ETV Bharat / state

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া - MP RAKIBUL HUSSAIN ATTACK

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ । বিৰোধী শিৱিৰত তীব্ৰ প্ৰতিক্ৰিয়া । এই ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন জনৰ ।

Massive reaction regarding MP Rakibul Hussain attacked
সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 10:08 PM IST

গুৱাহাটী: ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । নগাঁৱৰ ৰূপহীত আজি সাংসদ ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰৰ ওপৰত মুখত কলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰে । অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ:

সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে । তেওঁ কয়,"এজন প্ৰবীন ৰাজনীতিকক যদি এনেকৈ দিনৰ পোহৰত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিব পাৰে তেন্তে সেইখন ৰাজ্যৰ আইন-শৃংখলা বুলি একো নাই । সেই কথা প্ৰমাণ হৈ গৈছে । মই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে গৃহ বিভাগৰ ওচৰত দাবী জনাইছোঁ ।"

প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ (ETV Bharat Assam)

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া:

সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"প্ৰাক্তন মন্ত্রী তথা সাংসদ ৰকিবুল হুছেইনক কিছুমান দুৰ্বৃত্তই ৰাজপথতে আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে । দিন দুপৰতে এনে ঘটনা সংঘটিত হোৱাটোৱে অসম আৰক্ষীৰ অপৰাধ সম্পৰ্কে কোনো জ্ঞান নাই সেই কথাকে প্ৰমাণ কৰিছে । আৰক্ষী সষ্টম হৈ থাকিব লাগিছিল । কিন্তু তেনে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । মুখ্যমন্ত্রীয়ে বিধানসভাত কয় যে অসমত অপৰাধৰ হাৰ কমিছে । কিন্তু আমাৰ ইয়াতে বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হয় ।"

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ প্ৰতিক্ৰিয়া:

সাংসদ ৰকিবুল হছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে । তেওঁ কয়,"এই ঘটনাক গৰিহণা দিছোঁ । অতি শীঘ্ৰে অসম আৰক্ষীয়ে দোষীক কৰায়ক্ত কৰি উপযুক্ত শাস্তি দিব লাগে । বৰ্তমান ৰাজ্যত আইন-শৃংখলাৰ অৱনতি ঘটিছে । এজন সাংসদক মিটিং কৰিবলৈ যাওতে সন্মুখত আগুচি ধৰি যদি মাৰপিটৰ ঘটনা সংঘটিত কৰিব পাৰে তেতিয়া আমি ৰাজ্যখনৰ আইন-শৃংখলা কিমান ভাল সেই কথা আমি বুজিব পাৰোঁ ।"

জাকিৰ হুছেইন শিকদাৰৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কি ক'লে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানে:

ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰমীত সিঙে কয়,"জিলা আৰক্ষী অধীক্ষকজন ঘটনাস্থলীত আছে । ঘটনাটো হোৱাৰ পাছত সাংসদগৰাকীক গাড়ীৰে লৈ যোৱা হৈছে । তেওঁ এখন ৰাজহুৱা সভাত ভাগ লৈছে । য'ত আৰক্ষী অধীক্ষক উপস্থিত আছে । ঘটনা সন্দৰ্ভত আৰু কিবা থাকিলে আমি আপোনালোকক জনাম । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে । ঘটনাত দুজন পি এছ অ' কিছু আহত হৈছে । পাব্লিক মিটিঙৰ বাবে সাংসদগৰাকীয়ে নিজৰ গাড়ীৰ পৰা নামি দুচকীয়া বাহনত যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় । তদন্তত সকলো ওলাব ।"

কি ক'লে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানে (ETV Bharat Assam)

লগতে পঢ়ক: মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK

ৰাজনীতি নকৰা হ’লেই ভাল আছিল: কিয় ক'লে ভূপেন বৰাই ? - APCC PRESIDENT BHUPEN BORA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.