এজাক শিশুৰ সৈতে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ কেক কাটিলে অজন্তা নেওগে - ASSAM CMS 56TH BIRTHDAY
🎬 Watch Now: Feature Video
Published : Feb 1, 2025, 3:24 PM IST
গোলাঘাট: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন । এই উপলক্ষে গোলাঘাটৰ জ্যোতিৰ্ময় শিশু উদ্যানত কুশল কোঁৱৰ বাল্যভৱনৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিত্ত মন্ত্ৰী অজন্তা নেওগে কেক কাটি উদযাপন কৰে মুখ্যমন্ত্ৰীৰ জন্মদিন । কেকত লিখিলে Happy Birthday Mama । মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ লগত কেক কাটি পৰিৱেশন কৰে ওপজা দিনৰ গীত । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি এটি গছপুলিও ৰোপণ কৰে মন্ত্ৰী অজন্তা নেওগে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰা সময়ছোৱাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় জ্যোতিৰ্ময় শিশু উদ্যানত । তাৰ পাছতে মন্ত্ৰী অজন্তা নেওগে ফৰকাটিং লাচিত নগৰস্থিত প্ৰতিবন্ধী প্ৰতিষ্ঠানত উপস্থিত হৈ বিশেষভাৱে সক্ষম শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰে । মন্ত্ৰীগৰাকীয়ে কেক কাটি শিশুসকলক খুৱাই মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰে । ইয়াৰ উপৰিও সামাজিক মাধ্যমতো বহু অনুৰাগীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।