বাইহাটা: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈছে এক বিশেষ উৎসৱ । যি উৎসৱ ভৰি পৰিছে থোকে থোকে কলেৰে । কলক লৈ এক বিশেষ ধৰ্ম বিশ্বাস থকাৰ বাবেই আয়োজন কৰা হয় এই উৎসৱটিৰ । এথোক, দুথোক নহয় শ শ পকা কলৰ থোকে শোভাবৰ্ধন কৰা উত্তৰ গুৱাহাটীত প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় এই বিশেষ উৎসৱটিৰ ।
উৎসৱস্থলীৰ কেউফালে কেৱল দেখা যায় থোকে থোকে পকা কল । এনেকুৱা লাগে যেন, পকা কলৰ থোকেৰে মালা গাঁঠি থোৱা হৈছে উৎসৱস্থলীত । কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰস্থিত গোপাল থানৰ গোপাল উৎসৱৰ পৰিৱেশ দেখিলে হয়তো সকলো হৈ পৰিব অভিভূত ।
উল্লেখযোগ্য যে গোপাল উৎসৱ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই এনেদৰে আগবঢ়াই শ শ পকা কলৰ থোক । জনবিশ্বাস মতে গোপাল থানৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ সকলো ধৰণৰ মনোকামনা পূৰ্ণ হয় আৰু এই পকা কল ভক্তই নিজে ইচ্ছা অনুসৰি প্ৰসাদৰ দৰে গ্ৰহণো কৰিব পাৰে ।
তাৰ বাবে কোনেও বাধা নিদিয়ে ভক্তসকলক । এতিয়া কলৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে । এইবেলিও তিনিদিনীয়াকৈ আৰম্ভ হৈছে এই গোপাল উৎসৱ ।
এই উৎসৱ সন্দৰ্ভত উদ্যোক্তাসকলৰ এজনে কয়, "উত্তৰ গুৱাহাটী মধুপুৰস্থিত গোপাল থানৰ বাৰ্ষিক উৎসৱ আৰম্ভ হৈছে । এই উৎসৱত প্ৰসাদ হিচাপে কল আগবঢ়োৱা হয় আৰু সেই প্ৰসাদ ভক্তসকলে নিজেও চিঙি খাব পাৰে । যাৰ ফলত তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি এক বিশ্বাস আছে ।"