ETV Bharat / state

শংকৰ সংঘৰ যোৰহাট অধিৱেশন; দুচকুত আৱেগৰ ধল বোৱাই বিদায় মাগিলে সেৱা বাহিনীয়ে - SANKARDEV SANGHA JORHAT SESSION

কান্দি কান্দি অধিৱেশনৰ বাকৰিৰ পৰা বিদায় ল'লে কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক-সেৱিকাই । সকলোৰে চকুত মাথোঁ চকুলো ।

Sankardev Sangha Jorhat session
সেৱা বাহিনীৰ সদস্যৰ বিদায় মুহূৰ্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 3:58 PM IST

সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, যোৰহাট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে অন্তিম দিন । যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৬ ফেব্ৰুৱাৰী পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন ।

অন্তিমদিনা এৰালতলি পথাৰৰ পৰা ঘৰ অভিমুখে যাত্ৰা ভকত-বৈষ্ণৱ তথা সেৱক-সেৱিকাৰ । ইফালে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এৰাৰ সময়ত সকলোৰে চকুত আৱেগৰ চকুলো । ইজনে সিজনৰ পৰা বিদায়ৰ মুহূৰ্তত কান্দি কান্দি বিদায় দিয়া দৃশ্যই সকলোৰে হৃদয় সেমেকাই তুলিছে ।

শংকৰ সংঘৰ যোৰহাট অধিৱেশন (ETV Bharat Assam)

ইয়াৰ মাজতে কেন্দ্ৰীয় সেৱা বাহিনীৰ ১০ হাজাৰ সেৱক-সেৱিকাই ঘৰমুৱা হোৱা ছবিখনে সকলোকে আৱেগিক কৰি তুলিছে । কাৰণ শংকৰদেৱ সংঘৰ অভিন্ন অংগ হৈছে কেন্দ্ৰীয় সেৱা বাহিনী ।

আজিৰ প্ৰজন্মই ধৰ্মীয় সংস্কৃতি ধৰি ৰাখিব নাজানে

আনহাতে, নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা উচ্চ শিক্ষিত এগৰাকী সেৱিকাই কয়, "অধিৱেশনস্থলীত আমাক ধুনীয়াকৈ থাকিবলৈ দিছে । বহু নিয়মানুৱৰ্তিতা আৰু বহু সা-সুবিধাৰে আমাক থাকিবলৈ দিছে । আমি সেৱা বাহিনীৰ শিবিৰত আনন্দ-স্ফূৰ্তি কৰিলোঁ । ধৰ্ম-বৰ্ণ নিৰ্বিশেষে থকা সকলোৰে লগত চিনাকি হ'লোঁ । কৃষ্টি-সংস্কৃতি আদান-প্ৰদান কৰিলোঁ । বিদায় বেলাত আমাৰ দুখ লাগিছে । আমাক বিদায় দি তেওঁলোকেও কান্দিছে । এয়া বুজাব নোৱৰা অনুভূতি । ইয়াত যি ধৰ্মীয় চৰ্চা হয় সেয়াই মন-মগজুক মুগ্ধ কৰে । সেয়া বাহিৰত পোৱা নাযায় ।"

Sankardev Sangha Jorhat session
সেৱা বাহিনীৰ সদস্যৰ বিদায় মুহূৰ্ত (ETV Bharat Assam)

তেওঁ লগতে কয়, "গুৰুজনা অবিহনে অসমীয়া জাতি আধৰুৱা । আজিকালিৰ প্ৰজন্মই আমাৰ ধৰ্মীয় সংস্কৃতি ধৰি ৰাখিব নাজানে । আজিৰ প্ৰজন্ম ডি জে আদিকে ধৰি আধুনিক সংস্কৃতিৰ লগত জড়িত । সদায় ধৰ্মীয় পৰিবেশ জানিব আৰু বুজিব লাগিব । মোৰ বহুত ভাল লাগিল । কাৰণ নৰাত আমি একেলগে শুলোঁ । ইয়াত ঠাণ্ডা অনুভৱ হৈছে নে গৰম অনুভৱ হৈছে । এক ভাললগা পৰিবেশ । ঘৰত থাকিলে সেই পৰিবেশ পোৱা নাযায় । আজিকালিৰ প্ৰজন্ম আধুনিক হ'বলৈ গৈ থাকে ।"

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম ঘটে । ফলত সমন্বয়ৰ এক বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ।

লগতে পঢ়ক :বাৰেৰহণীয়া শোভাযাত্রাৰে উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARADEV SANGHA JORHAT SESSION
লগতে পঢ়ক :বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থ বিপণিত বিৰ দি বাট নোপোৱা অৱস্থা - SANKARADEVA SANGHA JORHAT SESSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.