এটা দুটা নহয়, একে নিশাই লকআপত সোমাল ২১ টা চোৰ - CACHAR POLICE
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-02-2025/640-480-23532427-thumbnail-16x9-cachar-02-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 13, 2025, 8:11 AM IST
শিলচৰ : কাছাৰৰ শিলচৰ চহৰত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান । চহৰৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ২১ টা চোৰক আটক কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ই-ৰিক্সা, সোণৰ অলংকাৰ, মোবাইল ফোন, এলইডি টিভিকে ধৰি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী ৷
কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই এই সন্দৰ্ভত কয়, "নিশা শিলচৰ চহৰৰ ৰাঙিখাৰি অঞ্চলত নিজ নিজ এলেকাক লৈ চোৰৰ এটা দলৰ গোপন বৈঠক চলি আছিল । সেই খবৰ আমি লাভ কৰাৰ পাছতে চোৰৰ এই বৈঠকস্থলীত অভিযান চলাও । চোৰৰ এই গোপন বৈঠকস্থলীৰ পৰা আৰক্ষীয়ে প্ৰথমে আটক কৰে ৫ টাকৈ চোৰক । ইয়াৰ পাছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত চহৰৰ খনৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই কেইবাজনো লোকক আটক কৰে ।"
আৰক্ষী অধীক্ষকে জনোৱা মতে আটক হোৱাৰ চোৰৰ সংখ্যা হৈছে ২১ টা । য'ত এগৰাকী নাবালকো আছে । সম্প্ৰতি চোৰকেইটাক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :পত্নী-কন্যাক হত্যা কৰি নিজকে শেষ কৰি পেলালে লোহিতে ! - GUWAHATI MURDER CASE