বৰপেটাৰ সূৰ্য ঘৰ ব্য়ৱহাৰকাৰীক দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ - PM SURYA GHAR YOJANA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 2:07 PM IST

বৰপেটা : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ জৰিয়তে আবেদনকাৰী পৰিয়ালসমূহক ৰাজসাহায্য আৰু বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰি সমগ্ৰ দেশতে ছাদৰ ওপৰত সৌৰশক্তি চালিত পেনেল স্থাপন কৰা হৈছে । এই আঁচনিৰ জৰিয়তে যিসকলে সেউজ শক্তি উৎপাদনত আগবাঢ়িছে তেওঁলোকে চৰকাৰৰ পৰা প্ৰশংসাও লাভ কৰিছে । উক্ত আঁচনিৰে উপকৃত হোৱা অসমৰ এগৰাকী ব্য়ক্তিয়ে এইবাৰ এক বিশেষ সুযোগ লাভ কৰিছে ।

এই আঁচনিখনৰ জৰিয়তে উপকৃত হৈছে বৰপেটাৰ গান্ধী নগৰ নিবাসী কল্যাণজিৎ দাস । সেয়েহে এইবাৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমন্ত্ৰণ লাভ কৰিছে । এই সন্দৰ্ভত কল্যাণজিৎ দাসে কয়, "এই অভিলাষী আঁচনিখনৰ দ্বাৰা যথেষ্ট উপকৃত হৈছো । বিদ্যুৎ বিলৰ ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হৈছো ।" তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিখনৰ পৰা ইমানেই উপকৃত হৈছে যে এতিয়া মাহিলী বিদ্যুৎ মাচুল সামান্য় পৰিমাণেহে ভৰিব লাগে ।

লগতে পঢ়ক:বিদ্যুৎ মাচুল নিদিয়াকৈ ঘৰতে বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব শক্তি ? -

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.