জোনাই চমকং লামাজানৰ পাকৰিত ৰহস্যজনকভাৱে বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ - WILD ELEPHANT FOUND DEAD

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 8:14 AM IST

Updated : Feb 19, 2025, 8:56 AM IST

জোনাই: ধেমাজি জিলাৰ চমকং অঞ্চলৰ জামজিং সংৰক্ষিত বনাঞ্চল এলেকাৰ লামাজান পাকৰিত মঙলবাৰে এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয় । অঞ্চলটোৰ লোকে জানিবলৈ দিয়া মতে, তেওঁলোকে দুৰ্গন্ধ পাই কাষৰে বনাঞ্চলত বিচাৰ-খোচাৰ কৰে আৰু চাপৰিৰ মাজত ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ।

হাতীটোৰ মৃতদেহ উদ্ধাৰৰ পাছতেই স্থানীয় লোকে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত জোনাই সমজিলাৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দল উপস্থিত হৈ মৃত হাতীটো চমজি লোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে  ।

ইফালে বন বিভাগৰ লগত ঘটনাস্থলীত উপস্থিত হোৱা চিকিৎসকে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত মৃতদেহটো সমাধিস্থ কৰে ।

বন বিষয়া দেবব্ৰত গগৈয়ে কয়, "হাতীটোৰ স্বাভাৱিক মৃত্যু হৈছে ৷ হাতীটো নিশ্চয় পূৰ্বে আঘাতপ্ৰাপ্ত  হৈছিল আৰু হয়তো খোৱা-বোৱাত অসুবিধা পাইছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদত সেই সকলো স্পষ্ট হ’ব ৷ হাতীটোৰ দাঁতলৈ লক্ষ্য কৰিলে বয়স প্ৰায় ১০ বছৰ বুলি অনুমান হয় ৷"

লগতে পঢ়ক: বিদ্যুৎস্পৃষ্ট হৈ ডিব্ৰুগড়ৰ পাৰলিগুৰিত এটা বন্যহস্তীৰ মৃত্যু

যেন আঁতৰি গ'ল গোবিন্দ বাহাদুৰৰ পৰিয়ালৰ কোনোবাজন !

Last Updated : Feb 19, 2025, 8:56 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.