ETV Bharat / state

এইবাৰ যোৰহাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ - FIR AGAINST SANKARADEV SANGHA

শংকৰদেৱ সংঘই আমাৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে আৰু আমাৰ উপাস্য দেৱতাক অপমান কৰিছে । ক'লে আহোম সভা আৰু টাইপাই ৷

FIR against Sankaradev Sangha
শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 5:50 PM IST

যোৰহাট : আহোম জনগোষ্ঠীয় সংগঠন টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত সংঘাত অব্যাহত আছে । টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্যক সংগী পদৰ পৰা অব্যাহতি দিয়াৰ লগতে ৫০০ টকা জৰিমনা বিহাৰো নিদেৰ্শ দিয়া হৈছিল । এই পদক্ষেপে আহোমসকলৰ পৰম্পৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত হানিছে বুলি অভিহিত কৰিছে টাই আহোম সংগঠনসমূহে ।

টাই আহোম সংগঠনৰ এজাহাৰ দাখিল

শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat)

একেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ প্ৰতিলিপি জ্বলাই দিয়া কাৰ্যক গৰিহণা দিছিল টাই আহোম সংগঠনসমূহে । এনে বিতৰ্কৰ মাজতে আহোম সভাৰ লগতে টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম শিক্ষা-সংস্কৃতি পৰিষদে যোৰহাট সদৰ থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ, প্ৰধান সম্পাদকসহ কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আহোম জনগোষ্ঠীৰ পৰম্পৰাগত পোচাক পৰিধান কৰি নেতাসকলে থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে ।

FIR against Sankaradev Sangha
শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat)

ভৱিষ্যতৰ আশংকা প্ৰতিৰোধ কৰাৰ স্বাৰ্থত তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু তাৰ লগত সংলগ্ন আইনৰ ধাৰাৰ অধীনত গোচৰ ৰজু কৰিবলৈ আহোম সভাৰ লগতে অন্যান্য সংগঠনসমূহে আৰক্ষীক অনুৰোধ জনাইছে । এজাহাৰ দাখিলৰ অন্তত আহোম সভা আৰু টাইপাৰ বিষয়ববীয়াসকলে কয়, "শংকৰদেৱ সংঘই আমাৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে আৰু আমাৰ উপাস্য দেৱতাক অপমান কৰিছে । তাৰ পিছতো তেওঁলোকে কোন দোষী, কোন নিৰ্দোষী সেই বিষয়ে গুৰুত্ব দিয়া নাই, বৰঞ্চ আক্ৰোশমূলক স্থিতিহে লোৱা দেখা গৈছে । সেয়ে আমি শংকৰদেৱ সংঘৰ কেইবাজনো বিষয়ববীয়াৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিছো ।"

উল্লেখ্য যে শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত আৰম্ভ হোৱা বাক-বিতণ্ডাই বৰ্তমান ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে শংকৰদেৱ সংঘৰ বিষয়ববীয়াইও টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । একেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে তিতাবৰতো এজাহাৰ দাখিল কৰে আহোম সংগঠনৰ নেতাসকলে । তিতাবৰ চাৰিআলিৰ পৰা তিতাবৰ থানালৈ পদযাত্ৰা কৰি এজাহাৰ দাখিল কৰে সংগঠনৰ নেতাসকলে । টাইপা, টাই আহোম মহিলা পৰিষদৰ লগতে আন আন আহোম সংগঠনসমূহো তাত উপস্থিত থাকে ।

লগতে পঢ়ক :বিতৰ্কই লগ এৰা নাই শংকৰ সংঘক; ডিব্ৰুগড়-শিৱসাগৰত এজাহাৰ দাখিল - FIR AGAINST SANKARDEV SANGHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.