৰতিবাদত আহত হৈছিল কংগ্ৰেছৰ আইন কোষৰ অধিবক্তা মৃদুল ইছলাম ।

প্ৰতিবাদত আহত দক্ষিণ কামৰূপৰ সোণতলীৰ মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও হাস্পতালত তেওঁৰ মৃত্যু হয় । ইয়াৰ পিছত অভিযোগ উত্থাপন হৈছিল যে আৰক্ষীৰ কন্দুৱা গেছৰ বাবে মৃদুলৰ মৃত্যু হয় । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক:প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ: তদন্ত আৰু ক্ষতিপূৰণৰ দাবীত বৰপেটাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - PROTEST IN BARPETA

দলীয় কৰ্মীৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মালৈ পত্ৰ ভূপেন বৰাৰ - APCC WRITES LETTER TO CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.