গোগামুখ বৰদলনিৰ পৰা নিৰুদ্দেশ হোৱা পাঁচ ছাত্ৰক শিলচৰত উদ্ধাৰ - DHEMAJI MISSING STUDENTS RESCUED

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 9:57 PM IST

শিলচৰ : গোগামুখ বৰদলনি লিটিল গড মডেল স্কুলৰ পৰা নিৰুদ্দেশ হোৱা পাঁচ ছাত্ৰক শিলচৰত উদ্ধাৰ । শিলচৰ ৰে'ল ষ্টেচনৰ পৰা কাছাৰ আৰক্ষীয়ে শুক্ৰবাৰে উদ্ধাৰ কৰে ছাত্ৰকেইজনক ৷ ছাত্ৰকেইজন হৈছে অংকুৰজ্যোতি গগৈ (১৫), ভৱেশ গগৈ (১৫), ইগাংকু দত্ত (১৫), ৰক্তিম মুক্তিয়াৰ (১৫) আৰু লোপেন্দ্ৰ সোণোৱাল (১৫) ।  

নৱম শ্ৰেণীৰ এই পাঁচ ছাত্ৰ বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল । ছাত্ৰকেইজনক উদ্ধাৰ সন্দৰ্ভত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "কালি ধেমাজিৰ পৰা আহি তেওঁলোক ৰঙিয়াত উপস্থিত হয় । ৰঙিয়াৰ পৰা আজি পুৱাৰ ভাগত ৰে'লেৰে তেওঁলোক শিলচৰ ৰে'ল ষ্টেচনত উপস্থিত হয় । তাৰ পাছত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে ।"

তেওঁ লগতে কয়, "কিশোৰকেইজনক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰা হৈছে । তেওঁলোকক সোধা-পোছা কৰোতে জানিবলৈ দিয়া মতে শিলচৰলৈ ফূৰিবলৈ আহিছিল । তাৰ পৰা মিজোৰামলৈ যোৱাৰ পৰিকল্পনা আছিল । কিন্তু পৰিয়ালক তেওঁলোকে জনোৱা নাছিল ।"

ছাত্ৰকেইজনক উদ্ধাৰ কৰি আৰক্ষীয়ে শিলচৰ তাৰাপুৰ আৰক্ষী চকীত ৰাখি সোধা-পোছা চলাই গৈছে । সোধা-পোছাৰ অন্তত তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব আৰু তাৰ পৰা ধেমাজি আৰক্ষী তথা পৰিয়ালৰ লোকক ছাত্ৰকেইজনক গতাই দিয়া হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :বোৱাৰীক নহয় নশ্বৰদেহ চমজি ল'লে দৰাৰ পৰিয়ালে ! - DHEMAJI ROAD ACCIDENT
লগতে পঢ়ক :চিলাপথাৰ হত্যাকাণ্ড: অভিযুক্তৰ ভয়ংকৰ স্বীকাৰোক্তি - SILAPATHAR MURDER CASE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.