হায়দৰাবাদ : যিদৰে অস্কাৰ হৈছে চলচ্চিত্ৰৰ বাবে আটাইতকৈ ডাঙৰ বঁটা, গ্ৰেমী হৈছে সংগীত জগতৰ বাবে আটাইতকৈ ডাঙৰ বঁটা । ৬৭ সংখ্যক গ্ৰেমী বঁটা ২ ফেব্ৰুৱাৰীত লছ এঞ্জেলছত অনুষ্ঠিত হয় । ভাৰতীয়-আমেৰিকান গায়িকা চন্দ্ৰিকা টেণ্ডনক দক্ষিণ আফ্ৰিকাৰ ফ্লুটিষ্ট ৱাউটাৰ কেলাৰমেন আৰু জাপানী চেলিষ্ট ইৰু মাটছুমোটোৰ সৈতে ত্ৰিবেণী এলবামৰ বাবে গ্ৰেমী বঁটা প্ৰদান কৰা হৈছে । এইটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়, কিন্তু আপুনি জানেনে আৰু কোন কোন ভাৰতীয় সংগীতজ্ঞই এই সন্মানীয় বঁটা লাভ কৰিছে আৰু কিমানজন ভাৰতীয় শিল্পীক এই বঁটাৰে সন্মানিত কৰা হৈছে ?
গ্ৰেমী বিজয়ী প্ৰথম ভাৰতীয়
গ্ৰেমী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল পণ্ডিত ৰবি শংকৰ । পণ্ডিত ৰবি শংকৰ আছিল এজন বিখ্যাত সীতাৰবাদক আৰু সংগীতজ্ঞ । তেওঁ চাৰিবাৰ গ্ৰেমী বঁটা লাভ কৰে আৰু ২০১৩ চনত গ্ৰেমীৰ পৰা লাইফটাইম এচিভমেণ্ট বঁটাও লাভ কৰে ।
জাকিৰ হুছেইন
বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে দুবাৰকৈ গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৬৬ সংখ্যক গ্ৰেমী বঁটাত হুছেইনে লাভ কৰিছে তিনিটা গ্ৰেমী বঁটা । তেওঁ আমেৰিকান সংগীতজ্ঞ মিকি হাৰ্টৰ সৈতে বিশ্ব সংগীত চিডি প্লেনেট ড্ৰামত সহযোগিতা কৰিছিল, যাক গ্ৰেমীৰ বাবে মনোনীত কৰা হৈছিল ।
গুলজাৰ
উৰ্দু কবি, গীতিকাৰ, লেখক গুলজাৰে ২০১০ চনত গ্ৰেমী বঁটা লাভ কৰিছিল । শ্লামড'গ মিলিয়নাৰত জয় হো গীতটোৰ বাবে তেওঁক শ্ৰেষ্ঠ গীত লেখকৰ এই বঁটা প্ৰদান কৰা হৈছিল ।
এ আৰ ৰহমান
কণ্ঠ আৰু ৰচনাৰে সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীসকলক মোহিত কৰা এ আৰ ৰহমানক দুবাৰকৈ গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছে । তেওঁ জনপ্ৰিয় গীত জয় হোৰ বাবে এই বঁটা লাভ কৰিছিল ।
বিশ্ব মোহন ভাট
পণ্ডিত ৰবি শংকৰৰ অন্যতম শিষ্য বিশ্ব মোহন ভাটে ১৯৯৩ চনত গ্ৰেমী বঁটা লাভ কৰিছিল । ৰাই কুডাৰৰ সৈতে এ মিটিং বাই দ্য ৰিভাৰ এলবামৰ বাবে তেওঁক এই সন্মান দিয়া হৈছিল ।
ৰিকি কেজ
২০১৫ চনত উইণ্ডছ অৱ চামছাৰা আৰু ২০২২ চনত ডিভাইন টাইড নামৰ এলবামৰ বাবে ৰিকি কেজে গ্ৰেমী বঁটা লাভ কৰিছিল ।
জুবিন মেহতা
সংগীতজ্ঞ জুবিন মেহতাক ২৩ বাৰ গ্ৰেমীৰ বাবে মনোনীত কৰা হৈছে, যাৰ ভিতৰত তেওঁ ৫ বাৰ এই সন্মানীয় বঁটা লাভ কৰিছে ।
টি এইচ বিনায়কৰম
টি.এইচ. বিনায়কৰাম দক্ষিণৰ এজন প্ৰখ্যাত সংগীতজ্ঞ আৰু জাকিৰ হুছেইনৰ সৈতে তেওঁৰ যুগলবন্দীৰ বাবে এই বঁটাৰে সন্মানিত হৈছে ।
ফাল্গুনী শ্বাহ
গ্ৰেমী জয় কৰা ভাৰতীয় সংগীতজ্ঞসকলৰ তালিকাত ফাল্গুনী শ্বাহৰ নামও অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ ২০২২ চনত চাইল্ড এলবাম শাখাত এ কালাৰফুল ৱৰ্ল্ডৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছিল ।
নীলা বাসৱানী
নীলা বাসৱানীয়ে নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইৰ আত্মজীৱনী আই এম মালালাৰ অডিঅ’বুকৰ বাবে গ্ৰেমী বঁটা লাভ কৰে । ইয়াৰ লগে লগে তেওঁ গ্ৰেমী বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ।
লগতে পঢ়ক : গ্ৰেমী ২০২৫ বঁটা লাভ কৰা চন্দ্ৰিকা টেণ্ডন কোন জানেনে ?