ETV Bharat / state

অভিভাৱকহীন হ'ল দেৰগাঁওবাসী: ১০৬ বছৰীয়া মুক্তিযুঁজাৰুক হেৰুৱাই শোকস্তব্ধ গোলাঘাটবাসী - GOLAGHAT FREEDOM FIGHTER DEATH

দেৰগাঁৱৰ বৰ্ষীয়ান মুক্তিযুঁজাৰু, অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ হাজৰিকাৰ ১০৬ বছৰ বয়সত মৃত্যু । বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

Freedom fighter Ganesh Hazarika died
মুক্তিযুঁজাৰু, অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ হাজৰিকাৰ ১০৬ বছৰ বয়সত মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 5:15 PM IST

গোলাঘাট : দেৰগাঁৱৰ বৰ্ষীয়ান মুক্তিযুঁজাৰু তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ জীৱনৰ বটবৃক্ষ স্বৰূপ গণেশ হাজৰিকাই শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ বিয়োগত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ দেৰগাঁও অঞ্চলত ।

আনহাতে, শনিবাৰে তেওঁৰ বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰি এইগৰাকী শতায়ু গৰকা সমাজহিতৈষীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ পাছত তেওঁৰ নিজা গাঁৱৰ নামঘৰ আফুৱাগাঁও নামঘৰ, বাপুজী মন্দিৰ, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি, দেৰগাঁও আঞ্চলিক সাৰ্বজনীন নামঘৰ আদিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । লগতে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হয় ।

মুক্তিযুঁজাৰু, অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ হাজৰিকাৰ ১০৬ বছৰ বয়সত মৃত্যু (ETV Bharat Assam)

এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেৰগাঁও সমজিলাৰ আয়ুক্ত দামোদৰ বৰ্মন, আৰক্ষী বিষয়া তথা দেৰগাঁৱৰ বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । তাৰ পাছত তেওঁৰ নিজ বাসগৃহতেই অন্তিম সংস্কাৰ কৰা হয় ।

প্ৰয়াত মুক্তিযুঁজাৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেৰগাঁও সমজিলাৰ আয়ুক্ত দামোদৰ বৰ্মনে কয়, "দেৰগাঁওবাসীৰ বাবে এটা শোকৰ দিন । কাৰণ ১০৬ বছৰীয়া মুক্তিযুঁজাৰু এগৰাকীক হেৰুৱালো । তেওঁ এনে এগৰাকী ব্যক্তি আছিল যিগৰাকীয়ে ১০৬ বছৰ বয়সতো চছমা ব্যৱহাৰ নকৰাকৈ বাতৰিকাকত পঢ়ে । দেৰগাঁওবাসীয়ে এজন অভিভাৱক হেৰুওৱা যেন লাগিছে ।"

Freedom fighter Ganesh Hazarika died
মুক্তিযুঁজাৰু, অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ হাজৰিকাৰ ১০৬ বছৰ বয়সত মৃত্যু (ETV Bharat Assam)

তেওঁ লগতে কয়, "তেখেত এজন ভাল শিক্ষক আছিল । এয়া অকল দেৰগাঁওবাসীৰ কাৰণে নহয়, সমগ্ৰ অসমৰ বাবে বহু ডাঙৰ ক্ষতি । এই মুহূৰ্তত আমাৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । আমাৰ আশা তেখেতে দি যোৱা আদৰ্শ দেৰগাঁওবাসীয়ে গ্ৰহণ কৰিব । তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জিলা আয়ুক্ত পুলক মহন্ত আহিব আৰু এই মৃত্যুৰ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিম ।"

আনহাতে, তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি স্থানীয় এগৰাকী ব্যক্তিয়ে কয়, "দেৰগাঁৱৰ কমাৰগাঁৱত জন্মগ্ৰহণ কৰা গণেশ হাজৰিকা ছাৰ মোৰ শিক্ষাগুৰু আছিল । তেখেত এগৰাকী কৃতী শিক্ষক আছিল, আমাক বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছিল । ইয়াৰ উপৰি তেখেতে মুক্তিযুঁজাৰু হিচাপে সমগ্ৰ অসমতে সন্মান লাভ কৰিছিল । আজি ১০৬ বছৰত তেখেতৰ মৃত্যু হৈছে । তেখেত আমাৰ বাবে গৌৰৱ । আজি দুখৰ দিন যদিও ১০৬ বছৰ বয়সত তেখেতক আমাৰ মাজৰ পৰা বিদায় দিম আৰু তেখেত য'তেই নাথাকক কিয় শান্তিৰে থাকক । লগতে তেখেতৰ আদৰ্শ নৱপ্ৰজন্মই গ্ৰহণ কৰক তাৰে কামনা কৰিছো ।"

লগতে পঢ়ক :৮৬ ফুট দৈৰ্ঘৰ জাপিৰে জিলিকিছে ভট্টদেৱ ক্ষেত্ৰ - ASSAM SAHITYA SABHA SESSION 2025
লগতে পঢ়ক :নিশা ১২ বজাত কেক কাটি জন্মবাৰ্ষিকী উদযাপন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - 56TH BIRTHDAY OF ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.