ETV Bharat / state

গুৱাহাটীত ভয়ংকৰ ৰূপ লৈছে বায়ু প্ৰদূষণে - GUWAHATI AIR POLLUTION

অতি বেয়াৰ ফালে গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ । এই সন্দৰ্ভত কি কয় পৰিৱেশ বিজ্ঞানীয়ে ।

AIR POLLUTION IN GUWAHATI
বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 10:03 PM IST

গুৱাহাটী : অভাৱনীয় বায়ু প্ৰদূষণৰ কৱলত পৰিছে গুৱাহাটী মহানগৰী । গুৱাহাটীত চলি থকা নির্মাণকার্য, যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে বায়ুমণ্ডল । এতিয়া বায়ু প্ৰদূষণে এনে এক পর্যায় পাইছেগৈ যে দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো গুৱাহাটীয়ে অতিক্ৰম কৰিছে । চলিত মাহত গুৱাহাটী মহানগৰীৰ বায়ুৰ গুণাগুণ সূচকাংক ২৫০ লৈ বৃদ্ধি পাইছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ২ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ ২০০-৩০০ ৰ ভিতৰত আছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এ কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০২ৰ ভিতৰত থাকিলে মধ্যমীয়া, ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া আৰু ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে সংজ্ঞায়িত কৰিছে ।

AIR POLLUTION IN GUWAHATI
বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী (ETV Bharat Assam)

সেই অনুসৰি বায়ুৰ মান সূচকাংক পহিলা ফেব্ৰুৱাৰীত ১৮০, ২ ফেব্ৰুৱাৰীত ২২৭, ৩ ফেব্ৰুৱাৰীত ২৫০, ৪ ফেব্ৰুৱাৰীত ২২৯ , ৫ ফেব্ৰুৱাৰীত ২৪৪, ৬ ফেব্ৰুৱাৰীত ২৪৬, ৭ ফেব্ৰুৱাৰীত ২০৪, ৮ ফেব্ৰুৱাৰীত ২৩১, ৯ ফেব্ৰুৱাৰীত ২৩৯, ১০ ফেব্ৰুৱাৰীত ২১৯ , ১১ ফেব্ৰুৱাৰীত ২৪৭ ,১২ ফেব্ৰুৱাৰীত ১৪০ , ১৩ ফেব্ৰুৱাৰীত ১২৯ হৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য পৰিৱেশ বিজ্ঞানী (ETV Bharat Assam)

গুৱাহাটীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰৰ মুখ্য পৰিৱেশ বিজ্ঞানী ড৹ গৌতম কুমাৰ মিশ্ৰই কয়, "জানুৱাৰীৰ পৰা মাৰ্চলৈ প্ৰতিখন চহৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । কিন্তু যোৱা বছৰৰ তুলনাত বায়ুৰ মান সূচকাংক উন্নত হৈছে যদিও ২০০-৩০০ ৰ ভিতৰত আছে । গুৱাহাটীত য'তে-ত'তে চৰকাৰী নাইবা ব্যক্তিগতভাৱে চলি থকা নিৰ্মাণকাৰ্যই প্ৰদূষণৰ মাত্রা বৃদ্ধি কৰিছে । তদুপৰি যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই পৰিৱেশ অধিক বিনষ্ট কৰিছে । ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে ।"

বামুনীমৈদামত প্ৰদূষণৰ মাত্ৰা অধিক :

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানীগৰাকীয়ে লগতে কয়, "পথৰ ধূলিৰ পৰা ৪০-৪৮%, নিৰ্মাণকাৰ্যৰ পৰা ২০% আৰু কল-কাৰখানাৰ পৰা ১০% মহানগৰীৰ বায়ুমণ্ডল প্ৰদূষণ হৈছে । চলিত বৰ্ষত গুৱাহাটী মহানগৰীৰ বামুনীমৈদামত প্ৰদূষণৰ মাত্ৰা অধিক । বামুনীমৈদামত বায়ুৰ মান সূচকাংক ৩১০-৩৪০ হৈ আছে । দীপাৱলীৰ সময়ত এয়াৰপ'ৰ্ট অঞ্চলত বায়ুৰ মান সূচকাংক বৃদ্ধি হৈছিল । মহানগৰীত যিবোৰ উন্নয়নমূলক নিৰ্মাণ কাম-কাজ চলি আছে সেইবোৰ সম্পূৰ্ণ হ'লে বায়ুৰ মান সূচকাংক উন্নত হ'ব বুলি আশা কৰিব পাৰি ।"

তেওঁ আৰু কয়, "বতাহত উৰি থকা ধূলিকণাসমূহে ভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই লৈ ফুৰে । বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত শ্বাস-প্ৰশ্বাসত কষ্ট হয় । ইয়াৰ পৰা হাত সাৰিবলৈ মাক্স পৰিধান কৰক । জনসাধাৰণ সজাগ হ'ব লাগে । দৰকাৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ যাব লাগে । গুৱাহাটীৰ সমান্তৰালভাৱে নলবাৰী আৰু নগাঁৱৰ বায়ুৰ গুণাগুণ সূচকাংকও অতি চিন্তাজনক হৈ পৰিছে ।"

লগতে পঢ়ক:সাৱধান গুৱাহাটীবাসী ! বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে গুৱাহাটীত; নলবাৰী-নগাঁৱলৈয়ো অশনি সংকেত - AIR POLLUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.